ভাৰত-পাকিস্তান সংঘাতৰ প্ৰভাৱঃ বলীউডত আৰু দেখা নাযাব এনে কাহিনী তথা দৃশ্য….

যশ ৰাজ ফিল্মছৰ স্পাই ইউনিভাৰ্ছে ব্যাপকভাৱে জয় কৰি আহিছে দৰ্শকৰ হৃদয়। ইয়াৰ একচন আৰু কাহিনীয়ে অনুৰাগীক মোহিত কৰা দেখা গৈছে। কিন্তু এইবাৰ ভাৰত-পাকিস্তানৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত প্ৰশ্ন উত্থাপন হৈছে ছবিৰ চিত্ৰনাট্য সন্দৰ্ভত। সূত্ৰ অনুসৰি, এই নতুন ছবিসমূহৰ কাহিনীভাগ কোনো কাৰণতে পাকিস্তানক কেন্দ্ৰিক হ'ব নোৱাৰিব।

ভাৰত-পাকিস্তান সংঘাতৰ প্ৰভাৱঃ বলীউডত আৰু দেখা নাযাব এনে কাহিনী তথা দৃশ্য....

বলীউডৰ পৰা বাদ পৰিব এক বিশেষ কাহিনী

monjit-dutta
Published: 

15 May 2025 21:14 PM

যশ ৰাজ ফিল্মছৰ স্পাই ইউনিভাৰ্ছে ব্যাপকভাৱে জয় কৰি আহিছে দৰ্শকৰ হৃদয়। ইয়াৰ একচন আৰু কাহিনীয়ে অনুৰাগীক মোহিত কৰা দেখা গৈছে। ‘পাঠান’, ‘টাইগাৰ’ আৰু ‘ৱাৰ’ ছিৰিজৰ ছবিসমূহে ভাৰতীয় বক্স অফিচত বিপুল সফলতা লাভ কৰিছে। ‘ৱাৰ ২’, ‘আলফা’ আৰু ‘পাঠান ২’ শীঘ্ৰে মুক্তিৰ বাবে সাজু হৈছে, আৰু ইতিমধ্যে দৰ্শকৰ মাজত উতকণ্ঠাও বৃদ্ধি পাইছে এই ছবি কেইখনকলৈ। কিন্তু এইবাৰ ভাৰত-পাকিস্তানৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত প্ৰশ্ন উত্থাপন হৈছে ছবিৰ চিত্ৰনাট্য সন্দৰ্ভত। সূত্ৰ অনুসৰি, এই নতুন ছবিসমূহৰ কাহিনীভাগ কোনো কাৰণতে পাকিস্তানক কেন্দ্ৰিক হ’ব নোৱাৰিব।

অৰ্থাৎ এইবাৰ এনে ছবিৰ কাহিনী আৰু ভাৰত-পাকিস্তানৰ সংঘাতক কেন্দ্ৰ কৰি ৰচিত নহ’ব। পহলগাম আক্ৰমণৰ পিছতে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পায়। এই পৰিস্থিতিয়ে বলীউডকো প্ৰভাৱিত কৰিছে। ইয়াৰ পূৰ্বে কেইবাখনো ছবিত ভাৰত আৰু পাকিস্তানে একেলগে তৃতীয় শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়াৰ কাহিনী প্ৰদৰ্শিত হৈছিল। কিন্তু এতিয়া শুনা গৈছে যে যশ ৰাজ ফিল্মছ সেই ধাৰাটোৰ পৰা আঁতৰি যাব।

ভাৰতক বচাবলৈ ভাৰতীয় বীৰ আৰু পাকিস্তানী সন্ত্ৰাসবাদীৰ মাজৰ যুদ্ধৰ কাহিনী পুৰণি হৈ যোৱা বুলি দৰ্শকৰ এটা অংশই দীৰ্ঘদিন ধৰি অভিযোগ কৰি আহিছিল। আনকি কিছুমান ছবিত ভাৰতীয় চোৰাংচোৱাই পাকিস্তানী নেতাৰ জীৱন ৰক্ষা কৰা দেখা যায়, এই দিশটোও বহু দৰ্শকে ভাল পোৱা নাছিল। উদাহৰণস্বৰূপে, ‘টাইগাৰ ৩’ আৰু ‘যোদ্ধা’ নামৰ দুয়োখন ছবিয়ে বক্স অফিচত আশানুৰূপ প্ৰদৰ্শন কৰিব নোৱাৰিলে।

গতিকে এইবাৰ ‘War 2’, ‘আলফা’ আৰু ‘পাঠান 2’ৰ কাহিনী সম্পূৰ্ণ নতুন, য’ত শত্ৰু আন দেশৰ পৰা আহিব পাৰে, বা ভাৰতৰ ভিতৰত ভাবুকি সৃষ্টি হ’ব পাৰে। সমালোচকৰ মতে এই সিদ্ধান্তই দৰ্শকক থ্ৰিলাৰৰ এক সুকীয়া সোৱাদ দিয়াই নহয়, একেটা কাহিনীৰ পুনৰাবৃত্তিৰ পৰা বলীউডকো মুক্ত কৰিব। এতিয়া লক্ষণীয় হ’ব ভাৰতীয় স্পাই ইউনিভাৰ্ছৰ এই নতুন পৰিৱৰ্তনে দৰ্শকৰ মনত কিমান প্ৰভাৱ পেলাব!

কিডনী ষ্টোনৰ সৈতে যুঁজি আছে নেকি ? কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ? ঘৰুৱা উপায় জানক
কোষ্ঠকাঠিন্যৰ পৰা বমি বন্ধ কৰালৈকে, নহৰু খালে এইবোৰ সমস্যাৰ পৰা পাব উপশম...
ঘৰৰ এইসমূহ স্থানত নাৰাখিব পূৰ্বপুৰুষৰ ফটো! হ'ব অমংগল...
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ! সাৱধান হৈ থাকিব এই ৰাশিৰ লোক...