কণ্ঠশিল্পী তৰালী শৰ্মালৈ ‘বৰপেটা বঁটা ২০২৫’, বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰদান কৰে এই বঁটা

Tarali Sharma: বিশিষ্ট সংগীত শিল্পী তৰালী শৰ্মাক বৰপেটা বঁটা প্ৰদান। বৰপেটা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা মুকলি বিহুৰ অনুষ্ঠাত এই বঁটা প্ৰদান কৰা হয়। অসমীয়াৰ জাতীয় উৎসৱ ৰঙালী বিহু অতি ধুমধামেৰে পালন কৰা হয় বৰপেটাত। পহিলা ব'হাগৰ দিনটোত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ২০০ গৰাকী শিল্পীয়ে একেলগে পৰিবেশন কৰিলে বিহু নৃত্য।

কণ্ঠশিল্পী তৰালী শৰ্মালৈ বৰপেটা বঁটা ২০২৫, বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই প্ৰদান কৰে এই বঁটা

তৰালী শৰ্মালৈ বৰপেটা বটা

Updated On: 

16 Apr 2025 | 04:45 PM

পহিলা ব’হাগত বৰপেটাত ছাত্ৰ সন্থাই অনুষ্টিত কৰে মুকলি বিহু ৷ প্ৰতিবছৰৰ দৰে এইবছৰো সত্ৰনগৰী বৰপেটাত আঞ্চলিক ছাত্ৰ সন্থাই পৌৰসভাৰ খেলপথাৰত আয়োজন কৰে মুকলি বিহু ৷ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় বিভিন্ন অনুষ্ঠান। পহিলা ব’হাগৰ দিনটোত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ২০০ গৰাকী শিল্পীয়ে একেলগে পৰিবেশন কৰিলে বিহু নৃত্য। এই অনুষ্ঠানত ৰাকেশ ৰিয়ানৰ লগতে আন বহু শিল্পীয়ে পৰিৱেশন কৰে সাংস্কৃতিক অনুষ্ঠান ।

এই বিহুৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে অসমীয়া খবৰ কাকতৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাসে। অসমীয়া সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই বঁটা। এই অনুষ্ঠানতে বিশিষ্ট সংগীত শিল্পী তৰালী শৰ্মাক ‘বৰপেটা বঁটা ২০২৫’প্ৰদান কৰা হয়। বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই বিগত ২০১৩ চনৰ পৰা এই বঁটা প্ৰদান আহিছে। এইবেলি স্বনামধন্য সংগীত শিল্পী তৰালী শৰ্মালৈ এই বঁটা আগবঢ়োৱা হৈছে।

কিছুদিন পূৰ্বে ৰঙালী বিহু উদযাপন উপলক্ষে শ্বহীদ ভৱনৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই এই কথা ঘোষণা কৰিছিল। বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ হৈ বৰপেটা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অবিনাশ কুমাৰে এই কথা উল্লেখ কৰে। প্ৰতিবছৰে ৰাজ্যৰ ক্ৰীড়া, সাংস্কৃতিক, সাহিত্য, সংগীত তথা বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়োৱা ব্যক্তিক ‘বৰপেটা বঁটা’ প্ৰদান কৰি অহা হৈছে। সেয়ে এইবাৰ ‘বৰপেটা বঁটা’ ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সংগীত শিল্পী তথা কিংবদন্তি সংগীত শিল্পী প্ৰয়াত প্ৰভাত শৰ্মাৰ জীয়ৰী তৰালী শৰ্মালৈ আগবঢ়োৱা হয়। এই বঁটাৰ সৈতে নগদ দহ হেজাৰ টকা, এখন মানপত্ৰ,শৰাই, চেলেং, জাপি, ফুলাম গামোচা আগবঢ়োৱা হয়।

এই বঁটা গ্ৰহণ কৰি নিজকে ভাগ্যবান বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংগীত শিল্পী তৰালী শৰ্মাই। তেওঁ কয়, আজিৰ পৰা মোৰ দায়িত্ব আৰু বাঢ়িল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...