৫১ বছৰীয়া হৃতিক ৰোশনৰ কিমান সম্পত্তি আছে জানেনে?

কিংবদন্তি অভিনেতা আৰু নৃত্যশিল্পীগৰাকীয়ে দুটা দশকৰো অধিক সময় বলিউডত কটায়। শনিবাৰে তেওঁৰ ৫২ সংখ্যক জন্মদিন উদযাপন কৰে। এই বিশেষ দিনটোত ঋত্বিকৰ বিশাল ধন-সম্পত্তিৰ লগতে তেওঁৰ জীৱনৰ কিছু অজ্ঞাত তথ্যৰ বিষয়ে জানো আহক।

৫১ বছৰীয়া হৃতিক ৰোশনৰ কিমান সম্পত্তি আছে জানেনে?
Published: 

11 Jan 2026 | 02:49 PM

২০০০ চনত ‘কহো না প্যাৰ হ্যেয়’ ছবিৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰে হৃত্বিক ৰোশনে। প্ৰথমখন ছবিয়ে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰি নিশাটোৰ ভিতৰতে ছুপাৰষ্টাৰ কৰি তোলে। এইগৰাকী অভিনেতা আৰু নৃত্যশিল্পীয়ে ইতিমধ্যে দুটা দশকৰো অধিক সময় বলীউডত কটালে। শনিবাৰে তেওঁ ৫২ বছৰীয়া জন্মদিন উদযাপন কৰে।

বৰ্তমান ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম ধনী আৰু প্ৰভাৱশালী তাৰকা হৃতিক ৰোশন। ‘জিকিউ ইণ্ডিয়া’ৰ এক প্ৰতিবেদন অনুসৰি হৃতিকৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৩১০০ কোটি টকা। আশ্চৰ্যজনকভাৱে এই উপাৰ্জনৰ ক্ষেত্ৰত তেওঁ চলমান খান বা আলিয়া ভাটৰ দৰে তাৰকাক পিছ পেলাই থৈ গৈছে। কেৱল অভিনয়েই নহয়, ৰিয়েল এষ্টেট আৰু ব্যৱসায়িক বুদ্ধিৰ ক্ষেত্ৰতো তেওঁ অনন্য।

হৃতিকৰ বাসগৃহকলৈও চৰ্চা চলে। মুম্বাইৰ জুহু-ভাৰসোভা লিংক ৰোডত তেওঁৰ এটা বিশাল ডুপ্লেক্স আছে, যিটো গ্ৰীচৰ চেণ্টোৰিনিৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। খবৰ অনুসৰি হৃতিক ১৪, ১৫ আৰু ১৬ মহলাত বিস্তৃত ৩৮ হাজাৰ বৰ্গফুটৰ পেণ্টহাউচ আছে। এই ঘৰৰ পৰা আৰব সাগৰৰ দৃশ্য উপভোগ কৰিব পাৰি।

প্ৰায় ১০০ কোটি টকাৰ এই সম্পত্তিক বহুতে ‘আকাশসম’ বুলি অভিহিত কৰিছে। পেণ্টহাউচটোত ১০খনতকৈও অধিক গাড়ী পাৰ্কিঙৰ ব্যৱস্থা আছে। অভিনেতাগৰাকীৰ লোনাভালাত ৭ একৰ মাটিত বিস্তৃত বাগিচাৰ লগতে ঘৰো আছে।

বলীউড কেৰিয়াৰৰ উপৰিও হৃতিক এজন সফল ব্যৱসায়ীও। তেওঁৰ নিজা স্প’ৰ্টছ ব্ৰেণ্ড (HRX) বৰ্তমান সফলতাৰ শিখৰত আছে। ‘জিকিউ’ৰ এক প্ৰতিবেদন অনুসৰি তেওঁৰ ব্ৰেণ্ডৰ বজাৰ মূল্য এতিয়া প্ৰায় ৭৩০০ কোটি। সুলভ মূল্যত উন্নত মানৰ কাপোৰ আৰু ফিটনেছ সঁজুলি যোগান ধৰি এই ব্ৰেণ্ডটোক সাধাৰণ মানুহৰ মাজত জনপ্ৰিয় কৰি তুলিছে।

বিলাসী গাড়ী সংগ্ৰহৰ প্ৰতি দীৰ্ঘদিনীয়া আকৰ্ষণ আছে হৃতিক। তেওঁৰ গেৰেজটো পৃথিৱীৰ দামী গাড়ীৰে সজাই তোলা হৈছে।

Rolls-Royce Ghost Series 2: ইয়াৰ বজাৰ মূল্য প্ৰায় ৭ কোটি টকা।

মাৰ্চিডিজ-মেবাক এছ৬০০: যাৰ মূল্য প্ৰায় ২.৭০ কোটি।

মাছেৰটি স্পাইডাৰঃ প্ৰায় ২.৫১ কোটি টকাৰ এই স্পৰ্টছ গাড়ীখনত ফেৰাৰীয়ে নিৰ্মিত শক্তিশালী ইঞ্জিন আছে।

 

বয়স ৩০ৰ আশে-পাশে বাঢ়ে ফেটি লিভাৰৰ শংকা! এইদৰে পাব চিন্তাৰ পৰা পৰিত্ৰাণ
সৰস্বতী পূজাত পাঠ কৰক সৰস্বতী স্তোত্ৰ, দেখিব জীৱনত আচৰিত পৰিৱৰ্তন!
আগতীয়াকৈ হাঁওফাঁওৰ কৰ্কট ৰোগ কেনেকৈ ধৰা পেলাব ? প্ৰতিৰোধৰ উপায়...
শত্ৰু নাশ! হনুমান ভক্তসকলে মাত্ৰ মঙলবাৰে দান কৰক এইবোৰ সামগ্ৰী
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ