অভিনেতাক চুম্বন কৰি বিপাশা বসুৰ বমি! শ্বুটিং শেষ কৰি দৌৰে বাথৰুমলৈ..

এই ছবিখনৰ শ্বুটিং স্থলীত সংঘটিত হৈছিল এই ঘটনা। হঠাতে বিপাশাৰ কি হ’ল? এক সাক্ষাৎকাৰত সকলো কথা কয়।

অভিনেতাক চুম্বন কৰি বিপাশা বসুৰ বমি! শ্বুটিং শেষ কৰি দৌৰে বাথৰুমলৈ..

অভিনেতাক চুম্বন কৰি বিপাশা বসুৰ বমি!

Published: 

17 Aug 2025 | 10:16 PM

আৰ মাধৱন মানেই যথেষ্ঠ ভাল ছবি আৰু ভাল অভিনয়। সেই অভিনেতাৰ পৰা বিপাশা বসুৱে কেনেধৰণৰ অভিজ্ঞতা লাভ কৰিছিল? শুনি আচৰিত হ’ব আপুনি! ২০১২ চনত বিপাশা বসু আৰু অভিনেতা আৰ মাধৱনক সকলোৱে ভাল পাইছিল। চিনেমাখনৰ নাম ‘জোৰী ব্ৰেকাৰ’। এই ছবিখনৰ শ্বুটিঙৰ সময়ত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা। হঠাতে কি হয় বিপাশাৰ? এক সাক্ষাৎকাৰত তেওঁ কয় আন্দৰ মহলৰ কাহিনী।

কেতিয়াবা অভিনেতাজনক বিভিন্ন ধৰণৰ খাদ্য খোৱা দেখা গৈছিল। সেইটোৱেই আছিল তেওঁৰ ওজন বৃদ্ধিৰ কাৰণ। এই ছবিখনৰ শ্বুটিঙৰ বাবে ১২ৰ পৰা ১৩ দিন আঁতৰত আছিল মাধৱন। তাত পঞ্জাৱৰ পৰা এটা দল আছিল। প্ৰতিদিনে শ্বুটিং চাবলৈ আহিছিল। তাত তেওঁলোকে বিভিন্ন ধৰণৰ খাদ্য লগত লৈ আহিছিল, যিবোৰ মাধৱনে গৈ খাইছিল। পিছে তাতেই হ’ল বিপদ!

বিপাশা বসুৰ সৈতে এটা চুম্বনৰ দৃশ্য আছিল। ইফালে বিপাশাই মাধৱনৰ লগত এই দৃশ্যটো কৰিবলৈ একেবাৰেই ইচ্ছা কৰা নাছিল। কাৰণ মাধৱনৰ পত্নী তেওঁৰ অতি ঘনিষ্ঠ বন্ধু। সেইবাবেই অস্বস্তি লাগিছিল। যদিও অৱশেষত পৰিচালকে বিপাশাক পতিয়ন নিয়ালে। অৱশ্যে চুম্বন দৃশ্য শেষ কৰি বিপাশা দৌৰি নিজৰ কোঠালৈ যায়। বহুদিন বাহিৰলৈ আহিব পৰা নাছিল। জানিব পৰা মতে পিঁয়াজৰ গোন্ধ তেওঁৰ মুখত বেয়াকৈ সোমাই গৈছিল। এটা সাক্ষাৎকাৰত এই মন্তব্য কৰিছিল বিপাশাই। যিটোৰ বিষয়ে বহুলভাৱে চৰ্চিত হয়। যদিও মাধৱন বিপাশাৰ বহুত ভাল বন্ধু। দীৰ্ঘদিন ধৰি ইজনে সিজনৰ লগত যোগাযোগত আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব