দক্ষিণৰ চুপাৰষ্টাৰ তথা ‘পুষ্পা ২’ৰ অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ! জানক কাৰণ..

দক্ষিণৰ চুপাৰষ্টাৰ আৰু 'পুষ্পা ২' অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰা হৈছে। হায়দৰাবাদৰ সন্ধ্যা ছবিগৃহত সংঘটিত ঘটনাৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে দক্ষিণৰ চুপাৰষ্টাৰগৰাকীক।

দক্ষিণৰ চুপাৰষ্টাৰ তথা পুষ্পা ২ৰ অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ! জানক কাৰণ..

'পুষ্পা ২' অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ

Updated On: 

13 Dec 2024 13:37 PM

হায়দৰাবাদৰ সন্ধ্যা ছবিগৃহত সংঘটিত ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰি দক্ষিণৰ চুপাৰষ্টাৰ আৰু ‘পুষ্পা ২’ অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৪ ডিচেম্বৰত ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ৰ সময়ত পদপিষ্ট হৈ মৃত্যু ঘটিছিল এগৰাকী মহিলাৰ। ঘটনাটোত ৩৫ বছৰীয়া মহিলা নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হৈছিল। আৰক্ষীয়ে ঘটনাটোৰ বাবে আল্লু অৰ্জুন আৰু ছবিগৃহৰ মেনেজমেণ্টৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। বৰ্তমান হায়দৰাবাদৰ চিক্কাডপল্লী থানালৈ নিয়া হৈছে আল্লু অৰ্জুনক।

আৰক্ষীৰ অভিযোগ অনুসৰি, “তেওঁলোকৰ অনুসন্ধানত দেখা গৈছে যে ছবিগৃহৰ মেনেজমেণ্টে ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ অতিৰিক্ত ব্যৱস্থা কৰা নাছিল। অভিনেতাৰ দলৰ বাবে কোনো পৃথক প্ৰৱেশ বা প্ৰস্থান নাছিল।”

পুষ্পাৰ মুক্তিৰ আগদিনা দক্ষিণৰ বহু অঞ্চলত দেখিবলৈ পোৱা গৈছিল ছবিখনৰ প্ৰতি অনুৰাগীৰ উন্মাদনা। বিগত ৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা ছবিগৃ্হৰ সমুখত বিশাল জনসমাগম হৈছিল। ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ৰ সময়ত ছবিগৃহত বিশাল জনসমাগমত পদপিষ্ট হৈ মৃত্যু ঘটিছিল মহিলাগৰাকীৰ। নিহত মহিলাগৰাকীক ৰেৱতী (৩৫) বুলি চিনাক্ত কৰা হৈছিল। এই ঘটনাত লগতে তেওঁৰ ১৩ বছৰীয়া পুত্ৰ সন্তানো আঘাতপ্ৰাপ্ত হয়। ঘটনাটোৰ পিছত, দুয়োকে বিদ্যা নগৰৰ দুৰ্গা ভাই দেশমুখ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তাৰ ফাছত চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰিছিল।এই ঘটনাৰ খবৰ সমগ্ৰ দেশৰ সংবাদ মাধ্যমতে প্ৰকাশ পাইছিল।

‘পুষ্পা-২’ ছবিখনৰ বাবে আল্লু অৰ্জুনৰ জনপ্ৰিয়তা ইমানেই বৃদ্ধি হৈছিল যে মানুহে তেওঁক এবাৰ চাবলৈ যথেষ্ট আগ্ৰহী হৈ পৰিছিল। এই সময়ত ছবিখনৰ প্ৰচাৰৰ বাবে বিভিন্ন ঠাইলৈ গৈছিল আল্লু অৰ্জুন। যাৰ বাবে ৪ ডিচেম্বৰত তেওঁ সন্ধ্যা ছবিগৃহৰ উপস্থিত হৈছিল। অভিনেতাগৰাকীয়ে হয়তো কল্পনাও কৰা নাছিল যে তাত ইমান ভিৰ হ’ব। কিন্তু এই ভিৰ বাবেই এই শোকাৱহ ঘটনাটো সংঘটিত হৈছিল।এই পিছত ঘটনা সন্দৰ্ভত এক ভিডিঅ’ বাৰ্তা যোগে শোক প্ৰকাশ কৰে আল্লু অৰ্জুনে। তেওঁ লগতে নিহত মহিলাগৰাকীৰ পৰিয়ালটোক সহায় আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিছিল। আল্লু অৰ্জুনে পৰিয়ালটোক ২৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছিল।

নিজা সামাজিক মাধ্যম হেণ্ডেল যোগে এক ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰি আল্লু অৰ্জুনে হায়দৰাবাদত সংঘটিত এই মৰ্মান্তিক ঘটনাত প্ৰাণ হেৰুওৱা মহিলাগৰাকীৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছিল। এই আবেগিক বাৰ্তাটোত অভিনেতাগৰাকীয়ে লগতে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব বুলি উল্লেখ কৰি উক্ত পৰিয়ালটোক সকলো ধৰণৰ সহায়ৰ বাবে চেষ্টা কৰিব বুলিও আশ্বাস দিছিল আল্লু অৰ্জুনে।

এই ৫ টা লক্ষণে আপোনাক কিডনী সংক্ৰমণৰ ইংগিত দিব পাৰে...
এই ৫ টা সহজ অভ্যাসে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখিব...
বাৰীৰ নেমুটি আপোনাৰ স্বাস্থ্যৰ বাবে হৈ পৰে মহৌষধ, জানেনে এনে উপকাৰিতাৰ কথা
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে ইশ্বৰে দিয়ে এই ৫ সংকেত! জানক...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...