দেশলৈ মান কঢ়িয়ালে ‘অনুজা’ইঃ অস্কাৰ এৱাৰ্ডৰ বাবে এই শাখাত লাভ কৰিলে মনোনয়ন

বৃ্হস্পতিবাৰে ঘোষণা কৰা হ’ল চিনেমা জগতৰ আটাইতকৈ সন্মানীয় বঁটা ‘অস্কাৰ’ৰ বিভিন্ন শিতানৰ বাবে মনোনীতসকলৰ তালিকা। এই তালিকাত স্থান লাভেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে ‘অনুজা’ই (Anuja)। লাইভ একচন চৰ্ট মুভি শাখাত মনোনয়ন লাভ কৰিছে এই ছবিখনে।

দেশলৈ মান কঢ়িয়ালে ‘অনুজা’ইঃ অস্কাৰ এৱাৰ্ডৰ বাবে এই শাখাত লাভ কৰিলে মনোনয়ন

অস্কাৰলৈ অনুজা

Published: 

24 Jan 2025 17:26 PM

বৃ্হস্পতিবাৰে ঘোষণা কৰা হ’ল চিনেমা জগতৰ আটাইতকৈ সন্মানীয় বঁটা ‘অস্কাৰ’ৰ বিভিন্ন শিতানৰ বাবে মনোনীতসকলৰ তালিকা। এই তালিকাত স্থান লাভেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে ‘অনুজা’ই (Anuja)। লাইভ একচন চৰ্ট মুভি শাখাত মনোনয়ন লাভ কৰিছে এই ছবিখনে। লক্ষণীয়ভাৱে এই ছবিখনৰ অন্যতম এগৰাকী প্ৰযোজক হৈছে গুনীত মংগা। ইতিপূৰ্বে তেওঁৰ প্ৰযোজিত তথ্যচিত্ৰ ‘দ্য এলিফেণ্ট হুইছপাৰ্ছ’- এ ২০২৩ বৰ্ষৰ অস্কাৰ বঁটা লাভ কৰিছিল। মংগাৰ লগতে ছবিখনৰ অন্যতম এগৰাকী সহযোগী প্ৰযোজক বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা।

ছবিখনৰ পৰিচালক এডাম জে গ্ৰেভছ। অস্কাৰলৈ মনোনীত এই ছবিখন এখন ভাৰতীয়-আমেৰিকান ছবি। এই ছবিখন মূলতঃ ৯ বছৰীয়া এগৰাকী কন্যা ‘অনুজা’ৰ আধাৰত আগবাঢ়িছে। কেন্দ্ৰীয় চৰিত্ৰ অনুজাই নিজৰ জ্যেষ্ঠ ভগ্নী পলকৰ দৰেই কাৰখানাত কাম কৰা অন্যথা শিক্ষাগ্ৰহণ- এই দুয়োটাৰ ভিতৰত যিকোনো এটা নিৰ্বাচনৰ বাবে সন্মুখীন হোৱা পৰিস্থিতিৰ বাখ্যাৰে এই ছবিখন্ৰ কাহিনীয়ে গতি লৈছে।

অনুজাই বৰ্ডিং স্কুলত পঢ়াৰ এক সোণালী সুযোগ লাভ কৰে। এই সুযোগে ‘অনুজা’ক নিজৰ বাবে আৰু লগতে জ্যেষ্ঠ ভগ্নীৰ জীৱনৰ গতি সলনি কৰাৰ দিশত এক জটিল সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত কিদৰে চিন্তাত পেলায়, সেয়া বৰ্ণনা কৰা হৈছে। ছবিখনৰ মুখ্য চৰিত্ৰ ‘অনুজা’ৰ চৰিত্ৰত অভিনয় কৰিছে ৯ বছৰীয়া শিশু সাজদা পাঠানে। ইয়াৰ পূৰ্বে সাজদাই ‘দ্য ব্ৰেড’ ছবিত অভিনয়েৰে উচ্চ প্ৰশংসা লাভ কৰিছিল।

আনহাতে অনন্যা ছানভাগে ‘অনুজা’ত সাজদা পাঠানৰ জ্যেষ্ঠ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে নাগেশ ভোছালে আৰু গুলচন ৱালিয়াকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে। লাইভ একচন চৰ্ট মুভি শাখাত শ্ৰেষ্ঠত্বৰ দৌৰত ‘অনুজা’ৰ প্ৰতিদ্বন্দী হ’ব ‘এ লিয়েন’, ‘আই এম নট এ ৰবট’, ‘দ্য লাষ্ট ৰেঞ্জাৰ’ আৰু ‘এ মেন হু কুড নট ৰিমেইন চাইলেণ্ট’ৰ দৰে ছবি।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ‘অনুজাই’ এই পৰ্যন্ত নিউয়ৰ্ক শ্বৰ্টছ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ২০২৪, হলিউড শ্বৰ্টছ ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ লাইভ ইন একচন ফিল্ম আৰু মণ্ট ক্লেয়াৰ ফিল্ম ফেষ্টিভেলত বঁটা লাভ কৰিছে। এতিয়া অস্কাৰত ছবিখনে শ্ৰেষ্ঠত্ব লাভ কৰেনে সেয়া হ’ব লক্ষণীয়। লক্ষণীয়ভাৱে লছ এঞ্জেলছত অগ্নিকাণ্ডৰ বাবে অস্কাৰৰ বাবে মনোনয়ন ঘোষণা স্থগিত ৰখা হৈছিল।

ইয়াৰ পূৰ্বে ১৭ জানুৱাৰীত মনোনয়নৰ তালিকা ঘোষণা কৰাৰ কথা আছিল। কিন্তু অগ্নিকাণ্ডৰ বাবে সেই সময়ত ঘোষণা স্থগিত ৰাখিবলগা হোৱাৰ পিছত অৱশেষত বৃহস্পতিবাৰে সন্ধিয়া ৭ বজাত এই তালিকা ঘোষণা কৰা হৈছে। অহা ২ মাৰ্চত এই সন্মানীয় বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব।

এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?
বতৰৰ ফল আম ঠিকেই খাওঁ, পিছে আমি অধিকাংশই নাজানো আমৰ এইসমূহ দিশৰ বিষয়ে…