সুস্মিতাৰ সপোন পূৰণৰ বাবে চাকৰি এৰি দিছিল! কিয় প্ৰথম প্ৰেমিকৰ সৈতে বিচ্ছেদ ঘটিছিল অভিনেত্ৰীগৰাকীৰ…

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী সুস্মিতা সেন। কেইটামান দিন আগতে উৰাবাতৰি প্ৰচাৰ হৈছিল যে সুস্মিতাই ললিত মোডীৰ প্ৰেমত পৰিছে। অৱশ্যে সুস্মিতাই এই কথা নাকচ কৰিছিল।

সুস্মিতাৰ সপোন পূৰণৰ বাবে চাকৰি এৰি দিছিল! কিয় প্ৰথম প্ৰেমিকৰ সৈতে বিচ্ছেদ ঘটিছিল অভিনেত্ৰীগৰাকীৰ...

সুস্মিতা সেন

Published: 

27 Oct 2025 | 05:26 PM

সম্পৰ্ক, প্ৰেম, বিচ্ছেদ আদি বিভিন্ন কাৰণত বহু সময়ত বলীউড অভিনেত্ৰী সুস্মিতা সেন চৰ্চাত থকা দেখা যায়। মিছ ইউনিভাৰ্ছৰ খিতাপ জয় কৰাৰ পাছত বলীউডত প্ৰৱেশ কৰি তেওঁ জনপ্ৰিয় হৈ পৰিছিল। সমানে চৰ্চা হৈছিল সুস্মিতাৰ প্ৰেম জীৱনলৈ। তাৰ ভিতৰত অভিনেতা ৰণদ্বীপ হুডাৰ সৈতে তেওঁৰ প্ৰেম বহু দিন চলিছিল।

ইয়াৰ মাজতে কেইটামান দিন পূৰ্বে ললিত মোডীৰ সৈতে সুস্মিতাৰ প্ৰেমৰ সম্পৰ্ক আছে বুলি চৰ্চা চলিছিল। আনকি দুয়োৰে বিয়া হ’ব বুলিও বহুতে দাবী কৰিছিল। কিন্তু সুস্মিতাই এই সকলো দাবী নাকচ কৰিছিল। ইয়াৰ মাজতে সুস্মিতা সেনে তেওঁৰ প্ৰেমৰ সম্পৰ্কক লৈ বিশেষ মন্তব্য কৰিছে। সুস্মিতাই তেওঁৰ প্ৰথম প্ৰেমিকৰ বিষয়ে কয়।

মিছ ইউনিভাৰ্ছৰ প্ৰশিক্ষণ বাবে সেই সময়ত দিল্লীৰ পৰা মুম্বাইলৈ যাবলগীয়া হৈছিল সুস্মিতা। কেৰিয়াৰৰ আৰম্ভণিৰ সময়চোৱাত সুস্মিতাই বহু কষ্ট কৰিবলগীয়া হৈছিল। সেই সময়তে সুস্মিতাই লগ পাইছিল তেওঁৰ প্ৰথম প্ৰেমিক ৰজত তাৰাক। সুস্মিতাই এক সাক্ষাৎকাৰত কয়, “মোৰ প্ৰথম প্ৰেমৰ সম্পৰ্ক আছিল ৰজত তাৰাৰ সৈতে। তেওঁ মোক বৰ সহায় কৰিছিল। মোৰ লগত সকলো সময়তে আছিল। মোৰ সপোন পূৰণৰ বাবে ৰজতে চাকৰি এৰি দিছিল”।

সুস্মিতাই আৰু কয় যে, “মিছ ইউনিভাৰ্ছৰ প্ৰশিক্ষণৰ বাবে মই দিল্লীৰ পৰা মুম্বাইলৈ আহিছিলো। ইয়াৰ আগতে মই কেতিয়াও অকলে থাকি পোৱা নাছিলো। ৰজত মোৰ লগত আছিল। ৰজতে সেই সময়ত কাপোৰৰ এটা কোম্পানীত কাম কৰিছিল। তেওঁ এমাহৰ ছুটী বিচাৰিছিল, কিন্তু কোম্পানীয়ে ছুটী দিয়া নাছিল। যাৰ বাবে তেওঁ চাকৰি এৰি দিছিল। ৰজতে মোৰ কেৰিয়াৰৰ বাবে নিজৰ কেৰিয়াৰ ধ্বংস কৰি পেলাইছিল। সেয়া সঁচাকৈ বহুত আছিল মোৰ বাবে। কিন্তু ভুল বুজাবুজিৰ বাবে পাছলৈ আমাৰ বিচ্ছেদ হৈছিল”। 

 

 

অন্য খবৰ পঢ়কঃ ছলমান খানক সন্ত্ৰাসবাদী আখ্যা পাকিস্তানৰ, কি কৈছিল অভিনেতাজনে….

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...