প্ৰিয় পুৰুষক হেৰুৱাই কেনে আছে হেমা? থাকি গ’ল কেতিয়াও পূৰ নোহোৱা আশা…

প্ৰিয় পুৰুষ ধৰ্মেন্দ্ৰক হেৰুৱাই এতিয়া ভাগি পৰিছে হেমা মালিনী। সামাজিক মাধ্যমত হেমাই লিখে যে, তেওঁ এতিয়া যি শূণ্যতা অনুভৱ কৰিছে সেয়া গোটেই জীৱন থাকিব। ইয়াৰোপৰি হেমাৰ আছে এক বিশেষ আক্ষেপ।

প্ৰিয় পুৰুষক হেৰুৱাই কেনে আছে হেমা? থাকি গল কেতিয়াও পূৰ নোহোৱা আশা...

হেমা মালিনী

Updated On: 

02 Dec 2025 | 12:29 PM

প্ৰিয় পুৰুষক হেৰুৱাই কেনে আছে হেমা মালিনী? বলীউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰৰ মৃত্যুক লৈ এতিয়াও নিমাত আছে দেউল পৰিয়াল। ধৰ্মেন্দ্ৰৰ দ্বিতীয় পত্নী হেমা মালিনীয়েও প্ৰথম অৱস্থাত ধৰ্মেন্দ্ৰৰ শাৰীৰিক অৱস্থা আৰু মৃত্যু সন্দৰ্ভত কোনো মত প্ৰকাশ কৰা নাছিল। কিন্তু প্ৰিয় পুৰুষক হেৰুৱাই তেওঁ যেন ভিতৰৰ পৰা ভাগি পৰিছে। সেই কথা যেন হেমাৰ চকু আৰু মুখত স্পষ্ট হৈ পৰিছে।  ২৪ নৱেম্বৰত ইহলীলা সম্বৰণ কৰিছিল ধৰ্মেন্দ্ৰই। চুপাৰষ্টাৰগৰাকীৰ মৃত্যুক কেৱল আত্মীয়ই নহয়, তেওঁৰ অনুৰাগীসকলো দুখিত হৈ পৰিছিল। বিভিন্নজনে সামাজিক মাধ্যমত ধৰ্মেন্দ্ৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল।

ধৰ্মেন্দ্ৰৰ মৃত্যুৰ পাছতে হেমাই সামাজিক মাধ্যমত কিছুমান বিশেষ মন্তব্য কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে হেমাই প্ৰিয় পুৰুষগৰাকীৰ প্ৰতি থকা প্ৰেমৰ কথা কয়। ধৰ্মেন্দ্ৰ আছিল হেমাৰ বিশ্বাস, কিন্তু সেই বিশ্বাসে এতিয়া তেওঁ হেৰুৱাই পেলালে। হেমাই ধৰ্মেন্দ্ৰক হেৰুওৱাৰ কথা এতিয়ালৈকে যেন মানি ল’ব পৰা নাই।

শেহতীয়াকৈ পৰিচালক হামাদ আল ৰায়ামীয়ে হেমাক লগ কৰিব গৈছিল। হেমাক লগ পোৱাৰ পিছত পৰিচালকজনে কয় যে, “হেমা একেবাৰে ঠিক অৱস্থাত নাই। তেওঁ সম্পূৰ্ণৰূপে ভাঙি পৰিছে। গোটেই দিনটো তেওঁ কেৱল ধৰ্মেন্দ্ৰৰ স্মৃতি আঁকোৱালি লৈ থাকে। কেৱল কান্দিছে। বাৰে বাৰে কৈছে ধৰ্মেন্দ্ৰৰ লগত মুহূৰ্তবোৰ তেওঁ আকৌ উভতাই পাব বিচাৰে”।

পৰিচালক হামদাইয়ে কয় যে, “অভিনয়ৰ উপৰিও ধৰ্মেন্দ্ৰ এজন অতি ভাল কবি আছিল। তেওঁৰ এখন ডায়েৰী আছিল, য’ত তেওঁ কবিতা লিখিছিল। হেমাই সেই কবিতাবোৰ কিতাপ হিচাপে প্ৰকাশ কৰিব বিচাৰিছিল। কিন্তু ধৰ্মেন্দ্ৰই প্ৰকাশ কৰিবলৈ দিয়া নাছিল। ইয়াৰ বিপৰীতে তেওঁ কৈছিল যে এতিয়াও বহুত লিখিবলগীয়া আছে। এতিয়াই শেষ কৰাটো সম্ভৱ নহয়। পিছে কবিতাসমূহ লিখি  শেষ কৰাৰ আগতেই ধৰ্মেন্দ্ৰই জীৱন নাট সামৰিলে, আৰু এয়াই হেমা মালিনীৰ আটাইতকৈ ডাঙৰ আক্ষেপ”।

হেমা গোটেই জীৱন ধৰ্মেন্দ্ৰৰ দ্বিতীয় পত্নী হৈয়েই থাকিল। সমাজ, নীতি-নিয়ম অৱজ্ঞা কৰি তেওঁ ধৰ্মেন্দ্ৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। বিয়াৰ বহু বছৰ পাৰ হৈ গ’ল। কিন্তু দুয়োৰ মাজত প্ৰেম কমি যোৱা নাছিল। এতিয়া ধৰ্মেন্দ্ৰক হেৰুৱাই হেমাই শূণ্যতা অনুভৱ কৰিছে। সেয়ে সামাজিক মাধ্যমত ড্ৰিম গাৰ্লে লিখিছে, “মই সকলো হেৰুৱালো, মোৰ বাবে সকলো শেষ”।

হেমাই লিখিছে- “তেওঁ মোৰ বাবে সকলো আছিল। ভাল স্বামী, দুই কন্যাৰ মৰমিয়াল পিতৃ, ইছা আৰু আহানাৰ, বন্ধু, দাৰ্শনিক, গাইড, কবি আদি সকলো। সদায় ভাল আৰু বেয়া সময়ৰ মাজেৰে পাৰ হৈ আহিছো। তেওঁ অতি সহজে মোৰ পৰিয়ালটোক নিজৰ কৰি লৈছিল। তেওঁৰ ওচৰত সকলোৰে বাবে প্ৰেম আছিল”। ইয়াৰোপৰি হেমাই ধৰ্মেন্দ্ৰৰ সৈতে বহু ভাল স্মৃতিৰ কথা সোঁৱৰে। লগতে কয়, ধৰ্মেন্দ্ৰৰ মৃত্যুত যি শূণ্যতা সৃষ্টি হ’ল সেয়া গোটেই জীৱন থাকিব।

 

 

অন্য খবৰ পঢ়কঃ কিয় ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীয়ে?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...