পুনৰ জামিন আবেদন নাকচ, কাৰাগাৰতে থাকিব লাগিব অভিনেত্ৰী নন্দিনী কাশ্যপ

দুৰ্ঘটনাৰ গোচৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে অভিনেত্ৰীগৰাকী। আজি নন্দিনী কাশ্যপৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত আদালতত চার্জশ্বীট দাখিল কৰিছিল মহানগৰ আৰক্ষীয়ে। কিন্তু অভিনেত্ৰী নন্দিনী কাশ্যপৰ জামিন আবেদন নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

পুনৰ জামিন আবেদন নাকচ, কাৰাগাৰতে থাকিব লাগিব অভিনেত্ৰী নন্দিনী কাশ্যপ

কাৰাগাৰতে থাকিব লাগিব অভিনেত্ৰী নন্দিনী কাশ্যপ

Updated On: 

19 Aug 2025 19:17 PM

পুনৰ কাৰাগাৰতে থাকিব লাগিব অভিনেত্ৰী নন্দিনী কাশ্যপ। পুনৰ জামিন আবেদন নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পূৰ্বেও নাকচ হৈছিল অভিনেত্ৰীগৰাকীৰ জামিন আবেদন। দুৰ্ঘটনাৰ গোচৰত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে অভিনেত্ৰীগৰাকী। আজি নন্দিনী কাশ্যপৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত আদালতত চার্জশ্বীট দাখিল কৰিছিল মহানগৰ আৰক্ষীয়ে।

দিছপুৰ যানবাহন শাখাত ৰুজু হোৱা ৬৩০/২৫ গোচৰত প্ৰায় ২০০ পৃষ্ঠাজোৰা চার্জশ্বীটত দুৰ্ঘটনাৰ সকলো তথ্য আছে। ২৫ জনকৈ লোকৰ সাক্ষ্য লিপিবদ্ধ আছে এই চার্জশ্বীটত। সংবাদমাধ্যম আৰু দল সংগঠনৰ তীব্ৰ প্ৰতিবাদত এমাহ নোহৌতেই দিছপুৰ যানবাহন আৰক্ষীয়ে দাখিল কৰিছিল চার্জশ্বীট।

উল্লেখ্য যে, অভিনেত্ৰীগৰাকীৰ গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱাইছিল ছামিউল ইছলাম নামৰ এজন যুৱকে। মাজনিশা নন্দিনীয়ে দ্ৰুতগতিত চলাই অহা গাড়ীৰ খুন্দাত হাস্পতালত যুৱকজনৰ মৃত্যু হয়।

দুৰ্ঘটনাৰ পিছতে নন্দিনী কাশ্যপে বিভিন্ন ধৰণৰ মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰো অভিযোগ উত্থাপিত হৈছিল। প্ৰথম অৱস্থাত এই দুৰ্ঘটনাক তেনেই সৰু ঘটনা হিচাপে উপস্থাপন কৰাৰ চেষ্টা চলাইছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু নলবাৰীৰ যুৱকজনৰ মৃত্যুৰ পাছতেই গ্ৰেপ্তাৰ হৈছিল নন্দিনী।

এই দুৰ্ঘটনাৰ পূৰ্বেও নন্দিনী কাশ্যপে দ্ৰুতগতিত গাড়ী চলাই জৰিমনাৰ সন্মুখীন হোৱাৰ ঘটনা ঘটিছে। নন্দিনীয়ে চলোৱা গাড়ীখনৰ বিৰুদ্ধে পূৰ্বে দ্ৰুতগতিৰ বাবে কটা হৈছিল ৫খনকৈ চালান।

বাংলাদেশত I Love You কেনেকৈ কয়? জানি হ'ব আচৰিত
মদ্যপান কৰিলে মানুহ কিয় ফুলে ? উপশম পোৱাৰ উপায় জানক...
নিয়ন্ত্ৰণত থাকিব ব্লাড চুগাৰ! খালী পেটত এইদৰে খাওক নৰসিংহৰ পাত...
আপোনাৰ কলেষ্টেৰলৰ সমস্যা হ্ৰাস কৰিব পাৰে তুলসীয়ে! জানি লওক ব্যৱহাৰৰ সঠিক উপায়
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা