পুনৰ বিপদত শ্বাহৰুখ তনয় আৰিয়ান! এইবাৰ উঠিছে অশালীন ইঙ্গিতেৰে নাৰীক অপমানৰ অভিযোগ

এনে অশালীন ইংগিতৰ জৰিয়তে আৰিয়ানে নাৰীক অপমান কৰিছে বুলি অধিবক্তাগৰাকীয়ে অভিযোগ কৰে। অধিবক্তা ৱাজে হুছেইনৰ পৰা এনে এজাহাৰ পোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে।

পুনৰ বিপদত শ্বাহৰুখ তনয় আৰিয়ান! এইবাৰ উঠিছে অশালীন ইঙ্গিতেৰে নাৰীক অপমানৰ অভিযোগ

বিপদত আৰিয়ান খান

Updated On: 

07 Dec 2025 | 01:18 PM

পুনৰ বিপদত পৰিছে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান। বেংগালুৰু থানাত আৰিয়ানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এজন অধিবক্তাই। শ্বাহৰুখ তনয় আৰিয়ানে অশ্লীল ইংগিত দি নাৰীক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰিছে অধিবক্তাগৰাকীয়ে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ৰ ভিত্তিত আৰিয়ানৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰা হৈছে। শেহতীয়াকৈ বেংগালুৰুৰ এটা নাইট ক্লাবত বন্ধু-বান্ধৱীৰ সৈতে দেখা গৈছিল আৰিয়ান খান।

তাতে কেমেৰা দেখাৰ পাছত হঠাতে আৰিয়ানে ভিৰৰ মাজত নিজৰ মধ্যমা আঙুলি দেখুৱায়। সেই ভিডিঅ’টোৰ ভিত্তিতে অধিবক্তা ৱাজে হুছেইনে আৰিয়ানৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে। অধিবক্তাগৰাকীৰ অভিযোগ, সেই সময়ত নাইট ক্লাবত বহু মহিলা উপস্থিত আছিল।

আৰিয়ানে নিজৰ মধ্যমা আঙুলিটো এইদৰে দেখুৱাব নালাগিছিল বুলি তেওঁ উল্লেখ কৰে। এনে অশালীন ইংগিতৰ জৰিয়তে আৰিয়ানে নাৰীক অপমান কৰিছে বুলি অধিবক্তাগৰাকীয়ে অভিযোগ কৰে। অধিবক্তা ৱাজে হুছেইনৰ পৰা এনে এজাহাৰ পোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে।

এজাহাৰৰ ভিত্তিত এতিয়া নাইট ক্লাবৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হ’ব ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰে। যদি সঁচাকৈয়ে আৰিয়ানে কোনো অশ্লীল ইংগিত দিছে, তেতিয়া উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষী বিষয়াজনে লগতে কয়।

অৱশ্যে আৰিয়ানৰ এই ভিডিঅ’ ভাইৰেল হ’লেও এইপৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই শ্বাহৰুখ তনয়ে। সমগ্ৰ ঘটনাৰ বাবে আৰিয়ানে ক্ষমা খুজিব লাগে বুলি দাবী কৰিছে অধিবক্তাগৰাকীয়ে। এতিয়া আৰক্ষীৰ তদন্তত এই তদন্তত কি তথ্য পোহৰলৈ আহে তথা কেনে ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...