কেনে আছিল শ্বাহৰুখৰ ব্যক্তিত্ব? জনালে অভিনেত্ৰী দীপিকাই…

অভিনেতা শ্বাহৰুখ খানৰ কথা সকলোৱে জানে। তেওঁৰ অতিকে ভাল বান্ধৱী অভিনেত্ৰী দীপিকা দেছপাণ্ডে। বলীউডত প্ৰৱেশ কৰাৰ পূৰ্বৰে পৰা দুয়োৰে চিনাকী আছিল। সেই বন্ধুত্ব এতিয়ালৈ আছে।

কেনে আছিল শ্বাহৰুখৰ ব্যক্তিত্ব? জনালে অভিনেত্ৰী দীপিকাই...

Shahrukh Khan

Updated On: 

30 Sep 2025 | 04:13 PM

তেওঁ কোনো চুুপাৰষ্টাৰৰ সন্তান নাছিল। ‘বাদশ্বাহ’ উপাধি লাভ কৰিবলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে। বহু বছৰৰ কষ্ট আৰু অপেক্ষাৰ অন্তত কিছুদিন পূৰ্বে শ্বাহৰুখ খানে লাভ কৰিছে ৰাষ্ট্ৰীয় সন্মান। শ্বাহৰুখ খানৰ অনুৰাগী বহুত আছে। কিন্তু বহুতে তেওঁৰ বিষয়ে বহু কথা নাজানে। অৱশ্যে শ্বাহৰুখৰ বান্ধৱী তথা এগৰাকী অভিনেত্ৰীয়ে তেওঁৰ বিষয়ে এক বিশেষ তথ্য প্ৰকাশ কৰিছে।

প্ৰায় সকলোৱে জানে, শ্বাহৰুখ খান থিয়েটাৰৰ প্ৰতি আকৰ্ষিত। তেওঁ বেৰী জনছ (Barry Jones)ৰ গ্ৰুপত নিয়মিতভাৱে কাম কৰিছিল। সেই গ্ৰুপটোত শ্বাহৰুখ খানৰ সৈতে অভিনেত্ৰী দীপিকি দেছপাণ্ডে কাম কৰিছিল। সেই সময়ত শ্বাহৰুখ খান কেনে আছিল বা তেওঁ ব্যৱহাৰ কেনে আছিল এই সন্দৰ্ভত দীপিকাই এক সাক্ষাৎকাৰত কৈছিল।

ষ্টাৰ কিড নহ’লেও শ্বাহৰুখ খানৰ পৰিয়ালৰ অৱস্থা বেয়া নাছিল। সেই সময়ত তেওঁৰ ওচৰত এখন সাধাৰণ চাৰিচকীয়া বাহন আছিল। এই সন্দৰ্ভত দীপিকাই কয় যে, “শ্বাহৰুখ খান আৰু ঋতুৰাজ দুয়োৰে ওচৰত গাড়ী আছিল। থিয়েটাৰ শেষ হোৱাৰ সময়ত প্ৰায়ে নিশা হৈছিল। তেনে অৱস্থাত শ্বাহৰুখে যুৱতীসকলক ঘৰত থ’ব লগাত পৰিছিল। এনে লাগিছিল যে কোনোৱে মালগাড়ী চলাই আছে। তেওঁ সকলোকে গাড়ীত উঠাই আৰু ঘৰত থৈ আছে। সকলোৰে সহায় কৰিছিল। আনকি আমাৰ সকলোৰে সৈতে সাজ-পোছাক ক্ৰয় কৰিছিল”।

ব্যক্তি হিচাপে শ্বাহৰুখ কেনে আছিল তাৰ উত্তৰো দীপিকাই দিছে। তেওঁ কয় যে, “সেই সময়ত তেওঁৰ যিমান উৎসাহ আছিল, এতিয়াও আছে। সকলোৰে কাষত থিয় হয় তেওঁ। তেওঁ এতিয়াও আনক সহায় কৰে”।

উল্লেখ্য যে, ২০১৬ চনত মুক্তি লাভ কৰা শ্বাহৰুখৰ ‘ফেন’ ছবিখনত দীপিকাই মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল। শ্বাহৰুখ আৰু দীপিকাৰ বয়স একে হ’লেও ছবিখনত তেওঁ ভাল অভিনয় কৰিছিল। অৱশ্যে ছবিখন বক্স অফিচত ফ্লপ হৈছিল।

 

অন্য খবৰ পঢ়কঃ বোৱাৰীক প্ৰহাৰ! লগে লগে সহ-অভিনেতাক গোৰ মাৰিলে জয়াই, পাছত…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...