বলীউডত কাম পোৱা নাই ৰহমানে! পোহৰলৈ আহিছে ডাঙৰ তথ্য

তেওঁ স্বীকাৰ কৰে যে বিগত আঠ বছৰত বলীউডত তেওঁৰ কৰ্মৰ সুযোগ যথেষ্ট হ্ৰাস পাইছে। ৰহমানৰ মতে বলীউডৰ আভ্যন্তৰীণ শক্তি সমীকৰণ বা ‘শক্তিৰ খেল’ৰ পৰিৱৰ্তনৰ বাবেই তেওঁ আগতে পোৱাৱ দৰে অফাৰ পোৱা নাই।

বলীউডত কাম পোৱা নাই ৰহমানে! পোহৰলৈ আহিছে ডাঙৰ তথ্য
Published: 

17 Jan 2026 | 02:03 PM

অস্কাৰ বিজয়ী সুৰকাৰ এ আৰ ৰহমানে উদঙালে বলীউডৰ আচৰিত ঘটনা! ভাৰতৰ অন্যতম সংগীত পৰিচালক হোৱাৰ পিছতো তেওঁ স্বীকাৰ কৰিছে যে বিগত আঠ বছৰত বলীউডত তেওঁৰ কৰ্মৰ সুযোগ যথেষ্ট হ্ৰাস পাইছে। ৰহমানৰ মতে বলীউডৰ আভ্যন্তৰীণ শক্তি সমীকৰণ বা ‘পাৱাৰ গেম’ৰ বাবেই আগৰ দৰে কাম কৰাৰ সুযোগ পোৱা নাই।

বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰহমানে কয়, হিন্দী চিনেমাৰ সৈতে তেওঁৰ সম্পৰ্কৰ সমীকৰণ সলনি হৈছে। কিন্তু তেওঁ কেতিয়াও কামৰ পৰা পলাই যোৱা নাই। তেওঁৰ বিশ্বাস যে আন্তৰিকতা থাকিলে কাম নিজেই আহিব।

ৰহমানে কয়, “যোৱা আঠ বছৰত বলীউডত ক্ষমতাৰ হস্তান্তৰ হৈছে। ক্ষমতা এতিয়া সৃষ্টিশীল নহয় মানুহৰ হাতত। ইয়াৰ আঁৰত হয়তো কিবা এটা গোট বা সাম্প্ৰদায়িক ৰাজনীতি থাকিব পাৰে, যদিও সেয়া মোৰ সন্মুখলৈ পোনপটীয়াকৈ অহা নাই। মানুহৰ পৰা বহু কথা শুনিবলৈ পাওঁ।”

যদিও কামৰ সুযোগ কমিছে, তথাপিও ইয়াৰ কোনো প্ৰভাৱ পৰা নাই ৰহমানৰ সৃষ্টিশীল মানসিকতা বা আত্মবিশ্বাসত। তেওঁ কাম আনক খুজিবলৈ ভাল নাপায়, বৰঞ্চ কামেহে তেওঁক বিচাৰে।

ৰহমানে লগতে কয়, “হয়তো মোক এখন ছবিত লোৱ হ’ল, কিন্তু দেখা গ’ল যে মিউজিক কোম্পানীয়ে তলে তলে আৰু পাঁচজন সুৰকাৰক নিযুক্তি দিছে। মই কও, ‘ভালেই, মোৰ পৰিয়ালৰ বাবে তেতিয়া অধিক সময় পাম। মই কাম বিচৰা নাই আৰু কাম বিচাৰি ক’লৈকো যাব নিবিচাৰো। মোৰ সততাই মোক কাম আনি দিব। মই যি কামৰ বাবে যোগ্য সেয়া পাম।”

আজিৰ বলীউডে দ্ৰুত সফলতা লাভৰ বাবে একেটা এলবামতে একাধিক সুৰকাৰে কাম কৰা ব্যৱসায়িক ধাৰাটোৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে, যাৰ বাবে সৃষ্টিশীল সংগীতৰ ধাৰণাবোৰ ক’ৰবাত হেৰাই গৈছে। ৰহমানে লগতে কয়, সফলতাৰ শিখৰত থকাৰ পিছতো তেওঁ নিজৰ কেৰিয়াৰৰ আৰম্ভণিতে দীৰ্ঘদিন ধৰি বলীউডত নিজকে ‘বাহিৰৰ মানুহ’ বুলি গণ্য কৰিছিল। যদিও ১৯৯১ চনত মণি ৰত্নমৰ ছবি ‘ৰোজা’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল আৰু পিছলৈ ‘বম্বে’ বা ‘দিল ছে’ৰ দৰে জনপ্ৰিয় কাম কৰিবলৈ পায়। তথাপিও বলীউডৰ লোকসকলে তেওঁক গ্ৰহণ কৰিবলৈ সময় লগাইছিল।

ৰহমানে কয়, “প্ৰথম তিনিখন ছবিৰ সময়ত মই বহিৰাগত আছিলোঁ। কিন্তু ১৯৯৯ চনত সুভাষ ঘাইৰ ‘তাল’ৰ ছবিৰ পিছত সকলোৰে হৃদয়ত সোমাই পৰিলো।” উত্তৰ ভাৰতীয় দৰ্শকৰ হৃদয়তো এই এলবামটোৱে বিশেষ স্থান দখল কৰিছিল, যাৰ বাবে ৰহমানক ভাষা আৰু সাংস্কৃতিক বাধা দূৰ কৰাত সহায় হৈছিল।

শীতকালত গৰ্ভৱতী মহিলাই কেনেকৈ ল'ব নিজৰ যতন?
শীতকালত ভুগিছে নেকি হাত-ভৰিৰ আঙুলিৰ বিষত? সাৱধান, আঁৰত এনে চিন্তনীয় সমস্যা!
বাগুৰুম্বা নৃত্যত কোৱা 'বগ্ৰুম বাগ্ৰুম মৌছাদে'ৰ অৰ্থ কি?
ডায়েবেটিছ ৰোগীয়ে মিঠাই খাব পাৰেনে? এই নিয়মবোৰ জানিলেই পূৰাব পাৰে জিভাৰ সোৱাদ!
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি