পথ দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী পৱনদ্বীপ ৰাজন, ভাঙিল দুভৰি, মূৰতো পাইছে আঘাত

৪ মে’ত পৱনদ্বীপে বন্ধু অজয় ​​মেহৰাৰ সৈতে ঘৰৰ পৰা নয়ডালৈ গৈ আছিল । এই সময়ছোৱাত তেওঁৰ গাড়ীখন চালক ৰাহুল সিঙে চলাই আছিল । নিশা প্ৰায় ২.৩০ বজাত তেওঁৰ গাড়ীখন গজৰৌলা থানা এলেকাৰ চৌপালা ক্ৰছিং অভাৰব্ৰীজৰ পৰা নামি অহাৰ লগে লগে ঘাইপথৰ কাষত ৰখাই থোৱা এখন বাহনত খুন্দা মাৰে পৱনদ্বীপৰ বাহনখনে ।

পথ দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী পৱনদ্বীপ ৰাজন, ভাঙিল দুভৰি, মূৰতো পাইছে আঘাত

পৱনদ্বীপ ৰাজন

Published: 

05 May 2025 16:04 PM

এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে জনপ্ৰিয় টিভি শ্ব’ ইণ্ডিয়ান আইডল ১২ৰ বিজয়ী কণ্ঠশিল্পী পৱনদীপ ৰাজন । উত্তৰাখণ্ডৰ পৰা নয়ডালৈ গৈ থকা অৱস্থাত তেওঁৰ গাড়ীখনে গজৰৌলাত ঘাইপথৰ কাষত ৰখাই থোৱা আন এখন বাহনত পিছফালৰ পৰা খুন্দা মাৰে । এই দুৰ্ঘটনাত তেওঁৰ সৈতে থকা অজয় ​​মেহৰা আৰু চালক ৰাহুল সিঙো আহত হয় । আৰক্ষীয়ে তিনিওজনকে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে । কণ্ঠশিল্পীগৰাকীৰ অৱস্থা পূৰ্বৰ তুলনাত সুস্থিৰ বুলি জানিব পৰা গৈছে ।

৪ মে’ত পৱনদ্বীপে বন্ধু অজয় ​​মেহৰাৰ সৈতে ঘৰৰ পৰা নয়ডালৈ গৈ আছিল । এই সময়ছোৱাত তেওঁৰ গাড়ীখন চালক ৰাহুল সিঙে চলাই আছিল । নিশা প্ৰায় ২.৩০ বজাত তেওঁৰ গাড়ীখন গজৰৌলা থানা এলেকাৰ চৌপালা ক্ৰছিং অভাৰব্ৰীজৰ পৰা নামি অহাৰ লগে লগে ঘাইপথৰ কাষত ৰখাই থোৱা এখন বাহনত খুন্দা মাৰে পৱনদ্বীপৰ বাহনখনে । চালক ৰাহুল সিঙৰ টোপনি অহাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত পৱনদীপ, তেওঁৰ বন্ধু অজয় ​​মেহৰা আৰু চালক ৰাহুল সিং গুৰুতৰভাৱে আহত হয় ।

আই চি ইউত ভৰ্তি
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ লোকৰ সমাগম হয় । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক গাড়ীৰ পৰা উলিয়াই আনি চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰে । ক্ষতিগ্ৰস্ত দুয়োখন বাহন আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে । চিকিৎসকে তিনিওজনকে মোৰাদাবাদলৈ প্ৰেৰণ কৰে । তিনিওজনৰ অৱস্থা সংকটজনক দেখি আৰক্ষীয়ে তেওঁলোকক দিদৌলীৰ ঘাইপথৰ সমীপত অৱস্থিত এখন ব্যক্তিগত চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰে । দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে কণ্ঠশিল্পীগৰাকীৰ পৰিয়াল চিকিৎসালয়ত উপস্থিত হয় । সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি পৱনদ্বীপ ৰাজন এতিয়া বিপদৰ পৰা মুক্ত ।

দুয়োখন ভৰিত আঘাত
প্ৰাথমিক চিকিৎসাৰ অন্তত তিনিওজনকে উন্নত চিকিৎসাৰ বাবে নয়ডালৈ লৈ যোৱা হয় । চিকিৎসকৰ মতে, পৱনদ্বীপৰ দুয়োখন ভৰি ভাঙি যোৱাৰ লগতে তেওঁ মূৰতো আঘাত পাইছে । অভিযোগৰ ভিত্তিত বিষয়টোত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি চি অ’ শ্বেতাভ ভাস্কৰে জানিবলৈ দিয়ে । গাড়ী চালকজন টোপনি যোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি কোৱা হৈছে । উত্তৰাখণ্ডৰ চম্পাৱতৰ বাসিন্দা সুৰেশ ৰাজনৰ পুত্ৰ পৱনদ্বীপ ভাৰতীয় সংগীতকৰ ৰিয়েলিটি টিভি শ্ব’ ইণ্ডিয়ান আইডল ১২ৰ বিজয়ী ।

পানীত উতলাই খাওক কেইখিলামান তুলসীৰ পাত, লাভ কৰিব এনে চমৎকাৰী ফল
কেইখিলামান পদূনা পাত গ্ৰীষ্মকালত আপোনাৰ দেহৰ বাবে হ’ব সঞ্জীৱনি সদৃশ, এনে উপকাৰিতাৰ বিষয়ে জানেনে?
লিভাৰৰ সমস্যা হ'লে আপোনাৰ ছালত কেনেধৰণৰ লক্ষণে দেখা দিব ? জানক
মানি প্লাণ্টৰ বাবে পানী নে মাটি বেছি ভাল ? ক'ত ৰখা উচিত ?