কি কৰিছিল অজয় দেৱগনে? কিয় চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল মহিলা, জানক…
বলীউড অভিনেতা অজয় দেৱগনক প্ৰায় সকলোৱে চিনি পায়। কিন্তু এই অভিনেতাগৰাকীৰ এক কাণ্ডৰ বাবে এগৰাকী মহিলাই এবাৰ হাস্পাতালত ভৰ্তি হ'বলগীয়া হৈছিল।

অজয় দেৱগন
বলীউডৰ ছুপাৰষ্টাৰ অজয় দেৱগনক প্ৰায় সকলোৱে চিনি পায়। তেওঁৰ ৰীল লাইফটো দেখিলে বহুতে ভাবে যে অভিনেতাগৰাকী খঙাল। কিন্তু বাস্তৱ ক্ষেত্ৰত তেনে নহয়। জানিব পৰা মতে, অজয় দেৱগনে ধেমালি কৰি ভাল পায়। সহ-অভিনেতা, সহ-অভিনেত্ৰী বা চিনাকী মানুহৰ লগত প্ৰায়ে তেওঁ প্ৰেংক কৰে। এইগৰাকী অভিনেতাই এবাৰ এনে এক কাণ্ড কৰিছিল, যাৰ পাছত মহিলাগৰাকী হাস্পাতাললৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল।
শেহতীয়াকৈ এক সাক্ষাৎকাৰত অজয়ে এটা ঘটনা শ্বেয়াৰ কৰিছিল। তেওঁ এখন চিনেমাৰ শ্বুটিং কৰি থকা সময়ৰ এক ঘটনা শ্বেয়াৰ কৰিছিল। তেওঁ কৈছিল যে, তেওঁ কৰা ছবিখনৰ সহ-অভিনেতাজনৰ নতুনকৈ বিয়া হৈছিল। যাৰ বাবে পত্নীয়ে প্ৰায়ে স্বামীক লগ কৰিবলৈ আহিছিল। সেই সময়ত মহিলাগৰাকীয়ে অজয়কো লগ পাইছিল। কিন্তু অজয়ে তেওঁৰ লগত এক বিশেষ কাণ্ড কৰিছিল।
অজয়ে মহিলাগৰাকীক কৈছিল যে তেওঁৰ স্বামী প্ৰতি নিশা অন্য কোনো নাৰীৰ ওচৰলৈ যায়। পৰকীয়া প্ৰেমৰ সম্পৰ্কত আছে তেওঁ। প্ৰথমে মহিলাগৰাকীয়ে অজয়ৰ কথা বিশ্বাস কৰা নাছিল। তেওঁ জানিছিল যে অজয়ে ধেমালি কৰিছে। অজয়ে কয় যে, ”মই তেওঁক কৈছিলো তোমাৰ স্বামী সদায় নিশা অন্য নাৰীৰ ওচৰলৈ যায়। আমাৰ নিশা কোনো শ্বুটিং নহয়। তেতিয়া মহিলাগৰাকীয়ে কৈছিল যে মই মোৰ স্বামীক বিশ্বাস কৰো। তেওঁ এনে কাম নকৰে। আপুনি ধেমালি কৰিছে”। কিন্তু বাৰে বাৰে ধেমালি কৰি থকা বাবে মহিলাগৰাকী আবেগিকভাৱে ভাঙি যায় আৰু স্বামীক সন্দেহ কৰিবলৈ আৰম্ভ কৰে।
তাৰ পাছতো অজয়ে ধেমালি কৰিবলৈ এৰা নাছিল। ইয়াৰে কিছুদিন পাছত অজয়ে খবৰ পালে যে মহিলাগৰাকীয়ে শ্লিপিং টেবলেট খাই চৰম সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিছে। যাৰ বাবে তেওঁক তাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে পৰৱৰ্তী সময়ত মহিলাগৰাকী সুস্থ হৈ উঠে। মহিলাগৰাকী অসুস্থ হৈ পৰাৰ পাছত অজয়ে জানিব পাৰে যে, এই বিষয়টোক লৈ দুয়ো স্বামী-স্ত্ৰীৰ বহুদিন কাজিয়া হৈছে। কিন্তু যেতিয়া মহিলাগৰাকীৰ সহ্যৰ সীমা পাৰ হৈ যায় তেতিয়া এই ঘটনা সংঘটিত কৰে। অজয়ে সাক্ষাৎকাৰটোত কয় যে এই কথাই তেওঁক স্তম্ভিত কৰি তুলিছিল।
অজয়ে কয়, তেওঁ বুজি পাইছিল ধেমালি কেতিয়াবা কিমান বিপদজনক হ’ব পাৰে। ইয়াৰ পাছতো কিন্তু অজয়ে প্ৰেংক কৰা এৰা নাছিল। তেওঁ এতিয়াও বন্ধু-বান্ধৱীৰ সৈতে ধেমালি কৰে। অৱশ্যে অচিনাকী লোকৰ লগত তেওঁ এনে কাম নকৰে।
অন্য খবৰ পঢ়কঃ পাকিস্তানত এটা দিন কটাবলৈ ঐশ্বৰ্য ৰায়ে কিমান টকা লৈছিল জানেনে? শুনি হ’ব আচৰতি…