‘মোৰ উদ্দেশ্য আছিল…’ কান্তাৰা বিতৰ্ককলৈ ক্ষমা বিচাৰি কি ক’লে ৰণবীৰ সিঙে?
Ranveer Singh Apologise: শেহতীয়াকৈ গোৱাত অনুষ্ঠিত IFFI 2025 ত কান্তাৰা ছবিৰ এটা দৃশ্য নকল কৰিছিল অভিনেতা ৰণবীৰ সিঙে। ইয়াৰ ফলত ছ’চিয়েল মিডিয়াত সমালোচনাৰ সন্মুখীন হৈছিল অভিনেতাজন। তেওঁৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈছিল, কিন্তু এতিয়া অভিনেতাজনে ক্ষমা বিচাৰিছে।

IFFI2025 (ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ)ৰ সামৰণি অনুষ্ঠানত ৰণবীৰ সিঙে অভিনেতা ঋষভ শ্বেট্টীক প্ৰশংসা কৰে আৰু তেওঁৰ ছবি “কান্তাৰা অধ্যায় ১”ৰ এটা দৃশ্য নকল কৰে। ইয়াৰ পিছতে তেওঁৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হয়। তীব্ৰতৰ হৈ পৰিছে এই বিতৰ্ক। মঙলবাৰে ৰণবীৰে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি জনসাধাৰণৰ ওচৰত ক্ষমা বিচাৰিলে।
ৰণবীৰে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, “মোৰ উদ্দেশ্য আছিল ছবিখনত ঋষভ শ্বেট্টীৰ আচৰিত অভিনয়ক হাইলাইট কৰি তোলা। মই জানো যে সেই বিশেষ দৃশ্যটোক তেওঁ কৰা ধৰণে এক্সিকিউট কৰিবলৈ কিমান সময় লাগিছিল। তাৰ বাবে মই তেওঁক অপৰিসীম প্ৰশংসা কৰো। মোৰ দেশৰ প্ৰতিটো সংস্কৃতি, পৰম্পৰা, বিশ্বাসৰ প্ৰতি মোৰ সদায় সন্মান আছে। যদি মই কাৰোবাৰ আৱেগক আঘাত দিছো, তেন্তে মই অন্তৰৰ পৰা ক্ষমা বিচাৰিছোঁ।”
গোটেই ঘটনাটো কি?
শুকুৰবাৰে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (IFFI)সামৰণি অনুষ্ঠানৰ সময়ত ৰণবীৰে ঋষভ শ্বেট্টীক প্ৰশংসা কৰে। তেওঁ নিজেও “কান্তাৰা ৩”ত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে। তেওঁ ছবিখনৰ এটা দৃশ্যও নকল কৰিছিল। তেওঁৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে, আৰু দৰ্শকে ৰণবীৰক ধৰ্মীয় আৱেগক আঘাত দিয়াৰ বাবে সমালোচনা কৰিছে। মঞ্চত ৰণবীৰে অনুকৰণ কৰা “কান্তাৰা ২”ৰ দৃশ্যটোৰ সন্দৰ্ভত কোৱা হৈছে যে ৰণবীৰে চামুণ্ডেশ্বৰী দেৱীক ঠাট্টা কৰিছে।
Rishab Shetty NEVER laughed when Chapri Ranveer Singh mocked our sacred Chavundi Daiva on stage. He warned him instantly and stood firm for our faith. Those viral clips are maliciously edited to spread lies!@RanveerOfficial – Apologise to all Hindus and to Chavundi Daiva RIGHT… pic.twitter.com/er62rM2cE5
— ಸನಾತನ (@sanatan_kannada) December 1, 2025
“ধুৰন্ধৰ” মুক্তিৰ পূৰ্বে বিতৰ্কৰ মাজত সোমাই পৰে ৰণবীৰ সিং
ৰণবীৰ সিঙে “কান্তাৰা ২”ৰ ক্লাইমেক্স দৃশ্যৰ অনুকৰণ কৰিছিল, য’ত চামুণ্ডা দেৱীয়ে ঋষভ শ্বেট্টীত প্ৰৱেশ কৰে। এই দৃশ্যত তেওঁ ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিছিল। কিন্তু তেওঁ “কান্তাৰা”ৰ এটা দৃশ্যৰ অনুকৰণ কৰি বিতৰ্কত লিপ্ত হৈ পৰে। তেওঁ কেৱল ছ’চিয়েল মিডিয়া ট্ৰ’লিঙৰ সন্মুখীন হোৱাই নহয়, অভিযোগৰ সন্মুখীন হ’বলগীয়া হৈছিল। চামুণ্ডা দেৱীক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰি বহু এজাহাৰ দাখিল কৰিছিল ৰণবীৰ সিঙৰ বিৰুদ্ধে। অৱশেষত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছে অভিনেতাজনে।