‘শাৰীৰিক সম্পৰ্কৰে যদি…!’ ৰণবীৰৰ সৈতে সম্পৰ্কক লৈ এয়া কি ক’লে দীপিকাই

এসময়ত বলীউডৰ আটাইতকৈ চৰ্চিত যুটি আছিল দীপিকা আৰু ৰণবীৰ কাপুৰ। দুয়োৰে প্ৰেমৰ সম্পৰ্কৰ খবৰে অনুৰাগীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছিল। পিছে এই সম্পৰ্ক দীৰ্ঘস্থায়ী নহ’ল। দুয়োৰে সম্পৰ্কত দেখা দিলে ভাঙোনে। বহুসময়ত দীপিকা পাডুকনে এই সম্পৰ্ক সন্দৰ্ভত প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া। এই বিষয়টি এতিয়া পুনৰ আহিছে চৰ্চালৈ।

‘শাৰীৰিক সম্পৰ্কৰে যদি…!’ ৰণবীৰৰ সৈতে সম্পৰ্কক লৈ এয়া কি ক’লে দীপিকাই

দীপিকা পাডুকন

Updated On: 

27 May 2025 | 09:56 PM

বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন এতিয়া এগৰাকী কন্যা সন্তানৰ মাতৃ। মাতৃত্ব অৰ্জনৰ পিছত এতিয়া পুনৰ এবাৰ ছবিজগতলৈ উভতিবলৈ সাজু হৈছে অভিনেত্ৰীগৰাকী। সেয়ে এই সময়ত তেওঁ চিনে জগতত আছে যথেষ্ট চৰ্চাত। সমান্তৰালকৈ দীপিকাৰ জীৱনৰ আন এক ক্ষণো এতিয়া পুনৰ আলোচনাৰ মাজলৈ আহিছে। এই আলোচনাৰ বিষয় হৈছে দীপিকাৰ পূৰ্বৰ প্ৰেমৰ সম্পৰ্ক। এসময়ত বলীউডৰ আটাইতকৈ চৰ্চিত যুটি আছিল দীপিকা আৰু ৰণবীৰ কাপুৰ। দুয়োৰে প্ৰেমৰ সম্পৰ্কৰ খবৰে অনুৰাগীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছিল।

পিছে এই সম্পৰ্ক দীৰ্ঘস্থায়ী নহ’ল। দুয়োৰে সম্পৰ্কত দেখা দিলে ভাঙোনে। দীপিকা পাডুকন আৰু ৰণবীৰ কাপুৰৰ এই দীঘলীয়া সম্পৰ্কৰ যেতিয়া অৱসান ঘটিছিল, তেতিয়া বলীউডৰ ভিতৰচৰাৰ সম্পৰ্কৰ বিচিত্ৰ খবৰসমূহে স্বাভাৱিকতেই শিৰোনাম দখল কৰিছিল। বিচ্ছেদ হোৱাৰ পূৰ্বে দীপিকা আৰু ৰণবীৰে একেলগে বহু সময় কটাইছিল। ফলস্বৰূপ, সম্পৰ্ক বিচ্ছেদ ঘটাৰ পিছত হতাশামুক্ত হ’বলৈ দীপিকাক যথেষ্ট সময় লাগিছিল।

বহুসময়ত দীপিকা পাডুকনে এই সম্পৰ্ক সন্দৰ্ভত প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া। অত্যন্ত বিশ্বাস থকাৰ পিছতো তেওঁ প্ৰতাৰিত হৈছিল বুলি উল্লেখ কৰিছিল দীপিকাই। ইফালে দীপিকাই ৰণবীৰ কাপুৰৰ সৈতে শাৰীৰিক সম্পৰ্ক সন্দৰ্ভতো বহু কথা প্ৰকাশ কৰিছিল। দীপিকাই দাবী কৰিছিল যে ৰণবীৰ কাপুৰ বাৰে বাৰে কেৱল শাৰীৰিক আকৰ্ষণৰ বাবে তেওঁৰ কাষ চাপিছিল আৰু তেওঁ সেয়া বুজি নোপোৱাৰ ফলত বাৰে বাৰে প্ৰতাৰিত হৈছিল।

দীপিকাই উল্লেখ কৰা মতে তেওঁ প্ৰথমে এই বিষয়ে বিশেষ একো ভৱা নাছিল, কাৰণ তেওঁৰ দৃষ্টিত শাৰীৰিক সম্পৰ্কৰ অৰ্থ পৃথক আছিল। কাৰোবাক ভাল পালে সকলো তুলি দিয়া কোনো অপৰাধ নহয় বুলি দীপিকাই অনুভৱ কৰে। তেওঁৰ মতে, শাৰীৰিক সম্পৰ্ক কেৱল এক আনন্দৰ মুহূৰ্ত নহয়, ই এক অনুভৱো। শাৰীৰিক সম্পৰ্ক মানসিকভাৱেও কাৰোবাৰ সৈতে সংযুক্ত হোৱাৰ বিষয় বুলি দীপিকাই লগতে মন্তব্য কৰিছিল।

যদিও ইয়াৰ পিছতো প্ৰতাৰিত হ’ব লগা হৈছিল, তেওঁ একো ভুল কৰা যে অনুভৱ কৰা নাই বুলিও দীপিকাই লগতে কৈছিল। যদিও পাছলৈ এই বিষয়ত দীপিকাই কোনো অনুতাপ কৰা দেখা নাযায়, এক সাক্ষাৎকাৰত পিছে দীপিকাক এই বিষয়ত আৱেগিক হৈ পৱা দেখিবলৈ পোৱা গৈছিল। ক্ৰন্দনৰত অৱস্থাতে তেওঁ এই সাক্ষাৎকাৰত ‘এনে অৱস্থাতকৈ অকলে থকাটোৱেই সুখকৰ’ বুলি মন্তব্য কৰিছিল।

অৱশ্যে এই দুখৰ সময় এতিয়া অতীত। হতাশাগ্ৰস্ত সময় পাৰ কৰি এতিয়া সুখৰ সময় কটাইছে দীপিকাই। বলীউডৰ তাৰকা অভিনেতা ৰণবীৰ সিঙৰ সৈতে এতিয়া সুখী দাম্পত্য জীৱন অতিবাহিত কৰিছে। বৰ্তমান অৱশ্যে ৰণবীৰ কাপুৰৰ সৈতেও বন্ধুত্বপূৰ্ণ সু-সম্পৰ্ক ৰক্ষা কৰিছে দীপিকাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব