মাতৃ হ’ল ভাৰতী সিং, দ্বিতীয় সন্তানৰ মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিলে কমেডী কুইনে

Bharti Singh Second Child: ভাৰতী আৰু হৰ্ষ লিম্বাচিয়াই দ্বিতীয়বাৰৰ বাবে আদৰণি জনাইছে এটি পুত্ৰ সন্তানক। বৰ্তমানলৈ দুয়ো কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই।

মাতৃ হ’ল ভাৰতী সিং, দ্বিতীয় সন্তানৰ মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিলে কমেডী কুইনে
Published: 

20 Dec 2025 | 10:25 AM

Bharti Singh Second Child: সুখ পুনৰ আহিছে কমেডী কুইন ভাৰতী সিং আৰু তেওঁৰ স্বামী লেখক হৰ্ষ লিম্বাচিয়াৰ ঘৰত। দ্বিতীয় সন্তানক আদৰণি জনাইছে দম্পতীয়ে। ভাৰতী আৰু হৰ্ষৰ পৰিয়ালটো আৰু ডাঙৰ হৈ হ’ল, তেওঁলোকৰ ঘৰখন আনন্দৰে ভৰি পৰিছে। অৱশ্যে দুয়ো আনুষ্ঠানিক ঘোষণাৰ বাবে এতিয়াও অপেক্ষা কৰি আছে।

ভাৰতী সিং আৰু হৰ্ষ লিম্বাচিয়াই বিশেষ ধৰণেৰে দ্বিতীয় সন্তানৰ সুখৰ খবৰটো প্ৰকাশ কৰে। তেওঁলোকৰ অনুৰাগীসকলে এই মুহূৰ্তৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। খবৰ অনুসৰি আজি ১৯ ডিচেম্বৰত পুৱা ভাৰতীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে আৰু দুয়োৰে অৱস্থা ভাল। মানুহে এতিয়া আগ্ৰহেৰে অপেক্ষা কৰি আছে তেওঁলোকৰ পোষ্টৰ বাবে।

টেলিটকৰ এক প্ৰতিবেদনত তেওঁলোকৰ দ্বিতীয়টো ল’ৰা সন্তানৰ আগমন নিশ্চিত কৰা হৈছে। অৱশ্যে এতিয়ালৈকে সংবাদ মাধ্যমৰ সৈতে বা তেওঁলোকৰ ছ’চিয়েল মিডিয়া একাউণ্টত কোনো তথ্য শ্বেয়াৰ কৰা নাই দম্পতীয়ে। ইয়াৰ পূৰ্বে ভাৰতী সিঙে ২০২২ চনত তেওঁলোকৰ প্ৰথম পুত্ৰক জন্ম দিছিল, যাক তেওঁলোকে মৰমেৰে গোলা বুলি মাতে।

গৰ্ভাৱস্থাতো কাম কৰিছিল ভাৰতীয়ে

প্ৰথম গৰ্ভাৱস্থাৰ সময়তো একেৰাহে শেষলৈকে কাম কৰা দেখা গৈছিল ভাৰতীক। এতিয়া দ্বিতীয়টো গৰ্ভাৱস্থাৰ সময়তো পেছাদাৰী আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিছে। লাফটাৰ চেফৰ তৃতীয় ছিজনৰ চেটত অভিনেতাসকলে আনকি ভাৰতীৰ বাবে বিশেষ ছাৰপ্ৰাইজ বেবী শ্বাৱাৰৰ পৰিকল্পনাও কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...