বিয়াৰ পিছত প্ৰতিদিনে কি বিচাৰিছিল অভিনেত্ৰী কৰিশ্মাৰ স্বামীয়ে? পোহৰলৈ আহিছে এই তথ্য

কৰিশ্মাই প্ৰাক্তন স্বামীক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত কান্দি কান্দি ভাঙি পৰা এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেতিয়াৰ পৰাই কৰিশ্মা আৰু সঞ্জয়ৰ বিবাহ সম্পৰ্কীয় বিভিন্ন কাহিনী ছ’চিয়েল মিডিয়াত ভাইৰেল পৰিছে।

বিয়াৰ পিছত প্ৰতিদিনে কি বিচাৰিছিল অভিনেত্ৰী কৰিশ্মাৰ স্বামীয়ে? পোহৰলৈ আহিছে এই তথ্য

বিয়াৰ পিছত কিয় সঞ্জয়ক এই বস্তু বিচাৰিছিল কৰিশ্মা কাপুৰে!

Published: 

26 Jul 2025 11:46 AM

১২ জুনত বলীউড অভিনেত্ৰী কৰিশ্মা কাপুৰৰ স্বামী ব্যৱসায়ী সঞ্জয় কাপুৰৰ হাৰ্ট এটেকত মৃত্যু হয়। লণ্ডনত গল্ফ খেলি থকা অৱস্থাত মৌমাখিয়ে ভিতৰত গৈ বিষক্ৰিয়াৰ ফলত হাৰ্ট এটেকত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। প্ৰাক্তন স্বামীৰ মৃত্যুত কৰিশ্মাই শোক প্ৰকাশ কৰিছিল। স্বামীক শেষ শ্ৰদ্ধাঞ্জলি জনাওঁতে কান্দি কান্দি ভাঙি পৰা এটা ভিডিঅ’ ভাইৰেল হৈ পৰে অভিনেত্ৰীগৰাকীৰ। তেতিয়াৰ পৰাই কৰিশ্মা আৰু সঞ্জয়ৰ বিবাহ সম্পৰ্কীয় বিভিন্ন কাহিনী ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

শেহতীয়াকৈ এক সাক্ষাৎকাৰত কৰিশ্মাই তেওঁৰ বিবাহ সম্পৰ্কে অলপ পৰিচিত কাহিনী প্ৰকাশ কৰে, যিটো কাহিনী বৰ্তমান বলীউডৰ চৰ্চা।

অভিনেত্ৰীগৰাকীয়ে কয় যে, সঞ্জয়ে আগতে কৰিশ্মাক অত্যাচাৰ কৰিছিল। বহুতে কৈছিল সঞ্জয়ৰ বাবে কৰিশ্মা ট্ৰফী ৱাইফ। অৰ্থাৎ বলীউডৰ এক নম্বৰ অভিনেত্ৰীক বিয়া কৰোৱাটো সঞ্জয়ৰ বাবে এটা ষ্টেটাছ চিম্বল।

এই সাক্ষাৎকাৰত কৰিশ্মাই কয় যে, বিয়াৰ পিছত সঞ্জয়ে তেওঁক অভিনয় ত্যাগ কৰি পাৰিবাৰিক জীৱনত মনোনিৱেশ কৰিব কৈছিল। কিন্তু সঞ্জয়ক স্পষ্টকৈ ক’লে যে, অভিনয় অবিহনে তেওঁ থাকিব নোৱাৰে। কৰিশ্মাৰ ঘনিষ্ঠ বন্ধুসকলৰ মতে সঞ্জয়ে কেতিয়াও পত্নী হিচাপে তেওঁক সন্মান কৰা নাছিল। বৰঞ্চ বলীউডৰ পৰা কিনা গ্লেমাৰ পুতলাৰ দৰে ব্যৱহাৰ কৰিছিল। বন্ধু-বান্ধৱীৰ মাজত জনপ্ৰিয়তা বজাই ৰাখিবলৈ তেওঁ কৰিশ্মাক ব্যৱহাৰ কৰিছিল। সেই সপোন বাস্তৱায়িত হ’ল, কিন্তু সঞ্জয় আৰু কৰিশ্মাৰ বিচ্ছেদ হ’ল।

নাগ পঞ্চমীৰ দিনটোত এই ৪ টা কাম ভুলতেও নকৰিব...
মানচেষ্টাৰত ইতিহাস ৰচিলে শুভমন গিলে, পাকিস্তানৰ হাতৰ পৰা কাঢ়ি আনিলে এই বৃহৎ অভিলেখ
উপকাৰী গুণেৰে ভৰপূৰ হালধি মিহলি গাখীৰো হ’ব পাৰে ক্ষতিৰ কাৰণ, এইসকল লোক হওক সাৱধান
উচ্চ ৰক্তচাপ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব? উপায় জানক