নতুন ভূমিকাত ‘ভাইজান’ ছলমানঃ পাকিস্তান নহয়, যুঁজ দিব চীনৰ বিৰুদ্ধে….

ভাৰত আৰু পাকিস্তানৰ সংঘাতক কেন্দ্ৰ কৰি চলি আছে ব্যাপক আলোচনা। দুয়ো দেশৰ মাজৰ এই বৈৰীতা এতিয়াৰ নহয়, পূৰ্বৰে পৰা চুবুৰীয়া দেশ দুখনৰ মাজত চলি আহিছে তীব্ৰ সংঘাত। পিছে বলীউডৰ ভাইজান ছলমান খানে পাকিস্তানৰ বিপক্ষে নহয়, চীনৰ বিপক্ষে যুঁজ দিয়াৰ বাবেহে সাজু হৈছে। কিয় এই সিদ্ধান্ত, চাওঁ আহক।

নতুন ভূমিকাত ‘ভাইজান’ ছলমানঃ পাকিস্তান নহয়, যুঁজ দিব চীনৰ বিৰুদ্ধে….

নতুন ভূমিকাত ছলমান খান

Published: 

19 May 2025 | 11:01 PM

যুদ্ধবিৰতি অন্ত পৰিলেও চৰ্চা অন্ত পৰা নাই ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ। এতিয়াই দুয়ো দেশৰ সংঘাতক কেন্দ্ৰ কৰি চলি আছে ব্যাপক আলোচনা। দুয়ো দেশৰ মাজৰ এই বৈৰীতা এতিয়াৰ নহয়, পূৰ্বৰে পৰা চুবুৰীয়া দেশ দুখনৰ মাজত চলি আহিছে তীব্ৰ সংঘাত। ভাৰত আৰু পাকিস্তানৰ এই সংঘাতে ঠাই পায় বলীউডতো। হিন্দী ছবি জগতত দুই দেশৰ সংঘাতৰ ওপৰত বহুকেইখন ছবি নিৰ্মাণ হৈছে। এনে কেইবাখনো ছবিত পাকিস্তানৰ বিপক্ষে নায়কৰ যুঁজৰ বীৰত্বপূৰ্ণ কাহিনী পৰিলক্ষিত হৈছে।

পিছে এইবাৰ বলীউডত পাকিস্তানৰ বিপক্ষে নহয়, চীনৰ বিৰুদ্ধে যুঁজৰ দৃশ্য দেখিবলৈ পাব দৰ্শকে। এই যুঁজৰ নায়ক হ’ব ভাইজান খ্যাত ছলমান খান। যোৱা কেইবাদিনো ধৰি ছলমান খান আৰু পৰিচালক অপূৰ্ব লখিয়াই একেলগে এখন ছবি নিৰ্মাণ কৰিছে বুলি চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে। তথ্য অনুসৰি এই ছবিখন ২০২০ চনৰ গালৱান উপত্যকাৰ সংঘাতৰ ওপৰত আধাৰিত হ’ব।

অৰ্থাৎ ছলমানক চীনৰ সৈতে যুঁজ দিয়া দেখা যাব। এগৰাকী সেনা বিষয়াৰ চৰিত্ৰত দেখা যাব ছলমানক। এতিয়া তেওঁৰ চৰিত্ৰ সন্দৰ্ভত আন এক তথ্য পোহৰলৈ আহিছে। মিড ডে’ত প্ৰকাশিত এক বাতৰি অনুসৰি অপূৰ্ব লখিয়াৰ ছবিখনত ছলমানক ২০২০ চনত লাডাখৰ গালভান উপত্যকাত চীনা সৈন্যৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া কৰ্ণেল বিকুমল্লা সন্তোষ বাবুৰ চৰিত্ৰত দেখা যাব।

এই যুঁজৰ সময়ত কৰ্ণেল বিকুমল্লা সন্তোষ বাবুৱে মূৰতো আঘাত পাইছিল যদিও দৃঢ়তাৰে থিয় দিছিল চীনা সেনাৰ সমুখত। ২০২০ চনৰ ১৪ জুনত চীনা সৈন্যৰ মুখামুখি হৈ শ্বহীদ হৈছিল কৰ্ণেল বিকুমল্লা সন্তোষ বাবু। শেষ নিশ্বাসলৈকে তেওঁ দেশৰ বাবে সাহসেৰে যুঁজ দিয়ে। ইয়াৰ পিছত বিকুমাল্লা সন্তোষ বাবুক মৰণোত্তৰভাৱে মহাবীৰ চক্ৰৰে সন্মানিত কৰা হয়। এতিয়া ছলমানে তেওঁৰ এই বীৰত্বৰ কাহিনী পৰ্দাত দেখুৱাবলৈ ওলাইছে।

এই ছবিখনৰ শ্বুটিং জুলাই মাহৰ পৰা আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে পিংকভিলাত প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে ছলমানে প্ৰায় তিনিমাহ ধৰি কেইবাজনো পৰিচালকৰ সৈতে বৈঠকত মিলিত হৈছিল। একচনৰ পৰা আৰম্ভ কৰি কমেডীলৈকে বিভিন্ন ধাৰাৰ ছবিৰ চিত্ৰনাট্যৰ ওপৰত আলোচনা হৈছিল যদিও অপূৰ্ব লখিয়াৰ চিত্ৰনাট্য অধিক পছন্দ হোৱাত ছলমানে এই ছবিখন কৰিবলৈ সন্মত হৈছিল।

অপূৰ্ব লখিয়াৰ চিত্ৰনাট্য চূড়ান্ত কৰাৰ পূৰ্বে ছলমানে যিসকল পৰিচালকৰ সৈতে বৈঠকত মিলিত হৈছিল, তেওঁলোকৰ ভিতৰত আছে কবীৰ খান, আলী আব্বাছ জাফৰ, ৰাজ চান্দিল্য, ৰাজকুমাৰ পেৰিয়াছামী, কৃষ আহিৰৰ দৰে ব্যক্তিৰ নাম। অৱশ্যে তেওঁ সন্মত হোৱা লখিয়াৰ ছবিখনৰ শিৰোনাম কি হ’ব, কেতিয়া ছবিগৃহত মুক্তি পাব, এই সকলোবোৰ তথ্য এতিয়াও প্ৰকাশ হোৱা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব