‘ব্ৰাহ্মণ’ বিতৰ্কৰ অন্তত ক্ষমা খুজিলে অনুৰাগ কাশ্যপেঃ তাৰ পিছতে ক’লে এইদৰে…

প্ৰায়ে বিভিন্ন বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰে বলীউডৰ শীৰ্ষস্থানীয় পৰিচালকগৰাকী। আজি পুনৰ এবাৰ নিজ মন্তব্যৰ বাবে চৰ্চাৰ শীৰ্ষত থাকে অনুৰাগ কাশ্যপ। ব্ৰাহ্মণ সম্প্ৰদায়ক লৈ অনুৰাগ কাশ্যপৰ এক মন্তব্যৰ পিছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। এনে বিতৰ্কৰ মাজতে অনুৰাগ কাশ্যপে নিজৰ বক্তব্যৰ বাবে ক্ষমা বিচাৰিছে।

‘ব্ৰাহ্মণ’ বিতৰ্কৰ অন্তত ক্ষমা খুজিলে অনুৰাগ কাশ্যপেঃ তাৰ পিছতে ক’লে এইদৰে…

অনুৰাগ কাশ্যপ

Updated On: 

19 Apr 2025 00:38 AM

বিতৰ্ক আৰু অনুৰাগ কাশ্যপ এটা মুদ্ৰাৰে যেন ইপিঠি সিপিঠি। প্ৰায়ে বিভিন্ন বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰে বলীউডৰ শীৰ্ষস্থানীয় পৰিচালকগৰাকী। আজি পুনৰ এবাৰ নিজ মন্তব্যৰ বাবে চৰ্চাৰ শীৰ্ষত থাকে অনুৰাগ কাশ্যপ। ব্ৰাহ্মণ সম্প্ৰদায়ক লৈ অনুৰাগ কাশ্যপৰ এক মন্তব্যৰ পিছতে দেশজুৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সামাজিক মাধ্যমতো দেখা গৈছে ব্যাপক চৰ্চা। ইফালে এই মন্তব্যক কেন্দ্ৰ কৰি অনুৰাগ কাশ্যপৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ ওচৰত এজাহাৰো দাখিল কৰা হৈছে।

প্ৰতীক গান্ধী আৰু পত্ৰলেখাৰ ছবি ‘ফুলে’ৰ দৃশ্যাংশৰ ক্ষেত্ৰত চেন্সৰ ব’ৰ্ডে কৰ্তনৰ পৰামৰ্শ দিয়াৰ পিছত এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল অনুৰাগ কাশ্যপে। ইয়াৰ পিছতে অনুৰাগে জাতি ব্যৱস্থা আৰু ব্ৰাহ্মণ সম্প্ৰদায়ক লৈও বিশেষ মন্তব্য কৰিছিল আৰু ইয়াৰ পিছতে সামাজিক মাধ্যমত তেওঁক তীব্ৰ সমালোচনা আৰু আক্ৰমণ কৰা হয়। সমান্তৰালকৈ তেওঁৰ মন্তব্যৰ বিৰোধিতাৰে গোচৰো ৰুজু কৰা হয়।

এনে বিতৰ্কৰ মাজতে নিজা সামাজিক মাধ্যম একাউণ্ট যোগে অনুৰাগ কাশ্যপে নিজৰ বক্তব্যৰ বাবে ক্ষমা বিচাৰিছে। ইনষ্টাগ্ৰামত এক ষ্ট’ৰী পোষ্ট কৰি তেওঁ নিজৰ পৰিচিত শৈলীৰে লিখিছে, ‘এয়া মোৰ ক্ষমাপ্ৰাৰ্থনা, মই কৰা পোষ্টটোৰ বাবে নহয় সেই এটা শাৰীৰ বাবে যিটো সংগতিবিহীনভাৱে উলিয়াই ঘৃণা বিয়পাবলৈ ব্যৱহাৰ কৰা হৈছে। মোৰ ছোৱালী, পৰিয়াল, বন্ধু-বান্ধৱী আৰু সহকৰ্মীসকলে লাভ কৰা ধৰ্ষণ আৰু হত্যাৰ ভাবুকিতকৈ কোনো বক্তব্য ডাঙৰ নহয়।”

“কোৱা কথাখিনি ঘূৰাই ল’ব নোৱাৰি, আৰু মই উভতাই নলওঁ। মোক গালি দিছে, দিয়ক। মোৰ পৰিয়ালে একো কোৱা নাই, আৰু নকয়ো। গতিকে যদি আপুনি মোৰ ক্ষমা বিচাৰিছে, এয়া লওক। ব্ৰাহ্মণসকল, অনুগ্ৰহ কৰি নাৰীক ৰেহাই দিয়ক, এই মূল্যবোধবোৰ শাস্ত্ৰতো আছে, কেৱল মনুবাদতেই নাই। আপুনি কোন ব্ৰাহ্মণ সেয়া নিৰ্ণয় কৰক, মই মোৰ ফালৰ পৰা ক্ষমা বিচাৰিছো।”- পোষ্টটোত পৰিচালকগৰাকীয়ে লগতে কয়।

উল্লেখ্য যে অনুৰাগ কাশ্যপে শেহতীয়াকৈ ইনষ্টাগ্ৰামত এটা পোষ্টত উল্লেখ কৰিছিল যে ধড়ক ২ৰ প্ৰদৰ্শনৰ সময়ত চেন্সৰ ব’ৰ্ডে চৰকাৰে ভাৰতত জাতি ব্যৱস্থা বিলুপ্ত কৰিছে বুলি কৈছিল। “একে আধাৰতে ‘সন্তোষ’ ছবিও ভাৰতত মুক্তি দিয়া নহ’ল। এতিয়া ব্ৰাহ্মণসকলৰ ফুলেক লৈ সমস্যা হৈছে। যদি জাতি ব্যৱস্থা নায়েই, তেতিয়াহ’লে ব্ৰাহ্মণ কিয়?”- এইদৰে মন্তব্য কৰিছিল অনুৰাগ কাশ্যপে। ইয়াৰ পিছতে সামাজিক মাধ্যমত তেওঁৰ এই মন্তব্যক কেন্দ্ৰ কৰি  ব্যাপক চৰ্চা আৰম্ভ হৈছিল।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension