Kapil Sharma Cafe Firing: কমেডিয়ান কপিল শৰ্মাৰ কেফেত পুনৰ গুলীচালনা, সামাজিক মাধ্যমযোগে ভাবুকি

Kapil Sharma Cafe Firing: বিখ্যাত কমেডিয়ান কপিল শৰ্মাৰ কানাডাস্থিত কেফেত পুনৰ গুলীচালনা। গোল্ডি ধিলন আৰু লৰেন্স বিষ্ণৈ গেঙে এই গুলীচালনাৰ দায়িত্ব লোৱাৰ লগতে কপিল শৰ্মাক ভাবুকি দিছে।

Kapil Sharma Cafe Firing: কমেডিয়ান কপিল শৰ্মাৰ কেফেত পুনৰ গুলীচালনা, সামাজিক মাধ্যমযোগে ভাবুকি

কপিল শৰ্মাৰ কেফেত পুনৰ গুলীচালনা

Published: 

07 Aug 2025 | 08:49 PM

কানাডাৰ ছাৰেত থকা কমেডিয়ান তথা অভিনেতা কপিল শৰ্মাৰ কেপছ কেফেত পুনৰবাৰ গুলীচালনা। ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে এই গুলীচালনাৰ এটা ভিডিঅ’। এই গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰিছে গোল্ডি ধিলন আৰু লৰেন্স বিষ্ণৈ গেঙে। পোষ্টটোত কপিল শৰ্মাক ভাবুকি দিয়া হৈছে যে যদি তেওঁলোকৰ কথা নুশুনে, তেন্তে অহাবাৰ মুম্বাইত আক্ৰমণ কৰিব।

গুলীচালনাৰ পিছত গোল্ডি ধিলন নামৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ এটা পোষ্ট ভাইৰেল হৈ পৰিছে। পোষ্টটোত লিখা আছে, “জয় শ্ৰী ৰাম। সৎশ্ৰী আকাল। সকলো ভাই-ভনীলৈ ৰাম ৰাম। আজি ছাৰেৰ কপিল শৰ্মাৰ কেপছ কেফেত সংঘটিত গুলীচালনাৰ দায়িত্ব মই, গোল্ডি ধিলন আৰু লৰেন্স বিষ্ণোই গেঙে লওঁ।”

গোল্ডি ধিলনৰ পোষ্ট

ইয়াৰ উপৰিও পোষ্টটোত লিখা আছে, “আমি তেওঁক ফোন কৰিলোঁ কিন্তু তেওঁ ৰিং শুনা নাছিল গতিকে আমি ব্যৱস্থা ল’বলগীয়া হ’ল। যদি তেওঁ এতিয়াও ৰিং শুনা নাই তেন্তে আমি অতি সোনকালে মুম্বাইত পৰৱৰ্তী ব্যৱস্থা লম।” কপিল শৰ্মাক ভাবুকি দিয়া এই ছ’চিয়েল মিডিয়া পোষ্টটো পৰীক্ষা কৰি আছে মুম্বাই আৰক্ষীয়ে।

যোৱাবাৰ কেতিয়া গুলীচালনা হৈছিল?

যোৱা ৯ জুলাইত মাজনিশা প্ৰায় ১.৩০ বজাত কপিল শৰ্মাৰ কানাডাস্থিত কেফে ‘কেপছ কেফে’ত নিৰ্বিচাৰ গুলীচালনা কৰা হৈছিল। অৱশ্যে এই আক্ৰমণত কোনো লোক আহত হোৱা নাই। সেই সময়তো মহালৱাৰে নিজৰ এটা ভিডিঅ’ মুকলি কৰিছিল। অৱশ্যে আক্ৰমণৰ মাত্ৰ ১০ দিনৰ পিছতে কেফেখন মুকলি কৰি দিয়া হয়। শেষৰটো গুলীচালনাৰ দায়িত্ব ল’লে নিষিদ্ধ খালিস্তানী সংগঠন বাব্বৰ খালছা ইণ্টাৰনেশ্যনেলৰ কৰ্মী তথা ভাৰতৰ অন্যতম ৱাণ্টেড ব্যক্তি হাৰ্জিত সিং লাডীয়ে।

উল্লেখ্য যে কপিল শৰ্মা এইকেইদিন নিজৰ কমেডী শ্ব’ ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ত ব্যস্ত। চলি আছে ‘দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব’ৰ দ্বিতীয় ছিজন আৰু ইয়াক নেটফ্লিক্সত ষ্ট্ৰীমিং কৰা হৈছে। এই ছিজনত বহু খণ্ড আহিছে। শিল্পা আৰু শমিতা শ্বেট্টী, হুমা কুৰেশ্বী আৰু চাকিব ছালিমক পৰৱৰ্তী খণ্ডত দেখা যাব। এই খণ্ডটো এই শনিবাৰে নিশা ৮ বজাৰ পৰা নেটফ্লিক্সত প্ৰচাৰ হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...