বৰ্তমান কিমান সম্পত্তিৰ মালিক অভিনেত্ৰী দীপিকা পাডুকন? প্ৰথম দৰমহা জানিলে আচৰিত হ’ব…
বলীউডৰ ধনী অভিনেত্ৰীৰ তালিকাত জিলিকি উঠিছে দীপিকাৰ নাম। বৰ্তমান তেওঁৰ মুঠ সম্পত্তি কোটি কোটি টকা। কিন্তু কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত আগতে মাত্ৰ কেইহাজাৰমান টকাহে পাইছিল। দীপিকাৰ প্ৰথম দৰমহা কিমান আছিল জানেনে?

Here check Deepika Padukone First Salary and her net worth
বৰ্তমান যুগৰ অন্যতম সফল বলীউড অভিনেত্ৰী দীপিকা পাডুকন। ১৮ বছৰীয়া কেৰিয়াৰত দীপিকাই সমগ্ৰ বিশ্বতে নিজৰ নাম উজলাই তুলিছে। মডেলিঙৰ পৰা আৰম্ভ কৰি বলীউড,হলিউড সকলোতে নিজৰ ছাপ পেলাইছে দীপিকাই। কেৱল ইমানে নহয় বলীউডৰ ধনী অভিনেত্ৰীৰ তালিকাত জিলিকি উঠিছে দীপিকাৰ নাম। বৰ্তমান তেওঁৰ মুঠ সম্পত্তি কোটি কোটি টকা। কিন্তু কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত আগতে মাত্ৰ কেইহাজাৰমান টকাহে পাইছিল। দীপিকাৰ প্ৰথম দৰমহা কিমান আছিল জানেনে? অভিনেত্ৰীগৰাকীৰ বৰ্তমানৰ মুঠ সম্পত্তি কিমান?
দীপিকা পাডুকনৰ বলীউড অভিষেক
২০০৭ চনত বলীউডৰ কিং খানৰ সৈতে ‘ওম শান্তি ওম’ চিনেমাত অভিষেক ঘটিছিল দীপিকাৰ।তাৰ পূৰ্বে মডেলিং জগতৰ লাইমলাইটত আছিল দীপিকা। এসময়ত বেকগ্ৰাউণ্ড মডেল হিচাপেও কাম কৰিছিল। বৰ্তমান তেওঁ বিশাল সম্পত্তিৰ মালিক। অৱশ্যে তেওঁৰ প্ৰথম দৰমহাৰ পৰিমাণ শুনিলে যিকোনো ব্যক্তিয়ে আচৰিত হ’ব পাৰে।
দীপিকাৰ প্ৰথম দৰমহা কিমান আছিল?
ডেনমাৰ্কত জন্মগ্ৰহণ কৰিছিল দীপিকাই। ৩৯ বছৰীয়া দীপিকা মডেলিঙৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন খেলুৱৈ আছিল। তেওঁৰ পিতৃ প্ৰকাশ পাডুকন এজন কিংবদন্তি বেডমিণ্টন তাৰকা। বেডমিণ্টনক ভালপোৱা সত্ত্বেও দীপিকাই পিছলৈ গ্লেমাৰৰ জগতখনত ভৰি দিছিল। আৰু দীপিকাই প্ৰথম মডেলিং এচাইনমেণ্টৰ বাবে মাত্ৰ ২ হাজাৰ টকা দৰমহা পাইছিল।
মন কৰিবলগীয়া যে বলীউডত ভৰি দিয়াৰ আগতে দীপিকাই কানাড়া চিনেমা (ঐশ্বৰ্য)ত অভিনয় কৰিছিল। ২০০৬ চনত মুক্তি পোৱা সেই চিনেমাখন আছিল ৰোমান্টিক নাটক। তাৰপৰা পিছৰ বছৰত তেওঁৰ কপাল ফুলি উঠিল। ফাৰাহ খানৰ পৰিচালনাত নিৰ্মিত ‘ওম শান্তি ওম’ চিনেমাৰ বাবে কোনো মাচুল লোৱা নাছিল দীপিকাই। এই চিনেমাখন আছিল ছুপাৰহিট। এতিয়া প্ৰশ্ন হয় এই ছবিখনৰ বাবে দীপিকাই কিয় মাচুল লোৱা নাছিল? পিছত দীপিকাই কয় যে শ্বাহৰুখ খানৰ সৈতে প্ৰথমখন বলীউড ছবি নিৰ্মাণৰ সুযোগ পাই তেওঁ ধন্য হৈছিল। একে সময়তে তেওঁ কিং খানক সন্মান জনোৱাৰ বাবে মাচুল নোলোৱাৰ সিদ্ধান্ত লয়।
দীপিকাৰ নেটৱৰ্থ
দীপিকাই ১৮ বছৰ চলচ্চিত্ৰ জগতত কটালে। অভিনেত্ৰীগৰাকীয়ে এতিয়ালৈ ৪০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে। বিভিন্ন ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ পৰাও উপাৰ্জন কৰে। একাধিক খবৰ অনুসৰি দীপিকাৰ সম্পত্তিৰ পৰিমাণ ৫০০ কোটি।
লগতে পঢ়ক: ৬ সন্তানৰ মাতৃ হ’বলৈ ওলাইছিল ছানী লিয়নী, হেৰুৱাইছিল ৪ গৰাকী কন্যা, তাৰ পিছত…