কেনে আছে বলীউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী ৰূপালী?

গুৱাহাটীৰ গীতনগৰ থানা এলেকাৰ ‘দ্য গুৱাহাটী এডৰেচ’ হোটেলৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা। আশীষ আৰু ৰূপালীয়ে ৰাস্তা পাৰ হৈ গৈ থকা অৱস্থাত আহি থকা এখন তীব্ৰবেগী বাইকে নিয়ন্ত্ৰণ হেৰুৱাই মুখামুখিকৈ ​​খুন্দা মাৰে।

কেনে আছে বলীউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী ৰূপালী?
Published: 

04 Jan 2026 | 03:22 PM

শুকুৰবাৰে নিশা গুৱাহাটীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় জনপ্ৰিয় অভিনেতা আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী ৰূপালী বৰুৱাৰ। ৰাতিৰ আহাৰ গ্ৰহণ কৰি পথ পাৰ হৈ গৈ থকা অৱস্থাত এখন তীব্ৰবেগী মটৰ চাইকেলে খুন্দা মাৰে। এই ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰে। অৱশ্যে অভিনেতাগৰাকীয়ে আশ্বাস দিয়ে যে দুয়োজনেই এতিয়া বিপদৰ পৰা মুক্ত।

গুৱাহাটীৰ গীতানগৰ থানা এলেকাৰ ‘দ্য গুৱাহাটী এডৰেচ’ হোটেলৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা। আশীষ আৰু ৰূপালীয়ে পথ পাৰ হৈ গৈ থকা অৱস্থাত আহি থকা এখন তীব্ৰবেগী বাইকে নিয়ন্ত্ৰণ হেৰুৱাই পোনে পোনে খুন্দা মাৰে। ফলত অভিনেতাগৰাকী আৰু তেওঁৰ পত্নীৰ লগতে বাইক আৰোহীজনো আহত হয়। স্থানীয় ৰাইজে লগে লগে আৰক্ষীক খবৰ দিয়ে, আৰু গীতানগৰ আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তেওঁলোকক উদ্ধাৰ কৰে। বাইক আৰোহীজনক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকীয়ে শনিবাৰে চিকিৎসালয়ৰ পৰা ইনষ্টাগ্ৰাম লাইভত পৰিস্থিতিৰ ঠিক আছে বুলি জনায়। তেওঁ কয়, “বিভিন্ন স্থানত বিভিন্ন খবৰ প্ৰচাৰ হৈ আছে, গতিকে মই নিজেই সঁচা কথা ক’ও কি হৈছিল। কালি আমি ৰাস্তা পাৰ হৈ যোৱাৰ সময়ত এখন বাইকে খুন্দা মাৰিলে। মই সম্পূৰ্ণ ভালেই আছো, কথা ক’ব পাৰো আৰু খোজ কাঢ়িব পাৰো। মাত্ৰ সামান্য আঘাতহে হৈছে। অৱশ্যে ৰূপালীক চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে।”

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...