‘মই কাকো আঘাত দিব বিচৰা নাছিলো’… ধৰ্মীয় বিভাজনক লৈ কি ক’লে এ আৰ ৰহমানে?

কিছুদিন পূৰ্বে বিবিচি এছিয়ান নেটৱৰ্কক দিয়া এক সাক্ষাৎকাৰত ৰহমানে কৈছিল যে, যোৱা কেইবছৰমানৰ পৰা হিন্দী ছবিত কাম কৰাৰ অফাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। উদ্যোগটোৰ শক্তিৰ গাঁথনি সলনি হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে , এতিয়া ইয়াৰ নিয়ন্ত্ৰণ এনে কিছুমান মানুহৰ হাতত আছে যিসকল ‘সৃষ্টিশীল’ নহয়।

‘মই কাকো আঘাত দিব বিচৰা নাছিলো’... ধৰ্মীয় বিভাজনক লৈ কি ক’লে এ আৰ ৰহমানে?

এ আৰ ৰহমান

Published: 

20 Jan 2026 | 01:43 PM

শেহতীয়াকৈ বলীউড সন্দৰ্ভত কৰা মন্তব্যক লৈ সমগ্ৰ দেশতে যি বিতৰ্কৰ সৃষ্টি হৈছে, সেই বিষয়ত অৱশেষত মুকলিকৈ ক’লে সংগীতৰ যাদুকৰ এ আৰ ৰহমানে। অস্কাৰ বিজয়ী সংগীতশিল্পীগৰাকীয়ে কয় যে, তেওঁৰ বক্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে আৰু তেওঁৰ কাকো আঘাত দিয়াৰ কোনো উদ্দেশ্য নাছিল। শেহতীয়াকৈ তেওঁ ইনষ্টাগ্ৰামত ভিডিঅ’ মেছেজৰ জৰিয়তে নিজৰ স্থিতি বিতংভাৱে উল্লেখ কৰে ।

কিছুদিন পূৰ্বে বিবিচি এছিয়ান নেটৱৰ্কক দিয়া এক সাক্ষাৎকাৰত ৰহমানে কৈছিল যে, যোৱা কেইবছৰমানৰ পৰা হিন্দী ছবিত কাম কৰাৰ অফাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। উদ্যোগটোৰ শক্তিৰ গাঁথনি সলনি হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে , এতিয়া ইয়াৰ নিয়ন্ত্ৰণ এনে কিছুমান মানুহৰ হাতত আছে যিসকল ‘সৃষ্টিশীল’ নহয়। ইয়াৰ মাজতে তেওঁ ইংগিত দিলে যে, ইয়াৰ আঁৰত ‘সাম্প্ৰদায়িক’ কাৰণ থাকিব পাৰে। তেওঁৰ এই মন্তব্যই ছ’চিয়েল মিডিয়া আৰু চলচ্চিত্ৰ জগতৰ এটা অংশত আলোড়নৰ সৃষ্টি কৰিছিল।

সমালোচনাৰ সন্মুখীন হৈ ৰহমানে ভিডিঅ’ বাৰ্তাত কয় যে, সংগীত সদায় তেওঁৰ বাবে মানুহক একত্ৰিত কৰাৰ এক মাধ্যম হৈ আহিছে। তেওঁ কয়, “সংগীত মোৰ বাবে সদায় সাংস্কৃতিক উদযাপন আৰু সন্মান কৰাৰ এক উপায়। ভাৰত মোৰ প্ৰেৰণা, মোৰ শিক্ষাগুৰু আৰু মোৰ ঘৰ”। মই বুজি পাওঁ যে কেতিয়াবা উদ্দেশ্যৰ ভুল ব্যাখ্যা হ’ব পাৰে, কিন্তু মোৰ লক্ষ্য সদায় আছিল সংগীতৰ জৰিয়তে মানুহৰ সেৱা আৰু দেশক সন্মান জনোৱা। মই কাকো আঘাত দিব বিচৰা নাছিলো, আশাকৰোঁ সকলোৱে মোৰ আন্তৰিকতাখিনি অনুভৱ কৰিব পাৰিব।”

ভাৰতীয় হোৱাৰ বাবে গৌৰৱ অনুভৱ কৰা বুলি উল্লেখ কৰি ৰহমানে লগতে কয়, “মই ভাৰতীয় হোৱাৰ বাবে নিজকে ভাগ্যৱান বুলি ভাবো। এই দেশখনে মোক সৃষ্টিশীল হোৱাৰ স্বাধীনতা আৰু বহু ধৰণৰ কণ্ঠস্বৰৰ সংস্কৃতি উদযাপন কৰাৰ সুযোগ দিছে।”

তেওঁৰ বক্তব্যৰ সমৰ্থনত ৰহমানে তেওঁৰ শেহতীয়া আৰু ভৱিষ্যতৰ কিছুমান প্ৰকল্পৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে ,প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ‘ঝালা’ বা ‘ৰুহ-ই-নূৰ’ পৰিৱেশনৰ পৰা আৰম্ভ কৰি নাগালেণ্ডৰ যুৱ সংগীতজ্ঞৰ সৈতে ষ্ট্ৰিং অৰ্কেষ্ট্ৰা গঠন কৰা বা ছানশ্বাইন অৰ্কেষ্ট্ৰাক মেণ্টৰিং কৰালৈকে তেওঁ লোৱা প্ৰতিটো পদক্ষেপে তেওঁৰ সৰ্বাংগীন মানসিকতা প্ৰদৰ্শন কৰে। তেওঁ ভাৰতৰ প্ৰথমটো বহুসংস্কৃতিৰ ভাৰ্চুৱেল বেণ্ড ‘চিক্ৰেট মাউণ্টেন’ আৰু হান্স জিমাৰৰ যৌথ সহযোগত ‘ৰামায়ণ’ৰ সংগীত পৰিচালনা কৰা আদি ডাঙৰ কৃতিত্বৰ কথাও উল্লেখ কৰে।

দিনত শোৱাৰ অভ্যাস ভাল নে বেয়া? ইয়াৰ ফলত কি কি সমস্যা হ'ব পাৰে?
ৰক্তহীনতা কিয় হয় ? শৰীৰত তেজৰ অভাৱ দূৰ কৰাৰ ঘৰুৱা উপায় জানক
পুৱা আপুনিও কৰে নেকি এনে ভুল? সাৱধান, নিজেই মাতি আনিছে ডায়েবেটিছৰ বিপদ
কণী খালে বৃদ্ধি হয় নেকি শৰীৰৰ ওজন? চিকিৎসকৰ পৰা জানক ...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...