‘দেখাতহে ধুনীয়া, কিন্তু হৃদয়খন…,’ অমিতাভ বচ্চনেও বোৱাৰী ঐশ্বৰ্যৰ বিষয়ে ক’লে এই কথা!

জয়া বচ্চন আৰু শ্বেতা বচ্চনক এই অশান্তিৰ বাবে দোষাৰোপ কৰিলেও অমিতাভ বচ্চনেও সেই জুইত ইন্ধন যোগোৱাৰ কাম কৰিছে। যিটো শেহতীয়াকৈ কৌন বানেগা কোৰপতিত দেখুওৱা হৈছে। অৰ্থাৎ অমিতাভে ঐশ্বৰ্যক খুচি আহিছে, যিটো অমিতাভৰ নতুন মন্তব্যত স্পষ্ট হৈ পৰিছে।

‘দেখাতহে ধুনীয়া, কিন্তু হৃদয়খন..., অমিতাভ বচ্চনেও বোৱাৰী ঐশ্বৰ্যৰ বিষয়ে ক’লে এই কথা!
Published: 

23 Nov 2025 | 02:20 PM

ঐশ্বৰ্য আৰু অভিষেকক কেন্দ্ৰ কৰি বচ্চন পৰিয়ালত অহৰহ অশান্তিৰ সৃষ্টি হৈছে। যদিও বচ্চন পৰিয়ালৰ কোনেও এইবোৰ কথা ৰাজহুৱাকৈ একো কোৱা নাই, কিন্তু অভিষেক আৰু ঐশ্বৰ্যৰ মাজত কথাবোৰৰ একেবাৰে মিল নোহোৱা হৈছে। সমালোচকসকলে প্ৰথমে এই অশান্তিৰ আঁৰত জয়া বচ্চন আৰু শ্বেতা বচ্চন বুলি ক’লেও শেহতীয়াকৈ কৌন বানেগা কোটিপতিত বুজা গৈছে যে অমিতাভেও সেই অশান্তিৰ জুইত ইন্ধন ঢালিছে।

কৌন বানেগা কোটিপতিৰ এগৰাকী যুৱ প্ৰতিযোগীয়ে অমিতাভক পোনপটীয়াকৈ সুধিছিল, “আপোনাৰ বোৱাৰী ঐশ্বৰ্য বৰ ধুনীয়া। তেওঁৰ সৌন্দৰ্য শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। আপুনি তেওঁৰ লগত একেখন ঘৰতে থাকে। ধুনীয়া হৈ থাকিবলৈ মোক কিছু টিপচ দিয়ক!”

যদিও প্ৰথম অৱস্থাত প্ৰতিযোগীৰ এই আচৰণত অলপ স্তম্ভিত হৈছিল, পিছত অমিতাভে অলপ ডাঠ কণ্ঠৰে ক’লে, “হয়, ঐশ্বৰ্য বৰ ধুনীয়া। সেই কথা আমি সকলোৱে জানো। কিন্তু মুখৰ সৌন্দৰ্য আজীৱন নাথাকে। বৰঞ্চ হৃদয়ত ধুনীয়া হোৱাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। কাৰণ, হৃদয়ৰ সৌন্দৰ্যই জীৱনটোক আগুৱাই লৈ যায়। ই সকলোকে প্ৰেম কৰিবলৈ শিকাই। এইটো অত্যন্ত গুৰুত্বপূৰ্ণ।” গতিকে, আমি মুখখনতকৈ হৃদয়খনক অধিক ধুনীয়া কৰি তুলিব লাগিব!”

অমিতাভৰ মন্তব্যত স্তম্ভিত হৈ পৰিছে নেটিজেন। জয়া বচ্চন আৰু শ্বেতা বচ্চনক ঘৰৰ অশান্তিৰ বাবে দোষাৰোপ কৰিলেও অমিতাভ বচ্চনেও সেই জুইত ইন্ধন যোগোৱাৰ কাম কৰিছে। যিটো শেহতীয়াকৈ কৌন বানেগা কোৰপতিত দেখা পালে। অৰ্থাৎ অমিতাভে ঐশ্বৰ্যক খুচি আছে, যিটো অমিতাভৰ নতুন মন্তব্যত স্পষ্ট হৈ পৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...