কোলাতে শেষ নিশ্বাস ত্যাগ কৰে সন্তানে, গোবিন্দা-সুনিতাৰ জীৱনৰ এটা ভয়ানক নিশা

ভাল বেয়াৰ মাজেৰে জীৱনত বহু কষ্ট সহ্য কৰিও তেওঁৰ মুখৰ হাঁহিটো কেতিয়াও শেষ হৈ যোৱা নাছিল। আপুনি জানেনে যে, এই কঠিন সময় তেওঁৰ জীৱনৰ কোনো নতুন ঘটনা নহয়, একেৰাহে তেওঁৰ পৰিয়ালৰ ১১ জন লোকৰ মৃত্যু!

কোলাতে শেষ নিশ্বাস ত্যাগ কৰে সন্তানে, গোবিন্দা-সুনিতাৰ জীৱনৰ এটা ভয়ানক নিশা
Published: 

12 Dec 2025 | 01:14 PM

তেওঁ আশীৰ দশকৰ ছুপাৰষ্টাৰ। যদিও বৰ্তমান তেওঁক ডাঙৰ পৰ্দাত বেছিকৈ দেখা নাযায়, তথাপিও তেওঁৰ অনুৰাগীৰ সংখ্যা ইমান কমি যোৱা নাই। এতিয়াও তেওঁক লৈ চৌদিশে চৰ্চা চলে। শেহতীয়াকৈ সুনীতা আহুজাৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদক ​​লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। ভাল বেয়াৰ মাজেৰে জীৱনত বহু কষ্ট সহ্য কৰিও তেওঁৰ মুখৰ হাঁহিটো কেতিয়াও শেষ হৈ যোৱা নাছিল। আপুনি জানেনে যে, এই কঠিন সময় তেওঁৰ জীৱনৰ কোনো নতুন ঘটনা নহয়, একেৰাহে তেওঁৰ পৰিয়ালৰ ১১ জন লোকৰ মৃত্যু!তেওঁৰ জীৱনটো বহু কঠিন সময়ৰ মাজেৰে পাৰ হৈছে। ইয়াৰ ভিতৰত তেওঁৰ সন্তানো আছে।

কেইবাবছৰ পূৰ্বে এক সাক্ষাৎকাৰত এই কথা নিজেই কৈছিল গোবিন্দাই। তেওঁ কয়, “আমাৰ পৰিয়ালত ১১ জন লোকৰ মৃত্যু হৈছে। মোৰ ছোৱালীৰো মৃত্যু হৈছে।” সেই সময়ত ছোৱালীজনীৰ বয়স আছিল ৩ মাহ। অকাল জন্ম হৈছিল, বহু চেষ্টাৰ পিছতো সন্তানটিক বচাব পৰা নাছিল। জন্মৰ কেইদিনমান পিছতে তাইৰ মৃত্যু হয়। ইয়াতেই শেষ নহয়, মাক-দেউতাকৰ পৰা আৰম্ভ কৰি গোবিন্দাই হেৰুৱালে দুজন ভাতৃ, এগৰাকী ভগ্নী আৰু তেখেতৰ স্বামী। ভাই-ভনীৰ সন্তানৰ দায়িত্বও তেওঁৰ কান্ধত।

নাই, গোবিন্দাই নিজৰ দায়িত্বৰ পৰা পলাই যোৱা নাছিল। তেওঁ সিহঁতৰ কাষত সদায় থাকে। তেওঁৰ ভতিজা কৃষ্ণা অভিষেক টেলিভিছন জগতৰ এক সুপৰিচিত নাম। আন এগৰাকী ভতিজী ৰাগিনী খান্নাইও বলীউডত যথেষ্ট সুনাম অৰ্জন কৰিছে। দুই পুত্ৰ আৰু এগৰাকী কন্যাক লৈয়ো সুখী গোবিন্দা। তথাপিও অতীতে তেওঁক কেতিয়াবা আমনি কৰে। হেৰুৱা মানুহবোৰলৈ মনত পৰে।

আনকি শেহতীয়াকৈ তেওঁৰ পত্নী সুনীতাই এই একে স্মৃতিলৈ ঘূৰি আহিছিল। তেখেতক সন্তান হেৰুৱাৰ দুখত ভাগি পৰা দেখা গৈছিল। তেওঁ কয়, “যেতিয়া মোৰ দ্বিতীয় ছোৱালীজনী জন্ম হৈছিল, তেতিয়া তাইৰ অকালতে জন্ম হৈছিল। তিনিমাহ আমাৰ লগত আছিল। কিন্তু তাইৰ হাওঁফাওঁৰ বিকাশ সঠিকভাৱে হোৱা নাছিল। হঠাতে এদিন ৰাতি তাই ভালদৰে উশাহ ল’ব পৰা নাছিল। মোৰ কোলাত শেষ উশাহ লৈছিল। সেইটো মোৰ বাবে অতি কঠিন সময় আছিল।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...