বিগ বি অমিতাভৰ শৌচাগাৰত ‘সোণৰ কমোড’! দাম শুনিলে চকু থৰ হ’ব আপোনাৰ

ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিগ বি-ৰ ঘৰৰ শৌচালয়! ইয়াৰ আঁৰৰ কাৰণ হ’ল শেহতীয়াকৈ ভাইৰেল হোৱা এখন ফটো। এই ফটোখনত অমিতাভ বচ্চনৰ ঘৰৰ বাথৰুমত এটা ‘সোণালী কমোড’ (Golden Toilet) দেখা গৈছে।

বিগ বি অমিতাভৰ শৌচাগাৰত ‘সোণৰ কমোড’! দাম শুনিলে চকু থৰ হ’ব আপোনাৰ

চৰ্চাত অমিতাভ বচ্চনৰ সোণালী কমোড

Updated On: 

21 Jan 2026 | 03:45 PM

বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চনৰ ৰাজকীয় জীৱনশৈলীক লৈ অনুৰাগীসকলৰ কৌতুহলৰ অন্ত নাই। তেওঁৰ বিলাসবহুল বাংলো ‘জলসা’ৰ ভিতৰখন কেনেকুৱা, সেই লৈ সঘনাই চৰ্চা দেখা যায়। পিছে এইবাৰ ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিগ বি-ৰ ঘৰৰ শৌচালয়! ইয়াৰ আঁৰৰ কাৰণ হ’ল শেহতীয়াকৈ ভাইৰেল হোৱা এখন ফটো। এই ফটোখনত অমিতাভ বচ্চনৰ ঘৰৰ বাথৰুমত এটা ‘সোণালী কমোড’ (Golden Toilet) দেখা গৈছে।

ভাইৰেল ছবিখনৰ নেপথ্যৰ কাহিনী

প্ৰকৃততে এই চৰ্চাৰ সূত্ৰপাত ঘটে অভিনেতা বিজয় বাৰ্মাৰ এটা পোষ্টৰ পৰা। ২০১৬ চনত ‘পিংক’ চিনেমাৰ শ্বুটিং চলি থকাৰ সময়ত বিজয় বাৰ্মা অমিতাভ বচ্চনৰ ঘৰলৈ গৈছিল। তেতিয়াই তেওঁ বিগ বি-ৰ বাথৰুমত সেই জিলিকি থকা সোণালী কমোডটোৰ সন্মুখত থিয় হৈ এটা চেলফি তুলিছিল। শেহতীয়াকৈ বিজয়ে সেই পুৰণি ফটোখন শ্বেয়াৰ কৰাৰ লগে লগে নেট জগতত ব্যাপক চৰ্চা চলিছে।

সঁচাকৈয়ে সোণৰ নেকি এই কমোড?

অমিতাভ বচ্চনৰ ঘৰৰ এই কমোডটো আচল সোণৰ নে কেৱল সোণৰ প্ৰলেপ দিয়া, সেয়া অৱশ্যে নিশ্চিত হোৱা নাই। কিন্তু বিশ্বৰ বজাৰত এনে এটা ৰাজকীয় কামোডৰ দাম সাধাৰণ মানুহৰ বাবে কল্পনাতীত। আন্তঃৰাষ্ট্ৰীয় লাক্সাৰী ৱেবচাইটসমূহৰ মতে, চেৰামিকৰ ওপৰত সোণৰ প্ৰলেপ দিয়া এনে কমোডৰ মূল্য প্ৰায় ১.২৫ লাখৰ পৰা ২.৫০ লাখ টকাৰ ভিতৰত।

যদি ইয়াত বিশেষ কাৰুকাৰ্য থাকে, তেতিয়া কমোডটোৰ মূল্য ৪ লাখ টকা পৰ্যন্ত হ’ব পাৰে। আনহাতে যদি এই কমোডটো বিশুদ্ধ সোণৰ হয়, তেতিয়া ইয়াৰ মূল্য আকাশলংঘী হ’ব। উদাহৰণস্বৰূপে, ২০১৯ চনত ইটালীয় শিল্পী মাউৰিজিঅ’ কেটেলাইনে ১৮ কেৰেট সোণেৰে এটা টয়লেট নিৰ্মাণ কৰিছিল, ইয়াৰ মূল্য আছিল প্ৰায় ৫০ কোটি টকা। বৰ্তমান সোণৰ দাম বৃদ্ধিৰ হিচাপত ইয়াৰ মূল্য ১০০ কোটিৰো অধিক হ’ব পাৰে।

আভিজাত্যৰ প্ৰতীক

বিশেষজ্ঞসকলৰ মতে, অমিতাভ বচ্চনৰ ঘৰত থকা এই কমোডটো সম্ভৱত উচ্চমানৰ ‘গোল্ড ফিনিছ’ কৰা আধুনিক প্ৰযুক্তিৰহে। ধনী ব্যক্তিসকলে নিজৰ আভিজাত্য প্ৰদৰ্শনৰ বাবে এনেধৰণৰ চৌখিন সামগ্ৰী ব্যৱহাৰ কৰে। তাতে এয়া বলীউডৰ শ্বাহেনশ্বাহৰ ঘৰ, গতিকে তেওঁৰ ঘৰৰ কমোডত অলপমান ‘সোণৰ পৰশ’ থকাটো তেনেই স্বাভাৱিক!

মানুহে কৰা এই পাপৰ নাই ক্ষমা! প্ৰেমানন্দ মহাৰাজে ক'লে...
নিশা বহু দেৰিলৈ টোপনি নাহে নেকি? তেন্তে সাৱধান!
হঠাতে ৰক্তচাপ বৃদ্ধি পালে এই লক্ষণবোৰে দেখা দিয়ে, চিনাক্ত কৰক
হঠাতে কিয় বৃদ্ধি হয় ৰক্তচাপ? কাৰণ জানক...
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...