গৰ্ভত কাপুৰ পৰিয়ালৰ সন্তান, বিহ পান কৰে বলীউডৰ এক নম্বৰ নায়িকাই! ৰণবীৰৰ পৰিয়ালত ভয়ংকৰ ঘটনা

ৰণবীৰ কাপুৰেও বিভিন্ন সাক্ষাৎকাৰত কৈছে যে পিতৃ-মাতৃৰ কাজিয়া দেখি শিশু অৱস্থাত কেনেদৰে তেওঁ মানসিক অশান্তিৰ সন্মুখীন হৈছিল। কিন্তু আপুনি জানেনে যে ঋষি-নীতুৰ পৰিয়ালত যি অশান্তি হৈছিল, তাৰ ফলত নীতুৱে বিহ পান কৰিছিল!

গৰ্ভত কাপুৰ পৰিয়ালৰ সন্তান, বিহ পান কৰে বলীউডৰ এক নম্বৰ নায়িকাই! ৰণবীৰৰ পৰিয়ালত ভয়ংকৰ ঘটনা

ৰণবীৰৰ পৰিয়ালত ভয়ংকৰ ঘটনা

Published: 

18 Jun 2025 | 03:03 PM

ঋষি কাপুৰৰ সৈতে নীতু সিঙৰ অহৰহ বৈবাহিক মতভেদৰ কথা সমগ্ৰ বলীউডে জানে। তেওঁলোকৰ বিবাহৰ পিছতেই নীতু সিঙৰ উজ্জ্বল কেৰিয়াৰটো ধ্বংস হৈ যায়। সেই কথা বাৰে বাৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। আনকি বিভিন্ন সাক্ষাৎকাৰতো ৰণবীৰ কাপুৰে কৈছে যে কেনেদৰে পিতৃ-মাতৃৰ কাজিয়া দেখি শিশু অৱস্থাত মানসিক অস্থিৰতাত ভুগিছিল। কিন্তু আপুনি জানেনে যে ঋষি-নীতুৰ পৰিয়ালত যি অস্থিৰতা ইমানেই বেছি হৈছিল যে নীতুৱে বিহ পান কৰিছিল!

১৯৮০ চনত ঋষি কাপুৰ আৰু নীতু সিঙৰ বিয়া হৈছিল। সেই সময়ত নীতুৰ কেৰিয়াৰ বহু ওপৰলৈ গৈছিল। ঋষি আছিল প্ৰযোজকৰ চকুৰ মণি। সেই সময়তে নীতু আৰু ঋষিয়ে বৈবাহিক সম্পৰ্কত বান্ধ খালে। কিন্তু বিয়াৰ কেইবছৰ পাৰ হৈ যোৱাৰ লগে লগে শুনা গ’ল যে ঋষিৰ কথাৰ বাবেই নীতুৱে ছবিৰ পৰা আঁতৰি আহিবলৈ বাধ্য হয়। কেৱল সেয়াই নহয়, মদ্যপানৰ বাবে ঋষিৰ পৰিয়ালটোৰ অশান্তি বাঢ়ি গৈছিল। সেইই সময়তে এটা ঘটনা সংঘটিত হয়।

বিয়াৰ মাত্ৰ এবছৰৰ অন্তত নীতুৱে গৰ্ভৱতী হোৱা বুলি বলীউডত চৰ্চা হৈছিল। তেতিয়াই ঋষিৰ লগত পাৰিবাৰিক অশান্তি বাঢ়িবলৈ ধৰিলে। সেই সময়ত উদ্যোগটোৰ আন এগৰাকী নায়িকাৰ নাম ঋষিৰ লগত জড়িত হয়। আনকি ঋষিয়ে নীতুৰ সৈতে বিবাহ বিচ্ছেদ কৰিব বিচাৰিছিল বুলিও শুনা যায়। আৰু ইয়াৰ ফলত কাপুৰ পৰিয়ালত অশান্তিৰ সৃষ্টি হৈছিল। উৰাবাতৰি অনুসৰি কাপুৰ বংশৰ এটি সন্তানৰ নীতুৰ গৰ্ভত আছিল। কাজিয়া ইমানেই বাঢ়িল যে নীতুৱে বিহ পান কৰে! যিহেতু বিহৰ মাত্ৰা কম আছিল আৰু বিহ ইমান মাৰাত্মক নাছিল, সেয়েহে ৰক্ষা পৰিল নীতু। আনকি নীতুক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল। পিছত ঋষি কাপুৰে আনকি নীতুৰ ওচৰত ক্ষমা খুজে। অৱশ্যে আজিও যেতিয়া কাপুৰ পৰিয়ালৰ কাজিয়াৰ কথা আহিব তেতিয়া বাৰে বাৰে আলোচনালৈ আহিব নীতু আৰু ঋষিৰ সম্পৰ্ক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...