ইতিহাস ৰচিবলৈ সাজু পুষ্পা-২! মুক্তিৰ পূৰ্বেই আমেৰিকাত ভংগ কৰিলে অভিলেখ…

পুনৰ এবাৰ সকলো অভিলেখ ভংগ কৰিবলৈ সাজু হৈছে আল্লু অৰ্জুনৰ অভিনীত ছবি পুষ্পা-২। মুক্তিৰ পূৰ্বে এই ছবিখনে ভংগ কৰিবলৈ আৰম্ভ কৰিছে এটাৰ পাছত আনটো অভিলেখ। অনুৰাগীসকলৰ দীৰ্ঘদিন ধৰি চলা অপেক্ষাৰ অন্তত ৰাইজৰ মাজলৈ আহি আছে পুষ্পা-২।

ইতিহাস ৰচিবলৈ সাজু পুষ্পা-২! মুক্তিৰ পূৰ্বেই আমেৰিকাত ভংগ কৰিলে অভিলেখ...

পুষ্পা-২

barasha-sarma
Published: 

19 Nov 2024 08:59 AM

আহি আছে আল্লু অৰ্জুনৰ অভিনীত ছবি পুষ্পা-২ (Pushpa-2)। দৰ্শকৰ দীৰ্ঘদিন ধৰি চলা অপেক্ষাৰ অন্তত আজিৰ পৰা প্ৰায় কিছুদিন পাছতেই ছবিগৃহত মুক্তি লাভ কৰিব পুষ্পা- ২ নামৰ ছবিখনে। ইতিমধ্যে মুক্তি লাভ কৰা এই ছবিখনৰ ট্ৰেইলৰে ছ’চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে। ট্ৰেইলাৰৰ পাছতেই এতিয়া পুষ্পাৰ অনুৰাগীসকলে আগতীয়াকৈ টিকট বুক কৰাৰ অপেক্ষা কৰি আছে। সম্ভৱতঃ ছবি নিৰ্মাতাসকলে শীঘ্ৰেই অনুৰাগীৰ বাবে এডভান্স টিকট বুকিং আৰম্ভ কৰিব। অৱশ্যে আমেৰিকাত পুষ্পা- ২ৰ প্ৰি চেলছ বহুদিন আগৰ পৰাই আৰম্ভ হৈছে। আৰু এতিয়া এই ছবিখনে ইতিহাস ৰচনা কৰাৰ দিশে গতি কৰিছে।

শেহতীয়াকৈ ‘পুষ্পা ২’ৰ নিৰ্মাতাসকলে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এখন ছবি শ্বেয়াৰ কৰিছে। য’ত তথ্য প্ৰকাশ পাইছে যে ছবিখনে আমেৰিকাৰ প্ৰি-চেলছত ১০ লাখ ডলাৰৰ পৰিসংখ্যা স্পৰ্শ কৰিছে। ইয়াৰ লগে লগে ছবিখন আটাইতকৈ দ্ৰুত প্ৰি- চেলিং আৰু টিকট বিক্ৰী হোৱা ছবিত পৰিণত হৈছে।

 

আল্লু অৰ্জুনৰ ছবি ‘পুষ্পা ২’ মুক্তিৰ বাবে এতিয়াও ১৫ দিন বাকী আছে। এনে পৰিস্থিতিত ছবিখনে আমেৰিকাত ডাঙৰ অভিলেখ ভংগ কৰিবলৈ গৈ আছে। এই পৰ্যন্ত প্ৰি-চেলত ৩০ হাজাৰৰো অধিক টিকট বিক্ৰী হৈছে। আমেৰিকাৰ প্ৰিমিয়াৰত ইতিমধ্যে ১০ লাখ ডলাৰৰ প্ৰি-চেল কৰা হৈছে। গতিকে আমেৰিকাত পুষ্পা-২ ৰ  ৩২৩০টা শ্ব’ নিশ্চিত হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বে ভাৰতৰ কোনো ছবিয়ে এনে অভিলেখ ভংগ কৰিব পৰা নাছিল।

ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছত ভাৰতত পুষ্পাৰ অনুৰাগীসকলৰ মাজত আনন্দ বৃদ্ধি পাইছে। ভাৰতৰ লগতে আমেৰিকাতো ছবিখনে যথেষ্ঠ সঁহাৰি লাভ কৰিছে।  শেহতীয়াকৈ এটা আনুমানিক পৰিসংখ্যা প্ৰকাশ পাইছে যে পুষ্পা ২ য়ে প্ৰথম দিনাই ২৫০ কোটি টকা উপাৰ্জন কৰি সকলো অভিলেখ ভংগ কৰিব পাৰে।

ছবিখন নিৰ্মাণৰ সময়ত কোৱা হৈছিল যে এই ছবিখনে এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খলকনিৰ সৃষ্টি কৰিব। ট্ৰেইলাৰটো ছবিখনৰ নতুনত্ব প্ৰকাশ পাইছিল। এইবাৰ পুষ্পা- ২ত  কেৱল একশ্যনেই নহয়, শ্ৰীৱল্লী আৰু খলনায়ক ফাহাধ ফাচিলৰ ষ্টাইল সম্পূৰ্ণ নতুন। গতিকে পূৰ্বৰ দৰে এইবাৰো পুষ্পা ছবিয়ে সকলো অভিলেখ ভংগ কৰিবলৈ সাজু হৈছে। এই ছবিখন ৫ ডিচেম্বৰত দেশৰ লগতে বিদেশৰ বহু ছবি গৃহত মুকলি লাভ কৰিব। পুষ্পা- ২য়ে এইবাৰ কি কি অভিলেখ ভংগ কৰে সেয়া সময়ত হব লক্ষণীয়।

মাত্ৰ এটা শব্দই আপোনাক দিব দুখ-যন্ত্ৰণাৰ পৰা মুক্তি, ক'লে প্ৰেমানন্দ মহাৰাজে...
শাওনৰ তৃতীয়টো সোমবাৰে কৰক এই প্ৰতিকাৰ, লাভ কৰিব মহাদেৱৰ বিশেষ কৃপা
ভাৰতৰ কিমান বিমানবন্দৰ এতিয়া আদানী গ্ৰুপৰ নিয়ন্ত্ৰণত?
ধনৰ অভাৱত ভুগিছে নেকি? কৰক এই সহজ কাম, সকলো বাধা দূৰ হ'ব!