কমেডিয়ান কপিল শৰ্মাৰ কেফেত গুলীচালনা! মাত্ৰ কেইদিনমান পূৰ্বে কৰা হৈছিল মুকলি

জনপ্ৰিয় কমেডিয়ান তথা অভিনেতা কপিল শৰ্মাৰ মালিকানাধীন এখন কেফেত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। লক্ষণীয়ভাৱে কপিলৰ এই কেফেখন মাত্ৰ কেইটামান দিন পূৰ্বে মুকলি কৰা হৈছিল। এই গুলীচালনাৰ এক ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপকৰূপে ভাইৰেল হৈ পৰিছে।

কমেডিয়ান কপিল শৰ্মাৰ কেফেত গুলীচালনা! মাত্ৰ কেইদিনমান পূৰ্বে কৰা হৈছিল মুকলি

কপিল শৰ্মা

Published: 

10 Jul 2025 | 07:56 PM

জনপ্ৰিয় কমেডিয়ান তথা অভিনেতা কপিল শৰ্মাৰ মালিকানাধীন এখন কেফেত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা কপিল শৰ্মাৰ কানাডাস্থিত এখন কেফেত এই ঘটনা সংঘটিত হোৱা বুলি খবৰ পোহৰলৈ আহিছে লক্ষণীয়ভাৱে কপিলৰ এই কেফেখন মাত্ৰ কেইটামান দিন পূৰ্বে মুকলি কৰা হৈছিল। এই গুলীচালনাৰ এক ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপকৰূপে ভাইৰেল হৈ পৰিছে। ভাইৰেল এই ভিডিঅ’টোত এগৰাকী ব্যক্তিয়ে নিশা কেফেখনৰ খিৰিকীত গুলীচালনা কৰা দেখা গৈছে।

গুলীচালনা কৰা ব্যক্তিগৰাকী এখন বাহনত বহি থকা দেখা গৈছে আৰু এই ভিডিঅ’টোও বাহনখনৰ পৰাই কেমেৰাত আৱদ্ধ কৰা হৈছে। গুলীচালনা সংঘটিত হোৱা কপিলৰ এই কেফেখন কানাডাৰ ছাৰে অঞ্চলত অৱস্থিত। কিছুদিন পূৰ্বে এই কেফেখন বৃহৎ আয়োজনেৰে মুকলি কৰা হৈছিল। মুকলিৰ পিছতে কপিলৰ এই কেফেখনত বিপুল জনসমাগম দেখা গৈছে।

এই কেফেখনৰে এক ভিডিঅ’ কিছুদিন পূৰ্বে কপিলে নিজ সামাজিক মাধ্যম যোগে শ্বেয়াৰ কৰিছিল। এতিয়া সামাজিক মাধ্যমত ব্যাপক ৰূপে ভাইৰেল হৈ পৰা গুলীচালনাৰ ভিডিঅ’টো নিশাৰ ভাগত কেমেৰাত আৱদ্ধ কৰা হৈছিল ভিডিঅটোত এখন বাহনৰ পৰা এগৰাকী লোকে কপিল শৰ্মাৰ কেফেৰ খিৰিকীত গুলীচালনা কৰা দেখা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি খালিস্তানী সন্ত্ৰাসবাদী সংগঠন বাব্বৰ খালছা ইণ্টাৰনেশ্যনেল গেঙে এই গুলীচালনাৰ ঘটনাৰ দায়িত্ব লৈছে। এই ক্ষেত্ৰত বাব্বৰ খালছা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সৈতে জড়িত সন্ত্ৰাসবাদী হৰজীত সিং ওৰফে লাডীৰ নাম চৰ্চালৈ আহিছে। কুখ্যাত সন্ত্ৰাসবাদী লাডীৰ নাম পূৰ্বেও বহুকেইটা ঘটনাত জড়িত হৈছিল নিয়াৰ মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীৰ তালিকাতো অন্তৰ্ভুক্ত হৈছে লাডীৰ নাম।

উল্লেখ্য যে কপিলৰ এই কেফেখন মাত্ৰ ৬ দিন হ’ল পূৰ্বে মুকলি কৰা হৈছিল। কপিল আৰু তেওঁৰ পত্নী গিন্নী চত্ৰথে কেফেখনৰ বহু ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। এতিয়া কপিল শৰ্মাৰ এই নতুন কেফেখনত গুলীচালনাৰ দৰে ঘটনাই স্বাভাৱিকতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৰ্তমান আৰক্ষীয়ে এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব