অভিষেক বচ্চনৰ সৈতে বিবাহ বিচ্ছেদ, অৱশেষত স্পষ্ট কৰি দিলে ঐশ্বৰ্যই!

প্ৰথমে পাপাৰাজীক লৈ কৰা মন্তব্যৰ বাবে জয়াক বৰ্জনৰ কথা চলিছিল। এতিয়া বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনৰ আন এক খবৰ আহিছে। বৰ্তমান ঐশ্বৰ্যই নিজৰ কেৰিয়াৰ আৰু বিবাহৰ কথা কোৱাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে।

অভিষেক বচ্চনৰ সৈতে বিবাহ বিচ্ছেদ, অৱশেষত স্পষ্ট কৰি দিলে ঐশ্বৰ্যই!
Updated On: 

07 Dec 2025 | 12:55 PM

পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে বলীউডৰ বচ্চন পৰিয়ালে। প্ৰথমে পাপাৰাজীক লৈ কৰা মন্তব্যৰ বাবে জয়াক বৰ্জন কৰাৰ চৰ্চা, আৰু এতিয়া বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনৰ খবৰ। বৰ্তমান ঐশ্বৰ্যই নিজৰ কেৰিয়াৰ আৰু বিবাহৰ কথা কোৱাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে।

শেহতীয়াকৈ হলিউড ৰিপ’ৰ্টাৰ ইণ্ডিয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ঐশ্বৰ্যক সোধা হৈছিল, ছবিৰ অভাৱত তেওঁ নিৰাপত্তাহীনতাত ভুগিছে ​​নেকি? এই প্ৰশ্নৰ স্পষ্ট উত্তৰ ঐশ্বৰ্যৰ আছিল, অভিনেত্ৰীগৰাকীয়ে কয়, “মই মোৰ কেৰিয়াৰৰ আৰম্ভণিতে নিৰাপত্তাহীনতাত ভুগিছিলো। এতিয়া নহয়।”

ঐশ্বৰ্যই কয়, “জীৱনত কি গুৰুত্বপূৰ্ণ সেই বিষয়ে মই সদায় বহুত স্পষ্টকৈয়ে কৈছিলো। বিয়াৰ আগতে মই মোৰ কেৰিয়াৰক অধিক অগ্ৰাধিকাৰ দিছিলো। বিয়াৰ পিছত মই পৰিয়ালক অধিক গুৰুত্ব দিলো। মোৰ বাবে এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল মোৰ ছোৱালী আৰাধ্যাক সময় দিয়া। তাৰ পিছত, মোৰ স্বামী অভিষেকৰ সৈতে সময় কটোৱা। গতিকে, মই আন কোনো কামত নিৰাপত্তাহীনতাত ভুগিব লগা নাই। মই বিকল্প বাছি লৈছো।”

এই উত্তৰেৰে ঐশ্বৰ্যই অভিষেকৰ সৈতে থকা সম্পৰ্কৰ বিষয়েও সকলোকে বুজাই দিয়ে। ইয়াৰ পূৰ্বে  অভিষেক বচ্চনৰ পৰিয়ালে স্পষ্ট কৰি দিছিল যে বিবাহ বিচ্ছেদৰ খবৰটো সম্পূৰ্ণ মিছা।

ঐশ্বৰ্য ৰায় বচ্চনে ২০০৭ চনত অভিষেকৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তাৰ পূৰ্বে বহু বছৰ ধৰি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল। ঐশ্বৰ্যই ২০১১ চনত আৰাধ্যা নামৰ কন্যা সন্তান জন্ম দিয়ে। কিন্তু যোৱা দুবছৰ ধৰি অভিষেক আৰু ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদ হোৱাৰ খবৰে যথেষ্ঠ চৰ্চা লাভ কৰিছিল।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...