গুৰুৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক, বলীউডৰ এইগৰাকী কণ্ঠশিল্পীৰ অৱস্থা কি হ’ল জানেনে?
বলীউডৰ পৰা বিভিন্ন সময়ত বহু খবৰ পোহৰলৈ আহে। ইয়াৰে কিছুমান খবৰ বহুতে গম নাপায়। এনে এক খবৰ আছে, য'ত শিষ্যই তেওঁৰ গুৰুৰ পত্নীৰ প্ৰেমত পৰিছিল।

প্ৰতীকী ফটো
বলীউডৰ পৰা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ খবৰ পোহৰলৈ আহে। এই খবৰ ব্যক্তিগতৰ পৰা পেছাদাৰী বিষয়ৰ লগত জড়িত হয়। বলীউডৰ তাৰকাসকলৰ প্ৰেম, বিবাহ বহিৰ্ভুত সম্পৰ্ক আদি প্ৰায়ে চৰ্চাত থকা দেখা যায়। ইয়াৰে কিছুমান সঁচা কিছুমান উৰাবাতৰি। কিন্তু আজি এই লেখাটোত আমি এক সত্য ঘটনা উল্লেখ কৰিম। যি শুনিলে আচৰিত হৈ পৰিব আপুনি।
কেতিয়াবা আপুনি গুৰুৰ পত্নীৰ লগত শিষ্যই সম্পৰ্ক স্থাপন কৰাৰ কথা শুনিছেনে? আচৰিত লাগিলেও এয়াই সঁচা। গীতিকাৰ তথা সুৰকাৰ অনুপ জালোতাই প্ৰথমে জনা নাছিল যে তেওঁৰ মৰমৰ শিষ্যই পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিছিল। প্ৰশ্ন হয়, পিছে ধৰা পৰাৰ পাছত কি হ’ল? তেওঁৰ পত্নী কাৰ প্ৰেমত পৰিছিল?
এই ঘটনা ৮০ৰ দশকৰ। সেই সময়ত অনুপ জালোতাই বলীউডত খলকনিৰ সৃষ্টি কৰিছিল। এটাৰ পিছত আনটো গীত হিট হৈছিল তেওঁৰ। জালোতাই সোণালী ছেঠৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। প্ৰথম অৱস্থাত সকলো ঠিকেই আছিল। কিন্তু জালোতাৰ এগৰাকী শিষ্যই সকলো খেলিমেলি লগায়।
সেই সময়ত অনুপ জালোতাৰ গ্ৰুপত আহিছিল ৰূপ কুমাৰ ৰাথোৰে। পণ্ডিত চতুৰ্ভুজ ৰাথোৰৰ পুত্ৰ ৰূপকুমাৰে অনুপৰ দলত তবলা বজাইছিল। তাতেই তেওঁ সোণালীক লগ পাইছিল। ৰূপকুমাৰৰ তবলাৰ দক্ষতা দেখি সোণালী স্তম্ভিত হৈ পৰিছিল। ইয়াৰ পাছতে দুয়োৰে মাজত ভাল বন্ধুত্ব গঢ় লৈ উঠিছিল। ৰূপে গান গোৱা নাছিল। কিন্তু সোণালীৰ বাবে তেওঁ গান গাবলৈ আৰম্ভ কৰিছিল।
১৯৮৪ চনৰ কথা। অনুপ জালোটা আমেৰিকাই যোৱাৰ কথা আছিল। প্ৰথম অৱস্থাত অনুুপৰ লগত সোণালীও যোৱাৰ কথা আছিল। কিন্তু পাছত তেওঁ সেই পৰিকল্পনা সলনি কৰে। পত্নীৰ আমেৰিকালৈ যোৱা বাতিল হোৱাৰ পাছত অনুপে অকলে আমেৰিকালৈ যায়। সেই সময়চোৱাতে সোণালীয়ে উপলব্ধি কৰে যে ৰূপৰ সৈতে তেওঁ অনুভৱ কেৱল বন্ধুত্বৰ নহয়। তাতকৈ বহু ওপৰত। দুয়ো এনেকৈ সোমাই পৰিছিল প্ৰেমৰ বান্ধোনত।
পাছত আমেৰিকাৰ পৰা অনুপ ঘূৰি আহি পত্নী আৰু প্ৰিয় শিষ্যৰ কথা জানিব পাৰিছিল। এই কথা শুনি তেওঁ ক্ষোভিত হৈ পৰিছিল। জানিব পৰা মতে, তাৰ পাছতে অনুপে সকলো প্ৰযোজক, পৰিচালকক ৰূপক গাবলৈ বা তবলা বজাবলৈ সুযোগ নিদিয়াৰ বাবে আহ্বান জনাইছিল। অনুপৰ এই সিদ্ধান্তত বিপদত পৰিছিল ৰূপ, কিন্তু সোণালীয়ে তেওঁক এৰি যোৱা নাছিল। ইয়াৰ সলনি তেওঁ পৰিয়ালৰ এৰি যায়। অনুপৰ সৈতে বিবাহ বিচ্ছেদ কৰি তেওঁ ১৯৮৯ চনত ৰূপৰ সৈতে বিয়াত বহে। প্ৰথম অৱস্থাত ৰূপে কাম পোৱা নাছিল। কিন্তু লাহে লাহে দুয়োৰে সম্পৰ্ক সহজ হৈ পৰিছিল। পৰৱৰ্তী সময়ত ৰূপকুমাৰ ৰাথোৰে বলীউডত গান গাবলৈও আৰম্ভ কৰে।
অন্য খবৰ পঢ়কঃ পিতৃ হিন্দু, মাতৃ মুছলমান! অভিনেতা সঞ্জয় দত্তৰ ধৰ্ম কি জানেনে?