‘স্বৰ্গৰথ’ আহিছে! আজিৰে পৰা আপোনাৰ কাষৰ ছবিগৃহত নতুন অসমীয়া ছবিখন

মুক্তি পালে নতুন অসমীয়া ছবি স্বৰ্গৰথ। ছবিখন শীৰ্ষ গীতটিত কন্ঠদান কৰিছে অৰূপ জ্যোতি বৰুৱাই ৷

‘স্বৰ্গৰথ’ আহিছে! আজিৰে পৰা আপোনাৰ কাষৰ ছবিগৃহত নতুন অসমীয়া ছবিখন

মুক্তি পালে নতুন অসমীয়া ছবি

Published: 

07 Jun 2024 | 02:55 PM

আজি ৰাজ্যৰ ছবিগৃহত মুক্তিলাভ  এ এম টেলিভিছনৰ বেনাৰত নিৰ্মিত ছবি স্বৰ্গৰথ। বৃহস্পতিবাৰে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত আইদেউ ছবিগৃহত ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠিত হয়। এ এম টেলিভিছনৰ নৱতম উপহাৰ হৈছে ‘স্বৰ্গৰথ’৷

এই ছবিখন পৰিচালক ৰাজেশ ভূঞা আৰু প্ৰযোজনা কৰিছে সঞ্জীৱ নাৰায়ণৰ, লগতে সহ প্ৰযোজক হিচাপে থাকিব ডাঃ অক্ষতা নাৰায়ণ। ছবিখন শীৰ্ষ গীতটিত কন্ঠদান কৰিছে অৰূপ জ্যোতি বৰুৱাই ৷

ছবিখনৰ মুক্তিৰ পূৰ্বে পৰা কলা-কুশলীয়ে উজনিৰ পৰা নামনিলৈ চলাইছে ব্যাপক প্ৰচাৰ । সিদ্ধাৰ্থ শৰ্মা, ৰাষ্ট্ৰীয় পৰ্যায়ত নাম জিলিকাই তোলা অভিনেতা কেনি বসুমতাৰী, কমল লোচন , বনি দেউৰী, ৰিন্তু বৰা আদিকে ধৰি আন কেইগৰাকীও জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে ।

উল্লেখ্য যে, “স্বৰ্গৰথ” ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য ৰাজেশ ভূঞাৰ লগতে শান্তনু ৰৌমূৰীয়াৰ । সহ-পৰিচালক হিচাপে আছে মনোজ শইকীয়া । ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰীয়ে । সম্পাদনা প্ৰতীম খাউণ্ডৰ । ছবিখনকলৈ এতিয়া আশাবাদী কলা-কুশলীসকল।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...