ৰবি শাস্ত্ৰীৰ কোনোটো চৰ্ত মানি ল’ব নোৱাৰাৰ বাবে বিয়া ভাঙিলে অমৃতাই?
৮০ৰ দশকত ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম ৰত্ন আছিল ৰবি শাস্ত্ৰী। ইফালে অমৃতাৰ কেৰিয়াৰো যথেষ্ঠ আগবাঢ়িছিল। শীৰ্ষ অভিনেত্ৰীসকলৰ ভিতৰত আছিল অমৃতা। এই ঘটনা তেতিয়াৰে...

বলীউডৰ কিছুমান প্ৰেম বিবাহলৈ পৰিণত হৈছে , আনহাতে কিছুমান অপূৰ্ণ হৈয়েই ৰ‘ল। ৰবি শাস্ত্ৰী আৰু অমৃতা সিঙৰ প্ৰেমৰ পৰিণতিৰ বিষয়ে নাজানে? কিয় তেওঁলোকৰ সম্পৰ্ক ভাঙি গ’ল?
৮০ৰ দশকত ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম ৰত্ন আছিল ৰবি শাস্ত্ৰী। ইফালে অমৃতাৰ কেৰিয়াৰো আগবাঢ়ি আছিল। শীৰ্ষ অভিনেত্ৰীসকলৰ ভিতৰত তেওঁ আছিল অন্যতম। তেনে এটা সময়ত এখন ফটো লিক হয়। নিউয়ৰ্কৰ এখন ৰেষ্টুৰেণ্টৰ পিছফালে বহি থকা দেখা গৈছিল শাস্ত্ৰী আৰু অমৃতাক। গোটেই দেশত এই খবৰ বিয়পিবলৈ বেছি সময় নালাগিল।
কোৱা হয় যে শাস্ত্ৰীয়েও অমৃতাৰ আঙুলিত আঙুঠি পিন্ধাই দিছিল। দুয়োৱে বিয়াৰ পৰিকল্পনাও কৰিছিল। আনকি তেওঁলোকৰ পৰিয়ালেও এই প্ৰেমত সন্মতি দিছিল। তাৰ পিছতো সম্পৰ্কটো বিবাহলৈ আগবাঢ়িব নোৱাৰিলে? ৰবিয়ে অমৃতাক বিয়া কৰোৱাৰ পূৰ্বে চৰ্ত দিছিল। তেওঁ বিচাৰিছিল অমৃতাই নিজৰ কেৰিয়াৰ ত্যাগ কৰক, তেতিয়া অমৃতাই মান্তি নহ’ল। সেই সময়ত অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰ শিখৰত উপনীত হৈছিল। অমৃতাই সকলো ত্যাগ কৰি কেৱল ৰৱিৰ পত্নীৰ পৰিচয় মানি ল’ব বিচৰা নাছিল।
ইফালে ৰবিয়েও গৌৰৱেৰে কয় যে, তেওঁ পুৰুষতন্ত্ৰক বিশ্বাস কৰে। তেওঁ বিচাৰে যে তেওঁৰ পত্নীৰ প্ৰথম পছন্দ ঘৰ হোৱা উচিত। আনহাতে অমৃতাই সেই কথা মানি ল’ব বিচৰা নাছিল। অভিনেত্ৰীগৰাকীয়ে কয়, “এতিয়াই মই মোৰ কেৰিয়াৰত বহুত ব্যস্ততা। মই কেতিয়াও এৰিব নিবিচাৰো। হয়তো কেইবছৰমানৰ পিছত এই প্ৰস্তাৱ গ্ৰহণ কৰিলোঁহেঁতেন।”
তাৰ পিছত অমৃতাই ছৈইফ আলী খানৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। কিন্তু সেই বিবাহ সুখৰ নাছিল। দুয়োৰে বিবাহ বিচ্ছেদ হ’ল। ইফালে ১৯৯০ চনত ঋতুৰ লগত ৰবিয়ে বিবাহপাশত আবদ্ধ হয়। বিবাহৰ ২২ বছৰৰ পিছত ২০১২ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়।