যুৱকজনে হঠাতে সাৱতি ধৰি খালে চুমা, চৰ্চাত হুমা কুৰেশ্বীৰ এই ভিডিঅ’!

শেহতীয়াকৈ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী, সংগীত পৰিচালক তথা অভিনেতা হিমেশ ৰেশমিয়াই মুম্বাইত এক কনচাৰ্ট অনুষ্ঠান পৰিৱেশন কৰে। হুমা কুৰেশ্বীয়েও সেই কনচাৰ্ট চাবলৈ আহিছিল। তাৰ পৰাই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিঅ’।

যুৱকজনে হঠাতে সাৱতি ধৰি খালে চুমা, চৰ্চাত হুমা কুৰেশ্বীৰ এই ভিডিঅ!
Published: 

18 Nov 2025 | 03:45 PM

বলীউডৰ অভিনেত্ৰী হুমা কুৰেশ্বী আৰু কাষ্টিং ডাইৰেক্টৰ ৰচিত সিঙৰ প্ৰেম কাহিনী বহুদিনৰ পৰাই বাতৰিৰ শিৰোনামত। আনকি অতি সোনকালে হুম আৰু ৰচিতৰ বিয়া হ’ব বুলিও চৰ্চা চলিছে। অৱশ্যে এই বাতৰিক লৈ হুম বা ৰচিত এই বিষয়ে কোনো কথা কোৱা নাই। ইয়াৰ বিপৰীতে বাৰে বাৰে বিষয়টো এৰাই চলিছে। কিন্তু এইবাৰ তেওঁলোকে আৰু লুকুৱাব নোৱাৰিলে। বৰঞ্চ তেওঁলোকৰ প্ৰেম কাহিনী কেমেৰাৰ সন্মুখত স্পষ্ট হৈ পৰিল।

শেহতীয়াকৈ বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী, সংগীত পৰিচালক তথা অভিনেতা হিমেশ ৰেশমিয়াই মুম্বাইত এক কনচাৰ্ট অনুষ্ঠিত কৰিছিল। হুমা কুৰেশ্বীয়ে তেওঁৰ প্ৰেমিক ৰচিতৰ সৈতে কনচাৰ্ট চাবলৈ গৈছিল। তাৰ পৰা এটি ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত।

সেই ভিডিঅ’টোত কি আছিল?

হিমেশ ৰেশমিয়া কনচাৰ্টৰ ডাঙৰ পৰ্দাৰত ধৰা পৰে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক। কনচাৰ্টৰ মাজতে কেমেৰাত হঠাৎ দেখা গ’ল হুমe আৰু ৰচিতক। আৰু তেওঁলোক একো ধৰিব নোৱাৰিলে। ৰচিতে পিছফালৰ পৰা হুমাক সাৱটি ধৰি গালত এটি মিঠা চুম্বন কৰে। সেই ভিডিঅ’টোৱে এতিয়া ছ’চিয়েল মিডিয়াক ধুমুহাৰ ৰূপ লৈছে।

ৰচিতৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কটো বৰ্তমান ৰাজহুৱা কৰিবলৈ অনিচ্ছুক হুমা। সেইটোও ভাইৰেল ভিডিঅ’টোত নেটিজেনসকলে লক্ষ্য কৰিছিল। ডাঙৰ পৰ্দাত নিজকে দেখি হুমাই নিজকে অলপ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিলে কিন্তু ৰচিত হৈছে বলীয়া প্ৰেমিক, তেওঁ হুমাক সাৱটি ধৰিয়েই থিয় হৈ থাকিল।

বৰ্তমান ‘দিল্লী ক্ৰাইম ৩’ আৰু ‘মহাৰাণী ৪’ ছিৰিজত দেখা গৈছে হুমা কুৰেশ্বী। আনহাতে, ৰচিত সিঙে বলীউডত কাষ্টিং ডাইৰেক্টৰৰ লগতে অভিনয় প্ৰশিক্ষক হিচাপেও কাম কৰি হিন্দী ছবি জগতৰ কেইবাজনো অভিনেতাৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...