এইবাৰ ‘পুষ্পাভাও’ আল্লুৰ সৈতে যুটি বান্ধিলে দীপিকাইঃ ছবিৰ মাননি শুনিলে চকু কপালত উঠিব আপোনাৰ…
বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন মাতৃত্ব অৰ্জনৰ পিছত পুনৰ ছবিজগতলৈ উভতিবলৈ সাজু হৈছে। নিজৰ প্ৰত্যাৱৰ্তনতে দীপিকাই হাতত লৈছে এক বৃহৎ প্ৰজেক্ট। প্ৰকাশিত খবৰ অনুসৰি, বিৰতিৰ পিছত নিজৰ এই বৃহৎ প্ৰজেক্টত দীপিকাই যুটি বান্ধিব দক্ষিণৰ মহাতাৰকা আল্লু অৰ্জুনৰ সৈতে। লগত থাকিব দক্ষিণৰ জনপ্ৰিয় পৰিচালক এটলী।

আল্লুৰ সৈতে দেখা যাব দীপিকাক!
মাতৃত্ব অৰ্জনৰ বাবে কিছুদিনৰ বিৰতিৰ পিছত পুনৰ ছবিজগতলৈ উভতিবলৈ সাজু হৈছে বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন। নিজৰ প্ৰত্যাৱৰ্তনতে দীপিকাই হাতত লৈছে এক বৃহৎ প্ৰজেক্ট। প্ৰকাশিত খবৰ অনুসৰি, বিৰতিৰ পিছত নিজৰ এই বৃহৎ প্ৰজেক্টত দীপিকাই যুটি বান্ধিব দক্ষিণৰ মহাতাৰকা আল্লু অৰ্জুনৰ সৈতে। সাম্প্ৰতিক সময়ত দেশৰ আটাইতকৈ দামী অভিনেতা হিচাপে চৰ্চিত আল্লু। পুষ্পাৰ অতুলনীয় সাফল্যৰ পিছত আল্লু অৰ্জুন এতিয়া কেৱল দক্ষিণৰ চিনেমা উদ্যোগৰে নহয়, সমগ্ৰ দেশতে অনুৰাগীৰ আকৰ্ষণ হৈ পৰিছে।
এই আল্লুৰ সৈতেই এতিয়া দীপিকাই নতুন ছবিত কাম কৰিব বুলি খবৰ প্ৰকাশ পাইছে। খবৰ অনুসৰি, আল্লুৱে দক্ষিণৰ জনপ্ৰিয় পৰিচালক এটলীৰ সৈতে নতুন ছবিৰ কাম আৰম্ভ কৰিব। আল্লু আৰু এটলীৰ যুটিৰ বাবেই আগন্তুক ছবিখনে যথেষ্ট চৰ্চা লাভ কৰিছে। এতিয়া দীপিকা পাডুকনো এই ছবিৰ অংশীদাৰ হ’ব বুলি প্ৰকাশ পোৱাত অনুৰাগীৰ মাজত অধিক উৎসুকতা বাঢ়িছে। কেৱল দীপিকাই নহয়, এই ছবিত জাহ্নৱী কাপুৰকো দেখা যাব বুলি খবৰ পোহৰলৈ আহিছে।
শেহতীয়া খবৰ অনুসৰি দীপিকাই এই ছবিখনত ইতিমধ্যে আনুষ্ঠানিকভাৱে চুক্তি স্বাক্ষৰ কৰিছে। চিনেমা জগতলৈ দীপিকাৰ প্ৰত্যাৱৰ্তনৰ খবৰ ওলোৱাৰ পিছৰে পৰা বহু প্ৰজেক্টৰ সৈতে তেওঁৰ নাম জড়িত হৈ আছে। আল্লু অৰ্জুন আৰু এটলীৰ সৈতে নতুন ছবিখন এইক্ষেত্ৰত বিশেষ চৰ্চাত আছে। জানিব পৰা মতে, আগন্তুক এই ছবিখনৰ শিৰোনাম AA22xA6 ৰখা হৈছে। ছবিখনত ৩ গৰাকী অভিনেত্ৰীক দেখা যাব বুলি কোৱা হৈছে।
দীপিকা আৰু এটলীয়ে কেইবামাহো ধৰি এই ছবিখনক লৈ আলোচনাত মিলিত হৈছিল বুলি পোহৰলৈ আহিছে। ৭০০ কোটি টকাৰ বৃহৎ বাজেটেৰে এই ছবিখন নিৰ্মাণ কৰা বুলি খবৰ ওলাইছে। মিড-ডে’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি দীপিকাই এই ছবিখনৰ বাবে ৪০ কোটি টকা মাচুল হিচাপে লৈছে। অৱশ্যে ইয়াৰ পূৰ্বে দীপিকাই প্ৰথমে শ্বাহৰুখ খানৰ ছবি ‘কিং’ৰ শ্বুটিং সম্পূৰ্ণ কৰিব। ২০২৬ চনত মুক্তি পাব পাৰে কিং।
অৱশ্যে শ্বাহৰুখ আৰু আল্লু অৰ্জুনৰ ছবিৰ সমান্তৰালকৈ অভিনেত্ৰীগৰাকীৰ নাম প্ৰভাসৰ ছবি ‘স্পিৰিট’ৰ সৈতেও জড়িত হৈ আছিল। কিন্তু শেহতীয়াকৈ সন্দীপ ৰেড্ডী ভাংগাই পৰিচালনা কৰা এই ছবিখনত দীপিকাক দেখা নাযাব বুলি নিশ্চিত হয়। উল্লেখ্য যে এটলীৰ সৈতে এইখন হ’ব দীপিকাৰ দ্বিতীয়খন ছবি। ইয়াৰ পূৰ্বে দুয়ো শ্বাহৰুখ খানৰ ‘জোৱান’ ছবিত একেলগে কাম কৰিছিল।