Celebrity MasterChef: গৌৰৱ খান্নাই লাভ কৰিলে ‘চেলিব্ৰিটি মাষ্টাৰচেফ’ৰ খিতাপ আৰু ২০ লাখ টকা

ষ্টাৰ প্লাছৰ বিখ্যাত টিভি ধাৰাবাহিক ‘অনুপমা’ত অনুজৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা গৌৰৱ খান্নাই ‘মাষ্টাৰচেফ’ৰ বিজয়ী হৈছে। চ’নী টিভিৰ চেলিব্ৰিটি কুকিং শ্ব’ ‘চেলিব্ৰিটি মাষ্টাৰচেফ’ত বিজয়ী হোৱাৰ বাবে আনন্দিত অনুৰাগীসকল।

Celebrity MasterChef: গৌৰৱ খান্নাই লাভ কৰিলে ‘চেলিব্ৰিটি মাষ্টাৰচেফ’ৰ খিতাপ আৰু ২০ লাখ টকা

গৌৰৱ খান্নাই লাভ কৰিলে ‘চেলিব্ৰিটি মাষ্টাৰচেফ’ৰ খিতাপ

Published: 

13 Apr 2025 | 08:05 AM

নিকি তাম্বোলি আৰু তেজস্বী প্ৰকাশক পৰাস্ত কৰি ‘অনুপমা’ অভিনেতা গৌৰৱ খান্নাই চ’নী টিভিৰ কুকিং ৰিয়েলিটি শ্ব’ ‘চেলিব্ৰিটি মাষ্টাৰচেফ’ৰ খিতাপ অৰ্জন কৰিছে। আচলতে গৌৰৱে যেতিয়া এই শ্ব’টোত প্ৰৱেশ কৰিছিল তেতিয়া তেওঁ ৰন্ধাত একেবাৰে পাকৈত নাছিল। কিন্তু আজি তেওঁ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে এই শ্ব’টোত জয়ী হৈছে। বিজয়ীৰ নাম ঘোষণাৰ পিছতে গৌৰৱক চেলিব্ৰিটি মাষ্টাৰচেফৰ বিচাৰক ৰণবীৰ, বিকাশ খান্না, সঞ্জীৱ কাপুৰ আৰু ফাৰাহ খানে খিতাপ আগবঢ়ায় আৰু সোণালী এপ্ৰ’ন আৰু ২০ লাখ টকাৰ চেক প্ৰদান কৰে।

মাত্ৰ ৪ মাহতে গৌৰৱক অভিনেতাৰ পৰা ভাল চেফলৈ ৰূপান্তৰিত কৰিলে ‘চেলিব্ৰিটি মাষ্টাৰচেফ’ অনুষ্ঠানটোৱে। যদিও এই শ্ব’টোৰে গৌৰৱৰ আৰম্ভণি বৰ ভাল নাছিল। বিচাৰকসকলে তেওঁৰ প্ৰথম খাদ্যৰ সোৱাদো ল’বলৈ অস্বীকাৰ কৰিছিল। কিন্তু গৌৰৱে হাৰ নামানিলে। গ্ৰেণ্ড ফিনালেত চেলিব্ৰিটি মাষ্টাৰচেফৰ বিচাৰকসকলক আৰম্ভণিৰে পৰাই আপ্লুত কৰা তেজস্বী প্ৰকাশ আৰু নিকি তাম্বোলিৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰে। আনকি ফাৰা খানে নিকিক ‘থেচা কুইন’ উপাধিও দিছিল। কিন্তু শেষৰ ৰাউণ্ডত গৌৰৱ খান্নাই বিজয়ী হৈ ‘মাষ্টাৰচেফ’ ট্ৰফী লাভ কৰে।

হুছেইনে দিলে সমৰ্থন

চেলিব্ৰিটি মাষ্টাৰচেফৰ চূড়ান্ত খেলখনলৈ আমন্ত্ৰণ জনোৱা হৈছিল সকলো চূড়ান্ত প্ৰতিযোগীৰ পৰিয়ালৰ সদস্যক। কিন্তু গৌৰৱ খান্নাৰ হৈ তেওঁৰ বন্ধু হুছেইন কুৱাজেৰৱালাই শ্ব’টোত যোগদান কৰে। শেষৰ ৰন্ধন চেলেঞ্জত গৌৰৱে বিচাৰকসকলৰ আগত দক্ষিণ ভাৰতীয় খাদ্য উপহাৰ দিয়ে। এই খাদ্যই তেওঁক এই শ্ব’ৰ বিজয়ী কৰি তুলিছিল।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...