বক্স অফিচত ১ কোটি টকা উপাৰ্জন কৰা বলীউডৰ প্ৰথমখন ছবি, ৩ বছৰ ধৰি চলিছিল ছবিগৃহত!

বৰ্তমানৰ যুগত,  বক্স অফিচত কোনো এখন ছবিৰ উপাৰ্জন ১০০ কোটি, ৫০০ কোটি আৰু ১০০০ কোটিৰ ঘৰত গণনা কৰা হয়। কিন্তু আপুনি জানেনে হিন্দী চিনেমাৰ প্ৰথমখন ছবি কোনখন, যিখনে ১ কোটি টকা উপাৰ্জন কৰিছিল? অশোক কুমাৰে সেই ছবিখনত এটা আশ্চৰ্যকৰ কাম কৰিছিল আৰু ছবিখন একেৰাহে তিনি বছৰ ধৰি ছবিগৃহত চলি আছিল।

বক্স অফিচত ১ কোটি টকা উপাৰ্জন কৰা বলীউডৰ প্ৰথমখন ছবি, ৩ বছৰ ধৰি চলিছিল ছবিগৃহত!

বক্স অফিচত ১ কোটি টকা উপাৰ্জন কৰা বলীউডৰ প্ৰথমখন ছবি

Updated On: 

06 Dec 2024 | 12:53 PM

হিন্দী চিনেমাক লৈ এনে বহুতো কাহিনী আছে, যিবোৰ চিনেমা প্ৰেমীসকলে জানিব বিচাৰে। আজিৰ সময়ত ছবি এখনৰ সফলতা ইয়াৰ উপাৰ্জনৰ দ্বাৰা জোখা হয়। যদি ছবিখনে ৫০০ বা ১০০০ কোটি টকা উপাৰ্জন কৰে, তেন্তে সেই ছবিখনক লৈ আলোচনা আৰম্ভ হয়। এটা সময় আছিল যেতিয়া এখন ছবি তিনি বছৰৰ বাবে ছবিগৃহত চলি আছিল, তেতিয়া ছবিখনে ১ কোটি উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু হিন্দী চলচ্চিত্ৰত উদ্যোগত ইতিহাস সৃষ্টি হৈছিল।

আমি যিখন চলচ্চিত্ৰৰ কথা কৈ আছো তাৰ নাম হৈছে ‘কিছমত’ আৰু ছবিখন ১৯৪৩ চনত মুক্তি দিয়া হৈছিল। অশোক কুমাৰক ছবিখনত মুখ্য অভিনেতা হিচাপে দেখা গৈছিল আৰু তেওঁৰ বিপৰীতে মমতাজ শান্তিক অভিনেত্ৰী হিচাপে দেখা গৈছিল। কম বাজেটত নিৰ্মিত ছবিখনে বক্স অফিচত এক বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল।

১ কোটি উপাৰ্জন কৰা  বলীউডৰ প্ৰথমখন চলচ্চিত্ৰ

১৯৪৩ চনৰ ৯ জানুৱাৰীত মুক্তি লাভ কৰা এই ছবিখন বোম্বাই টকিজৰ বেনাৰত নিৰ্মাণ কৰা হৈছিল। ছবিখন পৰিচালনা কৰিছিল জ্ঞান মুখাৰ্জীয়ে।  প্ৰযোজনা আছিল এছ মুখাৰ্জীৰ। ছবিখনত সংগীত আছিল অনিল বিশ্বাসৰ।

ইয়াৰ উপৰিও ছবিখনত কানু ৰয়, মেহমুদ, ভি এইচ দেশাইৰ দৰে শিল্পীকো দেখা গৈছিল। প্ৰবীণ অভিনেতা মেহমুদেও এই ছবিখনৰ যোগেদি আত্মপ্ৰকাশ কৰিছিল। Sacnilkৰ মতে, কিছমত চলচ্চিত্ৰখনৰ বাজেট আছিল প্ৰায় ৫ লাখ। ভাৰতীয় বক্স অফিচত, ছবিখনে ২ কোটি সংগ্ৰহ কৰিছিল। ১০ মিলিয়নৰ সীমা অতিক্ৰম কৰা এইখন প্ৰথম ভাৰতীয় চলচ্চিত্ৰ।

কোনটো অ’টিটিত ‘কিছমত’ চাব পাৰে?

আপুনি প্ৰাইম ভিডিঅ’ত চাবস্ক্ৰীপচনৰ যোগিদে কিছমত ছবিখন চাব পাৰে। ইয়াৰ উপৰিও, আপুনি এই ছবিখন ইউটিউবত চাব পাৰে। চলচ্চিত্ৰখনত এজন ঠগ শেখৰ (অশোক কুমাৰ)ৰ কাহিনী দেখুওৱা হৈছে। যি অকলশৰীয়া আৰু টকা উপাৰ্জনৰ বাবে যিকোনো কাম কৰে। তেওঁ প্ৰৱঞ্চনাৰ জৰিয়তে টকা উপাৰ্জন কৰিবলৈ বিভিন্ন ঠাইলৈ যায়, কিন্তু যেতিয়া তেওঁ ৰাণীক (মমতাজ শান্তি) লগ পায়, তেতিয়া তেওঁৰ জীৱন সলনি হয়। এই ছবিখনক হিন্দী চলচ্চিত্ৰৰ প্ৰথম ব্লকবাষ্টাৰ বুলি কোৱা হয়।

অশোক কুমাৰৰ ইমেজ সলনি হৈছিল

অশোক কুমাৰে ১৯৩৬ চনত ‘জীৱন নৈয়া’ চলচ্চিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। কেইবছৰমানৰ ভিতৰতে, অশোক কুমাৰে বহুতো হিট ছবি উপহাৰ দিয়া। যেতিয়া ‘কিছমত’ বোলছবিখন ১৯৪৩ চনত আহিছিল আৰু ছবিখন ব্লকবাষ্টাৰ হৈছিল, তেতিয়া অশোক কুমাৰ এজন চুপাৰষ্টাৰ হৈ পৰিছিল। মানুহে অশোক কুমাৰৰ নামত চিনেমা চাবলৈ গৈছিল। পিছত, তেওঁ পৰিচালক, প্ৰযোজক আৰু গায়ক হিচাপেও উদ্যোগটোত আধিপত্য বিস্তাৰ কৰিছিল। ২০০১ চনৰ ১০ ডিচেম্বৰত ৮৪ বছৰ বয়সত অশোক কুমাৰৰ মৃত্যু হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব