Govinda Firing Incident: বলীউডৰ অভিনেতা গোবিন্দা গুলীবিদ্ধ, বৰ্তমান চিকিৎসালয়ত ভৰ্তি

বলীউডৰ অভিনেতা গোবিন্দাৰ ভৰিল গুলী লাগিছে। আচলতে এই গুলীটো তেওঁৰ নিজৰ ৰিভলভাৰৰ পৰাই নিক্ষেপ কৰা হৈছিল। ৰাতিপুৱা প্ৰায় ৫ বজাত সংঘটিত হয় এই ঘটনা। কোনো কামৰ বাবে ঘৰৰ পৰা ওলাই আহিছিল। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে ৰিভলভাৰটো নিজৰ জিম্মাত লয় আৰু বিষয়টোৰ তদন্ত আৰম্ভ কৰে।

Govinda Firing Incident: বলীউডৰ অভিনেতা গোবিন্দা গুলীবিদ্ধ, বৰ্তমান চিকিৎসালয়ত ভৰ্তি

বলীউডৰ অভিনেতা গোবিন্দা গুলীবিদ্ধ

Updated On: 

01 Oct 2024 11:26 AM

পুৱা এটা ডাঙৰ খবৰ আহিছে যে বলীউডৰ অভিনেতা গোবিন্দা গুলীবিদ্ধ। আচলতে তেওঁৰ ভৰিত গুলী লাগিছে আৰু এই গুলীটো তেওঁৰ নিজৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰৰ পৰাই নিক্ষেপ কৰা হৈছে। ৰাতিপুৱা প্ৰায় ৫ বজাত সংঘটিত হোৱা এই ঘটনাটোৰ কিছু সময় আগত কামৰ বাবে ঘৰৰ পৰা ওলাই আহিছিল। এই সময়ছোৱাত হঠাৎ ৰিভলভাৰটোৰ পৰা গুলী হোৱাৰ কথা পোহৰলৈ আহে।

গুলী লগাৰ কৰাৰ পিছতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। আহত গোবিন্দাক লগে লগে চি আৰ আই টি হাস্পতালত ভৰ্তি কৰোৱা হয়, য’ত তেওঁ চিকিৎসাধীন হৈ আছে। ইফালে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীৰ মতে, গুলীচালনাৰ পিছতে সেই স্থানত উপস্থিত হৈ গোবিন্দাৰ ৰিভলভাৰটো নিজৰ জিম্মাত লৈ যায়। বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে। অভিনেতাজনৰ ৰিভলভাৰৰ গুলী বেয়া হোৱাৰ ফলত গুলীটোৱে তেওঁৰ আঁঠুতলাগে। গোবিন্দৰ হাতত আছিল এইটো অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰ।

গোবিন্দাৰ মেনেজাৰ শশী সিনহাই কয়, ‘গোবিন্দই কলকাতালৈ যাবলৈ সাজু হৈছিল। তেওঁ নিজৰ অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটো কেছটোত ৰাখিছিল, তেতিয়াই ৰিভলভাৰটো তেওঁৰ হাতৰ পৰা পিছলি যায় আৰু গুলী তেওঁৰ ভৰিত লাগে। ডাক্তৰে গুলীটো উলিয়াই পেলাইছে আৰু এতিয়া তেওঁৰ অৱস্থা ঠিকেই আছে। বৰ্তমান তেওঁ হস্পিতালত আছে।’

লোকসভা নিৰ্বাচনৰ পূৰ্বে শিৱসেনাত যোগদান

চলিত বৰ্ষৰ মাৰ্চ মাহত লোকসভা নিৰ্বাচনৰ পূৰ্বে গোবিন্দাই মুম্বাইত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ উপস্থিতিত শিৱসেনাত যোগদান কৰিছিল। তেওঁ কৈছিল যে তেওঁ শিৱসেনাত যোগদান কৰিলে কাৰণ ই এটা পৰিষ্কাৰ দল। একে সময়তে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বকো প্ৰশংসা কৰিছিল আৰু কেইমাহমান পূৰ্বে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছিল। লগতে ছচিয়েল মিডিয়াত পি এম মোদীৰ সৈতে এখন ছবিও শ্বেয়াৰ কৰে। অভিনেতাজনে লিখিছিল, ‘মুম্বাইত নিৰ্বাচনী প্ৰচাৰৰ সময়ত ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লগ পোৱাটো এক সন্মানৰ কথা।’

‘ডান্স দীৱানে’ৰ বিচাৰক আছিল

গোবিন্দাক শেষবাৰৰ বাবে মাৰ্চ মাহত ডান্স ৰিয়েলিটি শ্ব’ ‘ডান্স দীৱানে’ত বিচাৰক হিচাপে দেখা গৈছিল আৰু তেওঁ প্ৰায়ে বলীউডত শিখৰত উপনীত হোৱাৰ সময়ৰ আকৰ্ষণীয় কাহিনী শ্বেয়াৰ কৰে। শ্ব’ শেষ হোৱাৰ পিছত গোবিন্দাই ৰাজনীতিত যোগদান কৰে আৰু এতিয়া তেওঁক প্ৰায়ে শিৱসেনাক প্ৰতিনিধিত্ব কৰা অনুষ্ঠান আৰু সভাত দেখা যায়।

 

এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?
বতৰৰ ফল আম ঠিকেই খাওঁ, পিছে আমি অধিকাংশই নাজানো আমৰ এইসমূহ দিশৰ বিষয়ে…