স্বামীতকৈ ১০ বছৰে ডাঙৰ প্ৰিয়ংকা, পিছে দুয়োৰে কাৰ সম্পত্তি বেছি জানেনে?

কোৱা হৈছে যে প্ৰিয়ংকা অতি সোনকালে ভাৰতলৈ উভতি আহি নতুন ছবিৰ কাম কৰিব। ইতিমধ্যে কেইবাজনো পৰিচালক আৰু প্ৰযোজকক লগ কৰিছে। 'দেশী গাৰ্ল' কেতিয়া ডাঙৰ পৰ্দালৈ ঘূৰি আহিব সেয়া চাবলৈ অনুৰাগীসকলে অপেক্ষা কৰি আছে। কেইবাটাও প্ৰকল্পৰ বাবে ৰছীৰে বান্ধি ৰখাৰ খবৰও প্ৰকাশ পাইছে।

স্বামীতকৈ ১০ বছৰে ডাঙৰ প্ৰিয়ংকা, পিছে দুয়োৰে কাৰ সম্পত্তি বেছি জানেনে?

কাৰ সম্পত্তি বেছি জানেনে?

Updated On: 

09 Oct 2025 | 07:38 PM

বলীউডৰ পৰা হলিউডলৈকেনিক জোনাছ আৰু প্ৰিয়ংকা চোপ্ৰা দুয়োখন জগতৰ এক জনপ্ৰিয় দম্পতী। প্ৰেম, বিবাহৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ বয়সৰ পাৰ্থক্য আৰু উপাৰ্জনলৈকে, সকলো কথাই বাৰে বাৰে আলোচনাৰ কেন্দ্ৰবিন্দুলৈ আহিছে। প্ৰায় সকলোৱে জানে যে প্ৰিয়ংকা স্বামী নিকতকৈ প্ৰায় ১০ বছৰ ডাঙৰ। অৱশ্যে এই বয়সৰ ব্যৱধান কেতিয়াও তেওঁলোকৰ সম্পৰ্কত বাধা হৈ পৰা নাই।

২০১৬ চনত প্ৰিয়ংকা আৰু নিকৰ লগ হৈছিল। নিকে প্ৰথমে টুইটাৰত প্ৰিয়ংকাক মেছেজ কৰিছিল। তাৰ পিছত ফোন নম্বৰ বিনিময় কৰিলে। ২০১৭ চনৰ অস্কাৰ ভেনিটি ফেয়াৰ পাৰ্টিত তেওঁলোকৰ প্ৰথম লগ হৈছিল। ক্ৰমান্বয়ে প্ৰেমৰ বিকাশ ঘটিল, আৰু ২০১৮ চনত ৰাজকীয় বিয়াত বিবাহপাশত আবদ্ধ হয়।

কিন্তু বিয়াৰ পিছত দম্পতীহালৰ সংযুক্ত সম্পত্তি কিমান হৈ পৰিছে জানেনে? জনা যায় যে প্ৰিয়ংকা চোপ্ৰাৰ বৰ্তমান প্ৰায় ৬৯০ কোটি টকা। আনহাতে, নিক জোনাছৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৫৮২ কোটি। অৰ্থাৎ এই দম্পতীৰ মাজত প্ৰিয়ংকাৰ আয় আৰু সম্পত্তি নিকতকৈ বেছি। প্ৰিয়ংকা কেইবাটাও আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ মুখো। ছবি, প্ৰডাকচন আৰু ইভেণ্টৰ পৰাও বিপুল উপাৰ্জন কৰে। যদিও তেওঁৰ নিউয়ৰ্কৰ ৰেষ্টুৰেণ্ট ‘ছোনাও’ বিক্ৰী হৈছে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...