FIR Against Ram Gopal Varma : আকৌ বিপদত ৰাম গোপাল বাৰ্মা ! অন্ধ্ৰৰ মুখ্যমন্ত্ৰীৰ ভুল ছবি শ্বেয়াৰ কৰাৰ অভিযোগত ৰুজু কৰা হৈছে গোচৰ…

মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে অপমানজনক পোষ্ট দিয়াৰ অভিযোগত ৰাম গোপাল বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰী নাইডু আৰু তেওঁৰ পুত্ৰ নৰা লোকেশৰ বিতৰ্কিত ছবি পোষ্ট কৰাৰ অভিযোগত ৰুজু কৰা হৈছে এই গোচৰ।

FIR Against Ram Gopal Varma : আকৌ বিপদত ৰাম গোপাল বাৰ্মা ! অন্ধ্ৰৰ মুখ্যমন্ত্ৰীৰ ভুল ছবি শ্বেয়াৰ কৰাৰ অভিযোগত ৰুজু কৰা হৈছে গোচৰ...

ৰাম গোপাল বাৰ্মা

Published: 

12 Nov 2024 | 03:51 PM

পুনৰ বিতৰ্কত সোমাই পৰিছে চলচ্চিত্ৰ পৰিচালক ৰাম গোপাল বাৰ্মা । এইবাৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে অপমানজনক পোষ্ট দিয়াৰ অভিযোগত ৰাম গোপাল বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰী নাইডু আৰু তেওঁৰ পুত্ৰ নৰা লোকেশৰ বিতৰ্কিত ছবি পোষ্ট কৰাৰ অভিযোগত এই গোচৰ ৰুজু কৰা হৈছে।

ৰাম গোপাল বাৰ্মাৰ বিৰুদ্ধে জনসেনা পাৰ্টিৰ মুৰব্বী, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ আৰু টিডিপি নেতাৰ ভুল ছবি শ্বেয়াৰ কৰাৰো অভিযোগ উত্থাপন হৈছে। প্ৰকাশম জিলাৰ মদ্দীপাডু থানাত তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। তেওঁৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিছে টিডিপি নেতা ৰামালিংগমে।

দেওবাৰে পৰিচালক ৰাম গোপাল বাৰ্মাৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছিল । এজাহাৰত ছচিয়েল মিডিয়াত পোষ্টৰ জৰিয়তে চন্দ্ৰবাবু নাইডু আৰু তেওঁৰ পুত্ৰক টাৰ্গেট কৰা বুলি অভিযোগ উত্থাপন কৰা হৈছে ।

প্ৰতিবেদন অনুসৰি ৰাম গোপাল বাৰ্মাই তেওঁৰ ছবি ‘Vyooham’ৰ প্ৰচাৰৰ সময়ত অপমানজনক পোষ্ট দিছিল। তেওঁৰ ছবিখন প্ৰথমে ২০২৩ চনত মুক্তি পোৱাৰ কথা আছিল। অৱশ্যে ইয়াৰ মুক্তি পিছুৱাই দিয়া হয় আৰু তাৰ পিছত এই ছবিখন চলিত বৰ্ষৰ ২ মাৰ্চত মুক্তি দিয়া হয়।

অৱশ্যে যোৱা ৩৫ বছৰে ৰাম গোপাল বাৰ্মা ছবি জগতৰ সৈতে জড়িত হৈ আছে । ১৯৮৯ চনত মুক্তি পোৱা তেওঁৰ প্ৰথমখন ছবি আছিল ‘শিৱ’। ইয়াৰ পিছত তেওঁ ‘সত্য’ আৰু ‘কোম্পানী’ৰ দৰে বহু ছবি পৰিচালনা কৰিছে ৰাম গোপাল বাৰ্মাই । এই ছবিবোৰৰ বাবেই ৰাম গোপাল বাৰ্মাই প্ৰায়ে বাতৰি শিৰোনাম দখল কৰে । ইয়াৰ সমান্তৰালভাৱে বিভিন্ন সময়ত কৰা কিছুমান বিতৰ্কিত মন্তব্যৰ বাবে তেওঁ প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...