ৰাণী আৰু কাজল ঘৰত দুৰ্গা পূজা, সুকীয়া ৰূপত দেখা গ’ল ৰাণী-কাজলক…
পঞ্চমীৰ সন্ধিয়া দেখা গ’ল মুখাৰ্জী পৰিয়ালৰ এইবাৰৰ দুৰ্গা প্ৰতিমাৰ মুখ। আৰু উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পৰিয়ালটোৰ দুগৰাকী তাৰকা কন্যা ৰাণী আৰু কাজল।

ৰাণী আৰু কাজল
মুখাৰ্জী পৰিয়ালৰ দুৰ্গাপূজা মুম্বাইত অতি জনপ্ৰিয়। কিয় নহ’ব, যি পৰিয়ালে বলীউডক দিছে দুগৰাকী মহান অভিনেত্ৰী ৰাণী মুখাৰ্জী আৰু কাজল। এই পৰিয়ালটোৰ পৰা অয়ন মুখাৰ্জীৰ দৰে পৰিচালক লাভ কৰিছে বলিউডে। লগতে বহু বছৰ ধৰি হিন্দী চলচ্চিত্ৰ জগতত বিশেষ স্থান দখল কৰি আহিছে এই পৰিয়ালটোৱে।
পূজাই সকলো লাইমলাইট কাঢ়ি লোৱাটো স্বাভাৱিক। এইবাৰো বেলেগ নহ’ব, সেই কথা পুনৰ প্ৰমাণ হ’ল শাৰদীয় দুৰ্গাপূজাৰ পঞ্চমীৰ দিনা। পঞ্চমীৰ সন্ধিয়া দেখা গ’ল মুখাৰ্জী পৰিয়ালৰ এইবাৰৰ দুৰ্গা প্ৰতিমাৰ মুখ। আৰু উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পৰিয়ালটোৰ দুগৰাকী তাৰকা কন্যা ৰাণী আৰু কাজল।
কাজলে পিন্ধিছিল ৰূপালী শাৰী এখনৰ লগত ৰঙা ৰঙৰ ব্লাউজ। তেওঁ হাতত পৰিধান কৰা দেখা গৈছিল ৰঙা ৰঙৰ কাঁচৰ খাৰু। দুৰ্গা পূজাৰ বাবে অতি উৎসৱমুখৰ ৰূপ। আনহাতে ৰাণীয়ে বগা চাদৰ বাছি লৈছিল। পঞ্চমীৰ দিনা দুয়োগৰাকী ভগ্নীৰ পূজাৰ সাজ-পোছাক একেবাৰে চকুত লগা আছিল।
দুৰ্গাপূজাত বলীউডৰ প্ৰায় সংখ্যক তাৰকা অভিনেতা ৰাণী আৰু কাজলৰ ঘৰত উপস্থিত থাকে। অমিতাভ, জয়া, ঐশ্বৰ্য, অভিষেক, দীপিকা, শ্বাহৰুখ, ছলমান, কেটৰিনা, আলিয়া, ৰণবীৰক প্ৰতি বছৰে দেখা যায় । আৰু পূজাৰ কেইদিনৰ বাবে ৰাণী আৰু কাজলেও গৃহিণীৰ দৰে পূজাৰ কাম-কাজত জড়িত হৈ পৰে। এতিয়া সপ্তমীৰ পৰা দশমীলৈকে ৰাণী আৰু কাজলে কেনেধৰণৰ সাজ-পোছাক পৰিধান কৰিব সেয়া চাবলৈ অপেক্ষা কৰি আছে অনুৰাগীয়ে।