বিবাহ বিচ্ছেদৰ এমাহ নৌহওতেই কোন যুৱতীৰ সৈতে সময় পাৰ কৰিছে হাৰ্দিক পাণ্ডিয়াই?

বিবাহ বিচ্ছেদৰ পাছতে নিজৰ জীৱনত আগবাঢ়িছে হাৰ্দিক পাণ্ডিয়া। এইবাৰ আন এগৰাকী যুৱতীৰ সৈতে হাৰ্দিকে ড়েটিং কৰি থকাৰ খবৰ পোহৰলৈ আহিছে। কিমান দূৰ সঁচা এই খবৰ।

বিবাহ বিচ্ছেদৰ এমাহ নৌহওতেই কোন যুৱতীৰ সৈতে সময় পাৰ কৰিছে হাৰ্দিক পাণ্ডিয়াই?

হাৰ্দিক, জেচমিন

barasha-sarma
Published: 

14 Aug 2024 15:45 PM

বিয়াৰ কেইটামান বছৰ পাছতেই বিবাহ- বিচ্ছেদ হয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ। ২০২৪ চনৰ ১৮ জুলাইত হাৰ্দিক পাণ্ডিয়া আৰু নাটাছাই ইনষ্টাগ্ৰামত এটা পোষ্ট কৰি জনাই যে দুয়ো দুয়োৰে সন্মতি সাপক্ষে বিবাহ- বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পাছতেই নাছাটাই পুত্ৰৰ সৈতে ছাৰ্বিয়ালৈ আৰু হাৰ্দিকে গ্ৰীচলৈ যায়। বিচ্ছেদৰ কথা ঘোষণা কৰাৰ কেইমাহ মানৰ পৰাই দুয়ো বিশেষ চৰ্চাত আছিল। নাটাছাক এজন যুৱকৰ সৈতে দেখাও গৈছিল। গতিকে একাংশই ধাৰণা কৰিছিল সেইজন নাটাছৰ প্ৰেমিক বুলি।

কিন্তু এতিয়া আন এক খবৰ পোহৰলৈ আহিছে। বিবাহ- বিচ্ছেদৰ ঘোষণা কৰা এমাহ নৌহওতেই জানিব পৰা গৈছে যে হাৰ্দিকে নিজৰ জীৱনত আগবাঢ়িছে আৰু তেওঁ বৰ্তমান জেচমিন ৱালিয়াৰ লগত ডেটিং কৰি আছে।

কোন হয় জেচমিন বালিয়া

জেচমিন বালিয়া এগৰাকী ব্ৰিটিছ গায়িকা। তেওঁ ইংৰাজী, পাঞ্জাবী আৰু হিন্দী গীতৰ বাবে জনাজাত। কিছুদিনৰ পৰা হাৰ্দিকৰ সৈতে তেওঁৰ নামটো সঙোৰ খাই গৈছে। কেইদিনমান পূৰ্বে গ্ৰীচত থাকোতে হাৰ্দিক পাণ্ডিয়াই ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছিল।  যি ঠাইত এই ভিডিঅ’টো হাৰ্দিকে কৰিছিল সেই একে ঠাইতে ৩ দিন পূৰ্বে জেচমিনে ফটো উঠি পোষ্ট কৰিছিল। যাৰ বাবে একাংশই দুয়োৰে মাজত বিশেষ সম্পৰ্ক থকাৰ দাবী কৰে।

 

ইংলেণ্ডৰ এচেক্সত জন্মগ্ৰহণ কৰা জেচমিনে ৭ বছৰ বয়সৰ পৰাই গান গোৱা আৰম্ভ কৰিছিল। ২০১০ চনত ব্ৰিটিছ ৰিয়েলিটি শ্ব’ ‘দ্য একমাত্ৰ ৱে ইজ এচেক্স’ত কেৰিয়াৰৰ আৰম্ভণী কৰিছিল। ইয়াৰ পিছত তেওঁ ‘দ্য এক্স ফেক্টৰ’, ‘ডিনাৰ ডেট’, ‘দেশী ৰাস্কেলছ’, ‘কেজুৱেলিটি’ আদি বহুতো ৰিয়েলিটি শ্ব’ কৰিছিল। ইয়াৰ উপৰিও ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ নিজৰ ইউটিউব চেনেল আৰম্ভ কৰে ।

 

 

ছ’চিয়েল মিডিয়াতো জেচমিনে বিভিন্ন সময়ত পোষ্ট কৰি থাকে। ইনষ্টাগ্ৰামত তেওঁৰ ৬৪৮ হাজাৰৰো অধিক ফ’ল’ৱাৰ আছে। হাৰ্দিক পাণ্ডিয়া আৰু জেচমিনে ইজনে আনজনক ফল কৰাও আছে। এনেবোৰ কাৰণতে দুয়োজনে ডেটিং কৰি থকা বুলি এতিয়া বাতৰি প্ৰচাৰ হৈছে। অৱশ্যে এয়া কিমান দূৰ সঁচা এতিয়ালৈকে জানিব পৰা হোৱা নাই। কেৱল হাৰ্দিকে নহয়, জেচমিনক অৰ্জুন কাপুৰ, কাৰ্তিক আৰিয়ান, হৰ্ষবৰ্ধন কাপুৰ আদিয়েও ইনষ্টাত ফ’ল’ কৰে।

আপোনাৰ শৰীৰত তেজ কমিছে নেকি? হিম’গ্লবিন বৃদ্ধি কৰিবলৈ কি খাব লাগে জানেনে?
মাইগ্ৰেইনৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক সবিশেষ
এনেকৈ ব্যৱহাৰ কৰক তুলসী পাত! চুলি হৈ পৰিব ধুনীয়া, মজবুত আৰু দীঘল...
শাওনৰ পূৰ্ণিমাত কৰক এই সহজ কাম! হাতলৈ আহিব ধন, লাভ কৰিব শিৱৰ আশীৰ্বাদ..