Amitabh Health: প্ৰায় ২০০ জনে প্ৰাণ ৰক্ষা কৰিছে অমিতাভৰ, কিন্তু কেনেকৈ?

তেওঁৰ বয়স ৮২ বছৰ। শেহতীয়াকৈ অমিতাভক কেইবাবাৰো অসুস্থ হোৱা দেখা গৈছে। যিটোৱে সঁচাকৈয়ে দৰ্শকক বিচলিত কৰিছে। এবাৰ তেওঁ কৌন বানেগা কোৰপতি (KBC)ত তেওঁ শ্বেয়াৰ কৰিছিল যে ১৯৮২ চনত ‘কুলি’ চিনেমাখনৰ চেটত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত তেওঁ কেনেকৈ জীৱনত সমস্যাৰ সন্মুখীন হৈছিল।

Amitabh Health: প্ৰায় ২০০ জনে প্ৰাণ ৰক্ষা কৰিছে অমিতাভৰ, কিন্তু কেনেকৈ?

প্ৰায় ২০০ জনে প্ৰাণ ৰক্ষা কৰিছে অমিতাভৰ

Published: 

16 Sep 2025 | 03:53 PM

অমিতাভ বচ্চন বলীউডৰ এখন চিনাকি মুখ। ৫০ বছৰতকৈও অধিক সময় ধৰি তেওঁ বলীউডত ৰাজত্ব কৰি আহিছে। তেওঁৰ বয়স ৮২ বছৰ। শেহতীয়াকৈ তেওঁ কেইবাবাৰো অসুস্থ হোৱা দেখা গৈছে। যিটোৱে সঁচাকৈয়ে দৰ্শকক বিচলিত কৰিছে। এবাৰ তেওঁৰ জনপ্ৰিয় অনুষ্ঠান কৌন বানেগা কোৰপতি (কেবিচি)ত তেওঁ শ্বেয়াৰ কৰিছিল যে কেনেকৈ ১৯৮২ চনত ‘কুলি’ চিনেমাৰ চেটত আঘাতপ্ৰাপ্ত হৈছিল আৰু নতুন সমস্যাৰ সন্মুখীন হৈছিল। তেজ সংক্ৰমণৰ জৰিয়তে হেপাটাইটিছ বি তেওঁৰ শৰীৰত প্ৰৱেশ কৰিছিল।

অমিতাভে কয়, “দুৰ্ঘটনাৰ পিছত তেজৰ বহুত প্ৰয়োজন হৈছিল। প্ৰায় ২০০ লোকে তেজৰ দান কৰিছিল, ইয়াৰে এজনৰ তেজত হেপাটাইটিছ বি আছিল, কিন্তু ধৰা পৰা নাছিল। সেই ভাইৰাছে মোৰ শৰীৰত প্ৰৱেশ কৰিছিল। ২০০৫ চনত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ সময়ত ধৰা পৰিছিল। সেই সময়ত দেখা গৈছিল যে মোৰ লিভাৰৰ ৭৫ শতাংশ ক্ষতিগ্ৰস্ত হৈছে। এতিয়া মই মোৰ লিভাৰৰ ২৫ শতাংশৰে জীয়াই আছো।”

অমিতাভে ২০০০ চনত যক্ষ্মা ৰোগ (টিবি) ৰোগত আক্ৰান্ত হোৱাৰ কথাও প্ৰকাশ কৰে। সেই সময়ত কেবিচি আৰম্ভ হোৱাৰ ঠিক আগতে তেওঁৰ টিবি ধৰা পৰিছিল আৰু এবছৰ কঠোৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল। তেওঁ কয়, “মই টিবিৰ পৰা ৰক্ষা পৰিলোঁ, গতিকে এই ৰোগৰ বিষয়ে সজাগতা বৃদ্ধিত অংশগ্ৰহণ কৰো। ‘ছাৰভাইভাৰ’ শব্দটো অতি শক্তিশালী।” অৱশ্যে হৃদয়ৰ শক্তি আৰু দৰ্শকৰ প্ৰাৰ্থনাৰে তেওঁ বাৰে বাৰে উভতি আহিছে। Coronaৰ বাবে গুৰুতৰভাৱে অসুস্থ হৈ পৰে বিগ বি। এমাহ ধৰি চিকিৎসা গ্ৰহণ কৰিছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...