মোৰ শৰীৰ, মোৰ সম্পত্তি…কিয় হঠাতে আৰু কাক এনেকৈ ক’লে ঐশ্বৰ্যই…
Aishwarya Rai Bachchan: পুনৰ চৰ্চালৈ আহিছে অভিনেত্ৰী ঐশ্বৰ্য ৰায়ৰ এটা ভিডিঅ'। য'ত তেওঁ নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে মুকলিকৈ মাত দিছে। নাৰীসকলক তেওঁ দিছে সাহসী বাৰ্তা।

Aishwarya Rai (1)
বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ঐশ্বৰ্য ৰায়। কেৱল অভিনেত্ৰী হোৱাৰ বাবে নহয়, তেওঁ ব্যক্তিত্বৰ বাবেও মানুহৰ মাজত বিশেষ স্থান লাভ কৰি আহিছে। ঐশ্বৰ্য ৰায়ে সদায় অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে। কেইটামান মাহ পূৰ্বে ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদৰ উৰা বাতৰি প্ৰচাৰ হৈছিল যদিও আজি পৰ্যন্ত অভিনেত্ৰীগৰাকী সেই ঘটনা সন্দৰ্ভত মুখ খোলা নাই। কিন্তু অন্য নাৰীৰ বিৰুদ্ধে চলা অত্যাচাৰ তথা অন্যায়ত তেওঁ মনে মনে নাথাকে।
নাৰীৰ ওপৰত হোৱা অত্যাচাৰ, মানসিক স্বাস্থ্য বা অন্য কিবা, সকলোৰে ওপৰত মুকলিকৈ কথা কয় ঐশ্বৰ্য ৰয়ে। শেহতীয়াকৈ পুনৰ মহিলাসকলক এক শক্তিশালী বাৰ্তা দিছে অভিনেত্ৰীগৰাকীয়ে। কছমেটিক সামগ্ৰী নিৰ্মাণ কৰা এটা জনপ্ৰিয় কোম্পানীৰ অনুষ্ঠানত উপস্থিত হৈ অভিনেত্ৰীগৰাকীয়ে পুনৰ নাৰীৰ হৈ মাত মাতে। তেওঁ স্পষ্টকৈ কয়, এয়া মৌন হৈ থকাৰ সময় নহয়, এতিয়া বিৰোধৰ ভাষা আৰু অধিক তীক্ষ্ণ হ’ব লাগিব।
এই সন্দৰ্ভত ঐশ্বৰ্য ৰায় বচ্চনে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। য’ত স্পষ্টকৈ কয় ৰাজপথত হাৰাশাস্তি হ’লে কেনেকৈ নিজৰ পক্ষত থিয় দিব পাৰি। ঐশ্বৰ্যই কয়, ” বহু মানুহে কয় যে, যদি আপুনি ৰাজপথত এনে পৰিস্থিতৰ সন্মুখীন হয় তেন্তে আঁতৰি অহা ভাল। অন্যথা ই ডাঙৰ বিপদ হ’ব পাৰে। কিন্তু এয়া অন্যায় সহ্য কৰাৰ সমান। গতিকে ইয়াৰ ওপৰত মাত মাতি বিৰোধিতা কৰাতো আমাৰ দায়বদ্ধতা। কাৰণ মোৰ শৰীৰ, মোৰ সম্পত্তি, আৰু ইয়াক ৰক্ষা কৰাৰ দায়িত্ব মোৰ”।
ঐশ্বৰ্যই ভয়ক কোনো প্ৰকাৰে প্ৰশ্ৰয় দিব বাধা দিছে। তাৰ পৰিৱৰ্তে নিজৰ মানসিক শক্তি বৃদ্ধি কৰাৰ কথা কৈছে। তেওঁ কৈছে, “সদায় নিজৰ পক্ষত থিয় দিব লাগে। কাপোৰ আৰু লিপষ্টিকক দোষ দিয়া বন্ধ কৰক। কাৰণ নিৰ্যাতনৰ আঁৰত নাৰীৰ দোষ নাই। মনে মনে সহ্য কৰাতো আটাইতকৈ ডাঙৰ দুৰ্বলতা। এজনে বিৰোধিতা কৰিব লাগিব তেতিয়া আনসকল আগবাঢ়ি আহিব। তেতিয়াহে আমি এনে সমস্যাৰ বিৰুদ্ধে থিয় দিব পাৰিম”।
বৰ্তমান সামাজিক মাধ্যমত ঐশ্বৰ্য ৰায়ৰ এই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে। বহু নেটিজনে তেওঁৰ প্ৰশংসা কৰিছে। বহুতে কৈছে যে, ঐশ্বৰ্যৰ এই বাৰ্তাই নাৰীৰ মন মজবুত কৰাৰ লগতে সাহস বৃদ্ধি কৰাত সহায় কৰিব।
অন্য খবৰ পঢ়কঃ বন্ধ দুৱাৰৰ আঁৰত কি আছিল? ধৰ্মেন্দ্ৰক শেষবাৰ দেখা কৰিব গৈ আচৰিত হৈ পৰিছিল মুমতাজ…