অক্ষয় খান্নাই ‘ধুৰন্ধৰ’ ছবিৰ পৰা কিমান টকা উপাৰ্জন কৰিলে? তেওঁৰ মুঠ সম্পত্তি কিমান জানেনে ?

সম্পত্তিৰ ক্ষেত্ৰত অক্ষয় বলীউডৰ আন অভিনেতাসকলৰ পৰা বহু পিছ পৰি থকা নাই। ৩৫ কোটি টকাৰ বিলাসী বাংলোত বাস কৰে অভিনেতাগৰাকীয়ে।

অক্ষয় খান্নাই ‘ধুৰন্ধৰ’ ছবিৰ পৰা কিমান টকা উপাৰ্জন কৰিলে? তেওঁৰ মুঠ সম্পত্তি কিমান জানেনে ?
Updated On: 

11 Dec 2025 | 04:19 PM

দৰ্শকে কয় যে, ধুৰন্ধৰ(Dhurandhar)ৰ ৰণবীৰ সিঙৰ ছবি একেবাৰেই নহয়, বৰঞ্চ, এই ছবিখন সম্পূৰ্ণৰূপে অক্ষয় খান্নাৰ। এজন শক্তিশালী পাকিস্তানী গেংষ্টাৰৰ চৰিত্ৰত তেওঁৰ আচাৰ-ব্যৱহাৰক লৈ বৰ্তমান আচৰি হৈছে চিনেমাপ্ৰেমীসকল। ধুৰন্ধৰৰ বিভিন্ন ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি অক্ষয়ক প্ৰশংসা কৰিছে নেটিজেনে। দুই এখন ছবিত সুযোগ লাভ কৰি বিভিন্ন ছবিত সৰু-সুৰাকৈ অভিনয় কৰি অহা অভিনেতাগৰাকীয়ে কামবেক কৰিছে ধুৰন্দৰ ছবিখনৰ জৰিয়তে। অভিনেতা হিচাপে অক্ষয় কিমান প্ৰতিভাশালী প্ৰতিটো দৃশ্যতে তেওঁ প্ৰমাণ কৰিছে।

তথ্য অনুসৰি, ৰণবীৰ সিঙে ‘ধুৰন্ধৰ’ ছবিখনৰ বাবে ৫০ কোটি টকা মাননি লাভ কৰিছিল। আনহাতে অক্ষয় খান্নাৰ মাচুল বহু কম। অক্ষয় খান্নাই প্ৰতিখন ছবিৰ বাবে ২.৫(আঢ়ৈ) কোটি টকা মাননি হিচাপে লয়। এই মুহূৰ্তত কোৱা হৈছে যে, তেওঁৰ সৃষ্টিৰাজিত প্ৰায় কোনো ছবি নাই বুলিয়ে ক’ব পাৰি।

অৱশ্যে সম্পত্তিৰ ক্ষেত্ৰত অক্ষয় বলীউডৰ আন অভিনেতাসকলৰ পৰা বহু পিছ পৰি থকা নাই। ৩৫ কোটি টকাৰ বিলাসী বাংলোত বাস কৰে অভিনেতাগৰাকীয়ে। আলিবাগত তেওঁৰ আৰু এটা ঘৰ আছে। অক্ষয় কেতিয়াবা উইকএণ্ডত তালৈ যায়। চেণ্ট্ৰেল মুম্বাইত তেওঁৰ আন এটা বিলাসী এপাৰ্টমেণ্টো আছে। পুনে আৰু দিল্লীত তেওঁৰ আৰু দুটা ঘৰ আছে। তেওঁৰ মাত্ৰ ২ খন গাড়ী আছে। দুয়োখনেই BMW। তথ্য অনুসৰি, তেওঁৰ মুঠ সম্পত্তি ১০০ কোটি।

১৯৯৭ চনত মুক্তি লাভ কৰা অক্ষয়ৰ প্ৰথমখন ছবি হিমলপুত্ৰ। বিনোদ খান্নাৰ পুত্ৰ অক্ষয়ে তেওঁৰ প্ৰথমখন ছবিয়ে চকু কপালত তুলিছিল যদিও এই ছবিখন বৃহৎ ফ্লপ হৈছিল। ইয়াৰ পিছত অক্ষয়ে কেইবাখনো ৰোমান্টিক ছবিত অভিনয় কৰিছিল। যেনে- Doli Saja Ke Rakhna আৰু Dahek ৰ দৰে চিনেমা। অৱশ্যে সেই ছবিবোৰো ফ্লপ হৈছিল। ইয়াৰ মাজতে ‘Border’ ছবিখনৰ বাবে অক্ষয়ে প্ৰশংসা লাভ কৰে। তাৰ পিছত ২০০১ চনত অক্ষয়ৰ ৰূপান্তৰ ঘটিল। Dil Chahta Hai, Race ছবিত তেওঁৰ অভিনয় চাবলগীয়া আছিল।

কিন্তু এই সময়ত আন এক ঘটনা সংঘটিত হয়। ক্ৰমান্বয়ে অক্ষয়ৰ চুলি সৰিবলৈ ধৰিলে। এক সাক্ষাৎকাৰত অক্ষয়ে কয় যে, সেই সময়ত অক্ষয় হতাশ হৈ পৰিছিল। প্ৰায় ৬ বছৰ সকলোৰে পৰা আঁতৰি থাকিল। পিছলৈ তেওঁ নিজকে নিয়ন্ত্ৰণ কৰি অভিনয়ৰ ক্ষেত্ৰলৈ ঘূৰি আহে। Section 375 ছবিখনত অক্ষয় খান্নাই অভিনয়েৰে প্ৰমাণ কৰিলে যে, তেওঁৰ অভিনয় ক্ষমতাই তেওঁৰ চেহেৰাক অতিক্ৰম কৰিব পাৰে। আৰু ‘ধুৰন্ধৰ’ ছবিখনত সেইটোৱেই হৈছিল। আনকি নকল চুলিৰে অক্ষয়ে প্ৰমাণ কৰিলে যে, তেওঁৰ অভিনয়ে চিনেমাৰ পৰ্দা নিজৰ হাতত ৰাখিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব