Amitabh Bachchan: কি হৈছে বচ্চন পৰিয়ালত? অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট!

কিছুদিন পূৰ্বে অমিতাভ বচ্চনলৈ ভাবুকি অহাৰ খবৰ প্ৰকাশ পাইছিল। যাৰ বাবে নিজেই ঘৰৰ নিৰাপত্তা বৃদ্ধি কৰিছিল অমিতাভে। আৰু এতিয়া অহা খবৰটো হ’ল বিগ বিয়ে মুম্বাইত দুটা ঘৰ বিক্ৰী কৰিলে! কিন্তু কিয় হঠাতে ঘৰ বিক্ৰী কৰাৰ সিদ্ধান্ত ল’লে অমিতাভে?

Amitabh Bachchan: কি হৈছে বচ্চন পৰিয়ালত? অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট!

অমিতাভ বচ্চন

Published: 

06 Nov 2025 | 12:43 PM

বচ্চন পৰিয়ালত কি ঘটি আছে তাৰ ওপৰত সকলোৱে চকু ৰাখে। কেতিয়াবা যদি তেওঁলোকৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনক লৈ উৰাবাতৰি, কেতিয়াবা জয়া বচ্চনক অদ্ভুত কাণ্ডক লৈ চৰ্চা হয়। কিছুদিন পূৰ্বে অমিতাভ বচ্চনলৈ ভাবুকি অহাৰ খবৰ প্ৰকাশ পাইছিল। যাৰ বাবে নিজেই ঘৰৰ নিৰাপত্তা বৃদ্ধি কৰিছিল অমিতাভে। আৰু এতিয়া অহা খবৰটো হ’ল বিগ বিয়ে মুম্বাইত দুটা ঘৰ বিক্ৰী কৰিলে! কিন্তু কিয় হঠাতে ঘৰ বিক্ৰী কৰাৰ সিদ্ধান্ত ল’লে অমিতাভে?

সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি অমিতাভে মুম্বাইৰ গোৰেগাঁও অঞ্চলৰ কাষৰীয়া দুটা বিলাসী এপাৰ্টমেণ্ট প্ৰায় ১২ কোটি টকাত বিক্ৰী কৰিছে। চি আৰ ই মেট্ৰিক্স (CRE Matrix)ৰ পৰা উপলব্ধ সম্পত্তিৰ ৰেকৰ্ড অনুসৰি এই ফ্লেট দুটা বিক্ৰী কৰি অমিতাভ বচ্চনে ১৩ বছৰীয়া বিনিয়োগৰ পৰা আনুমানিক ৪৭ শতাংশ লাভ উপাৰ্জন কৰিছিল।

অমিতাভ বচ্চনে ২০১২ চনত ৮.১২ কোটি টকাত এই ফ্লেট দুটা ক্ৰয় কৰিছিল। দুয়োটা ফ্লেট গোৰেগাঁও পূবৰ ওবেৰয় এক্সকুইজিট (Oberoi Exquisite) বিল্ডিঙৰ ৪৭ নং মহলাত অৱস্থিত।

তথ্য অনুসৰি প্ৰথম ফ্লেটটোৰ আয়তন ১৮২০ বৰ্গফুটৰ। ঘৰটো আশা ঈশ্বৰ শুক্লাক ৬ কোটি টকাত বিক্ৰী কৰা হৈছে। এই লেনদেনত ৩০ লাখ টকাৰ ষ্টাম্প ডিউটি আৰু ৩০ হাজাৰ টকাৰ পঞ্জীয়ন মাচুলো অন্তৰ্ভুক্ত আছে। ২০২৫ চনৰ ৩১ অক্টোবৰত আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰা হৈছিল এই ফ্লেটটো। উল্লেখ্য যে, ১১ অক্টোবৰত অমিতাভৰ বয়স ৮৩ বছৰ হ’ল। এইবাৰ জন্মদিনত তেওঁ নিজকে এটুকুৰা মাটি উপহাৰ দিছে। যাৰ মূল্য ৬ কোটি ৫৯ লাখ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...