শ্বাহৰুখ খানে কিয় পত্নী গৌৰীক সন্দেহ কৰে, আঁৰৰ কাৰন কি?

জ্যেষ্ঠ পুত্ৰ আৰিয়ানে নিজাকৈ কাপোৰৰ ব্ৰেণ্ড মুকলি কৰাৰ লগতে পৰিচালনাৰ বাবেও প্ৰশংসা লাভ কৰিছে। আনহাতে কন্যা সুহানা খানেও ছবি জগতত প্ৰৱেশ কৰিছে। ইতিমধ্যে এখন ছবিত অভিনয়ো কৰিছে, এতিয়া তেওঁক পিতৃৰ সৈতে 'কিং' ছবিত দেখা যাব।

শ্বাহৰুখ খানে কিয় পত্নী গৌৰীক সন্দেহ কৰে, আঁৰৰ কাৰন কি?
Published: 

31 Oct 2025 | 12:38 PM

তেওঁলোকৰ বৈবাহিক জীৱনৰ ৩৩ বছৰ হৈছে। এই আটাইকেইটা বছৰত তেওঁলোকে বহু উত্থান-পতন দেখিছে। বহু বছৰৰ পূৰ্বে শ্বাহৰুখ ‘কফী উইথ কৰণ’ৰ শ্ব’ত বিশেষ অতিথি হিচাপে আহিছিল। তাতে তেওঁলোকৰ বিয়াৰ বিষয়টো আলোচনালৈ আহে। আয়োজক কৰণ জোহৰে তেওঁলোকৰ সম্পৰ্কৰ সমীকৰণ সম্পৰ্কে বহু প্ৰশ্ন কৰিছিল।

বিগত সময়ত অভিনেতাগৰাকীয়ে বিভিন্ন সাক্ষাৎকাৰত কৈ আহিছে যে দুটা সন্তানৰ আগমনে (সাক্ষাৎকাৰৰ সময়ত শেষৰ শিশুটোৰ জন্ম হোৱা নাছিল) তেওঁলোকৰ জীৱন কিমান সলনি কৰিলে। বিবাহ আৰু সন্তানে প্ৰতিজন ব্যক্তিৰ জীৱন সলনি কৰে। শ্বাহৰুখ আৰু গৌৰীৰ ক্ষেত্ৰতো বেলেগ নাছিল। কৰণক দিয়া এক সাক্ষাৎকাৰত শ্বাহৰুখে কৈছিল যে তেওঁ ভাবিছিল গৌৰী কেতিয়াও ভাল মাতৃ নহ’ব। কিন্তু তেওঁলোকৰ প্ৰথম সন্তান আৰিয়ান খানৰ জন্মৰ পিছত শ্বাহৰুখে উপলব্ধি কৰিলে যে গৌৰী এগৰাকী ভাল মাতৃ। অৱশ্যে সেই কথা দেখি অভিনেতাজনে অলপ আচৰিত হ’ল। কাৰণ কিং খানে গৌৰীৰ পৰা ইমান আশা কৰা নাছিল। বৰ্তমান শ্বাহৰুখ আৰু গৌৰী তিনিটা সন্তানৰ সৈতে এটা সুখী পৰিয়াল।

জ্যেষ্ঠ পুত্ৰ আৰিয়ানে নিজাকৈ কাপোৰৰ ব্ৰেণ্ড মুকলি কৰাৰ লগতে পৰিচালনাৰ বাবেও প্ৰশংসা লাভ কৰিছে। আনহাতে, তেওঁৰ কন্যা সুহানা খান লাহে লাহে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছে। ইতিমধ্যে এখন ছবিত অভিনয় কৰিছে, এতিয়া তেওঁক পিতৃৰ সৈতে ‘কিং’ ছবিত দেখা যাব। কিছুমান বিজ্ঞাপনতো দেখা গৈছে। সৰু ল’ৰা আব্রাম খান এতিয়াও স্কুলত পঢ়ি আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...