৫০০ কোটি টকাৰ সম্পত্তি ধৰ্মেন্দ্ৰৰ, দ্বিতীয় পত্নী হেমা মালিনীয়ে কিমান পাব ?

৫১ টকাৰে অভিনয় জগতত যাত্ৰা আৰম্ভ কৰা এইগৰাকী নায়কৰ সম্পত্তি বৰ্তমান প্ৰায় ৫০০ কোটি। কিন্তু জানেনে,প্ৰায়ত এইগৰাকী প্ৰবীন চুপাৰষ্টাৰৰ দ্বিতীয় পত্নী হেমাই এই বিশাল সম্পত্তিৰ এটা অংশও নাপাব! হয়, বিষয়টো ঠিক তেনেকুৱাই।

৫০০ কোটি টকাৰ সম্পত্তি ধৰ্মেন্দ্ৰৰ, দ্বিতীয় পত্নী হেমা মালিনীয়ে কিমান পাব ?
Updated On: 

26 Nov 2025 | 03:54 PM

পঞ্জাৱৰ পৰা মুম্বাইলৈ আহি বলিউডৰ নায়ক হৈছিল ধৰ্মেন্দ্ৰ। এটা সাধাৰণ জীৱনৰ পৰা বলিউডৰ চুপাৰষ্টাৰ হোৱালৈ সাহসেৰে জীৱনটোক আগুৱাই নিছিল ধৰ্মেন্দ্ৰই। এটা সময়ত ধৰ্মেন্দ্ৰই কম দৰমহাত গেৰেজৰ কামো কৰিছিল। তেওঁ প্ৰথমখন চিনেমাত অভিনয় কৰি লাভ কৰিছিল মাত্ৰ ৫১ টকা। ইয়াৰ পাছত ছয়টা দশক বলিউডত দপদপাই আছিল ধৰ্মেন্দ্ৰই। ৫১ টকাৰে অভিনয় জগতত যাত্ৰা আৰম্ভ কৰা এইগৰাকী নায়কৰ সম্পত্তি বৰ্তমান প্ৰায় ৫০০ কোটি। কিন্তু জানেনে,প্ৰায়ত এইগৰাকী প্ৰবীন চুপাৰষ্টাৰৰ দ্বিতীয় পত্নী হেমাই এই বিশাল সম্পত্তিৰ এটা অংশও নাপাব! হয়, বিষয়টো ঠিক তেনেকুৱাই।

কেইবাবছৰ ধৰি বলিউডৰ অভিনেতাসকলে ছবিৰ অভিনয়ৰ সমান্তৰালকৈ ৰেষ্টুৰেণ্ট খুলিছে। ধৰ্মেন্দ্ৰেও এই পথেৰে খোজ কাঢ়িছিল। ‘He-Man’ নামেৰে এখন ৰেষ্টুৰেণ্ট খুলিছিল ধৰ্মেন্দ্ৰেই। মুম্বাইৰ লোনাভালাত ১০০ একৰ মাটিত নিৰ্মাণ কৰা হৈছিল ধৰ্মেন্দ্ৰৰ বিলাসী ফাৰ্ম হাউচ। যাৰ আনুমানিক মূল্য ১২০ কোটি। ইয়াৰ উপৰিও ধৰ্মেন্দ্ৰৰ মুম্বাইৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ আছে কেইবাটাও বিলাসী বাংলো আৰু ৰিজৰ্ট।

তদুপৰি মহাৰাষ্ট্ৰৰ বিভিন্ন ঠাইত ঘৰ-মাটিকে ধৰি ধৰ্মেন্দ্ৰৰ ১৭ কোটি টকাৰ সম্পত্তি আছে। ইয়াৰ উপৰিও তেওঁৰ কৃষিভূমি আৰু মুকলি ভূমিকে ধৰি ১.৪ কোটি টকাৰ সম্পত্তি আছে। অৱশ্যে এই সম্পত্তিৰ এটা অংশও নাপায় হেমা মালিনীয়ে।

সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, ধৰ্মেন্দ্ৰৰ প্ৰথম পত্নী প্ৰকাশ কৌৰে বিবাহ বিচ্ছেদ কৰা নাছিল। ধৰ্মেন্দ্ৰেও তেনে কৰিবলৈ ইচ্ছা কৰা নাছিল। কিন্তু পিছত ধৰ্মেন্দ্ৰৰ বিয়া হৈছিল হেমাৰ লগত। এই ক্ষেত্ৰত হিন্দু বিবাহ আইন অনুসৰি তেওঁলোকৰ বিবাহ বৈধ নহয়। অৱশ্যে দ্বিতীয় পক্ষৰ দুই কন্যা ঈশা দেউল আৰু আহানা দেউলে পিতৃৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব