আমাৰ জীৱন কেৱল ছ’চিয়েল মিডিয়া নেকি? জানক কিয় এইদৰে ক’লে ঐশ্বৰ্য ৰায় বচ্চনে

ঐশ্বৰ্য ৰায় বচ্চনে বিশ্ববাসীৰ বাবে এক নতুন বাৰ্তা দিছে। এয়া নিজৰ মূল্য জনা আৰু ছ’চিয়েল মিডিয়া ট্ৰলিঙৰ ওচৰত হাৰ নামানিবলৈ...দীৰ্ঘদিনীয়া ব্ৰেণ্ড এম্বেছাদৰ ঐশ্বৰ্যক লৈ এটা বিজ্ঞাপন সংস্থাই শ্বেয়াৰ কৰিছে এটা নতুন ভিডিঅ’।

আমাৰ জীৱন কেৱল ছচিয়েল মিডিয়া নেকি? জানক কিয় এইদৰে কলে ঐশ্বৰ্য ৰায় বচ্চনে

কিয় ক'লে ঐশ্বৰ্য ৰায় বচ্চনে?

Published: 

20 Aug 2025 | 03:05 PM

বিশ্ববাসীৰ বাবে ঐশ্বৰ্য ৰায় বচ্চনৰ এক নতুন বাৰ্তা। নিজৰ মূল্য জানক আৰু ছ’চিয়েল মিডিয়া ট্ৰলিঙৰ ওচৰত হাৰ নামানিব… দীৰ্ঘদিনীয়া ব্ৰেণ্ড এম্বেছাদৰ ঐশ্বৰ্যক লৈ এটা বিজ্ঞাপন সংস্থাই শ্বেয়াৰ কৰিছে এটা নতুন ভিডিঅ’।

এই ব্ৰেণ্ড বাৰ্তা আজিৰ ডিজিটেল যুগত আত্ম-মূল্যবোধৰ ওপৰত আৱদ্ধ। ভিডিঅ’টোত খোলা চুলি আৰু বগা চাৰ্ট পিন্ধি অভিনেত্ৰীগৰাকীক আকৰ্ষণীয় দেখা গৈছে। তেওঁ কয়, “মই ইয়াৰ যোগ্য, কিন্তু প্ৰকৃততে ইয়াক কিহে নিৰ্ধাৰণ কৰে? পোষ্ট কৰা ফটোৰ ধৰণ? লাইকৰ সংখ্যা? নে ছ’চিয়েল মিডিয়াত দিয়া মন্তব্য? আমি এইবোৰক অত্যধিক ক্ষমতা দিছো নিজৰ মূল্য নিৰ্ধাৰণ কৰাত।”

“ছ’চিয়েল মিডিয়া আৰু সমাজৰ চাপৰ মাজত বিশেষ পাৰ্থক্য নাই। এগৰাকী মহিলা আৰু এগৰাকী মাতৃ হিচাপে ই মনক কিমান প্ৰভাৱিত কৰিব পাৰে সেয়া অতি চিন্তনীয়। স্পষ্টকৈ ক’বলৈ গ’লে প্ৰাপ্তবয়স্কসকলো প্ৰভাৱিত হয়। য’ত প্ৰতিটো লাইক আৰু কমেণ্ট মানুহৰ আত্মমূল্যৰ মাপকাঠী হৈ পৰে।”

তেওঁ লগতে কয়, “এইবোৰ এনেকৈ নচলিব। আমি এটা সিদ্ধান্ত ল’ব লাগিব। আহক আমি আমাৰ আত্ম-মূল্যবোধ আন ঠাইত বিচৰাটো বন্ধ কৰো — বিশেষকৈ ছ’চিয়েল মিডিয়াত। গুৰুত্বপূৰ্ণ সেইটোহে য’ত আপুনি নিজকে সময় দিয়ে। আত্মমূল্য আমাৰ ভিতৰত আছে, গতিকে নিজকে বিচাৰি উলিয়াওক। দাপোনৰ সন্মুখত যাওক আৰু কওক, ‘মই ইয়াৰেই যোগ্য।’ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল নিজক বিশ্বাস কৰক।”

যদিও নায়িকাগৰাকীয়ে বিজ্ঞাপনৰ স্বাৰ্থত এইবোৰ কথা কৈছিল, তথাপিও একাংশ অনুৰাগীৰ মতে তেওঁ নিজৰ জীৱনৰ মাজেৰে এই কথাবোৰ অনুভৱ কৰিছিল। কাৰণ, যোৱা কেইবছৰমানৰ পৰা ছ’চিয়েল মিডিয়াত তেওঁৰ ব্যক্তিগত জীৱন বহু চৰ্চাৰ বিষয় হৈ পৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব